শেহতীয়া আপডেটঃ

প্ৰথমটো বানত বৃহৎ অঞ্চল জলমগ্ন গহপুৰ নগৰ

গহপুৰত চত্ৰং নৈৰ বানৰ তাণ্ডৱ ::
বানে ছিঙি নিলে পথ ::
প্ৰথমটো বানত বৃহৎ অঞ্চল জলমগ্ন ::
এচ ডি আৰ এফ বাহিনীৰ উদ্ধাৰ অভিযান::
পথ নিৰ্মাণ সংস্থা DCC ধম বিধায়ক উৎপল বৰা ::

বিশ্বনাথ চাৰিআলি ১৮ মে

বছৰৰ প্ৰথমটো বানে উটুৱাই নিলে বিশ্বনাথ জিলাৰ বিভিন্ন স্থান পথ মথাউৰি।
বিশেষকৈ বিশ্বনাথ জিলাৰ
গহপুৰ নগৰৰ মাজেৰে বৈ যোৱা চত্ৰং নৈৰ মথাউৰিকলৈ আতংঙ্কিত হৈ পৰিছে সমগ্ৰ গহপুৰবাসী।

ইফালে প্ৰথমটো বানে গহপুৰ নগৰৰ ৮ নং ৱাৰ্ডৰ এটা পথ বানত ছিঙাৰ ফলত নগৰখনৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ পৰা লগতে বহু লোকৰ গৃহ বানত উটি যায়।

যোৱা কেইবাদিনো নেৰানেৰাকৈ হৈ থকা বৰষুণৰ ফলত বিগত বহু বছৰ ধৰি নগৰবাসীৰ চকুলো স্বৰূপ হোৱা চত্ৰং নৈয়ে কালৰূপ ধাৰণ কৰি আহিছে।

গহপুৰ নগৰৰ বানপানী দৃশ্য

চত্ৰং নৈৰ প্ৰবল সোঁতে গহপুৰ পৌৰসভাৰ অন্তৰ্গত ৮ নং ৱাৰ্ডৰ ৰে’ল লাইন সমীপত থকা এটা পকী পথ বাঢ়নী পানীয়ে ছিঙি নিয়াৰ ফলত বৃহৎ অঞ্চলটো বানৰ সৃষ্টি হোৱা লগতে বহু পৰিয়ালৰ সা-সম্পত্তি নষ্ট হৈ পৰা লগতে এই বাঢ়নী পানীত এগৰাকী বৃদ্ধ উঠি যায়। উল্লেখযোগ্য যে চত্ৰং নৈৰ মথাউৰিটো যিকোনো সময়তে বানে ছিঙি নিব পাৰে তাক লৈ গহপুৰবাসী আতঙ্কিত হৈ পৰিছে।

৮ নং ৱাৰ্ডৰ পথটো ছিঙি যোৱাত ৬ নং ৱাৰ্ডকে ধৰি বহুকেইটা অঞ্চলত বাঢ়নী পানী সোমাই বুৰাই পেলাইছে৷

গহপুৰ নগৰত উদ্ধাৰ অভিযান দৃশ্য

ইফালে গহপুৰ নগৰত বহু কেইটা অঞ্চল বাঢ়নী পানীয়ে বাট-পথ, ঘৰ-বাৰী বুৰাই পেলোৱাৰ ফলত ৰাইজৰ জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে৷ বিগত কেইবছৰৰ দৰে এইবাৰো বছৰৰ প্ৰথমটো বানতে উক্ত মথাউৰিটো ছিঙাৰ বাবে স্থানীয় ৰাইজে মথাউৰি নিৰ্মাণত আৰু পথ নিৰ্মাণৰ লগত জড়িত ঠিকাদাৰৰ কামৰ হেমাহিৰ বাবেই এই দৰে সঘনাই গহপুৰত বানপানী হয় বুলি অভিযোগ কৰিছে৷

উলেখযোগ্য যে নগৰখন বানৰ পৰা মুক্ত কৰিবৰ বাবে অসম চৰকাৰৰ জলসম্পদ বিভাগে চত্ৰং নৈৰ দুয়োপাৰে ১,৬৩৫ মিটাৰ পকী গাৰ্ড ৱাল নিৰ্মাণৰ বাবে ১৫ কোটি টকাৰ আবণ্টন দিছিল৷ ইফালে এই কামৰ শুভাৰম্ভ যোৱা ফেব্ৰুৱাৰী মাহত জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই উক্ত কামৰ শুভ উদ্বোধন কৰি তিনিমাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব বুলি সভাত ৰাইজক অৱগত কৰিছিল৷


ৰাইজে অভিযোগ কৰা মতে, দায়িত্বপ্ৰাপ্ত ঠিকাদাৰজনে লেহেম গতিত কাম কৰাৰ বাবে ১০ শতাংশ কামহে সম্পূৰ্ণ হোৱাত এনেদৰে নগৰবাসী পানীত বুৰ যাব লগা হৈছে৷ ইফালে নেৰানেপেৰাকৈ দি থকা বৰষুণৰ ফলত মহকুমাটোৰ পশ্চিম প্ৰান্তৰ বুৰৈ নদীৰ জলপৃষ্ট তীব্ৰ গতিত বাঢ়ি অহাত নৈৰ বালিচৰত কৰা শ শ বিঘা তৰমুজৰ খেতি পানীত বুৰ যায়৷

বৃহত্তৰ এলেকাত অৰ্ধ শতাধিক যুৱকে ঋণ লৈ কৰা তৰমুজ খেতিসমূহ পানীত ডুব যোৱাত খেতিয়কৰ সপোন চূড়মাৰ হৈ পৰিছে৷ হাহাকাৰ পৰিস্থিতি হোৱা হৈছে গহপুৰত।
ইফালে বানে ফলত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চত্ৰং নদীৰ ওপৰত থকা পথী দলং এটা ফালে খহনীয়াত যাহ যোৱাত এতিয়া সংকীত হৈ পৰিছে পথচাৰী। ইফালে খহনীয়া,বানপানী স্থান আজি বিশ্বনাথ জিলা উপায়ুক্ত আৰু বিধায়ক উৎপল বৰাই পৰিদৰ্শন কৰে।

বৰাই পৰিদৰ্শন কৰি বানপানী পিড়িত ৰাইজৰ সমস্যা বুজ লোৱা লগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিলাইন যুক্ত পথ নিৰ্মাণ সংস্থা DCC য়ে কোনো নীতি নিয়ম নমনাকৈ পথটো নিৰ্মাণ কৰাত এই খহনীয়া সৃষ্টি হোৱা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে। অভিযোগ পাই বিধায়ক উৎপল বৰাই চাৰিলাইন পথ নিৰ্মাণ সংস্থা DCC ক বিষয়া কৰ্মচাৰীক ধম দি কয় বিশ্বনাথৰ অতি পিছ পৰা সমষ্টি গহপুৰ সমষ্টি।
গতিকে আপোনালোকে ইউপি,বিহাৰৰ দৰে পথ নিৰ্মাণ কৰিলে নহ’ব ইয়াত। এই খন অসম হয় আৰু গহপুৰত কি কি সমস্যা হয় মই ভালকৈ জানোঁ ।
আপোনালোকে নাজানে
বুলি বিধায়ক গৰাকীৰ পথ নিৰ্মাণ সংস্থাটোক ধম দি তীব্ৰ গতিত নিৰ্মাণ কাম কৰিবলৈ নিৰ্দেশ দিয়ে বিধায়ক উৎপল বৰাই।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.