31.3 C
Guwahati
Saturday, September 20, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথতো জিলা কৃষি বিভাগ, কৃষি বীমা কোম্পানীৰ উদ্যোগত ‘পঞ্চম শস্য বীমা সপ্তাহ’প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা সন্দৰ্ভত বিশেষ সজাগতা শিবিৰৰ শুভ আৰম্ভ

    বিশ্বনাথ চাৰিআলি, ১ জুলাই : আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ১ জুলাইৰ পৰা ৭ জুলাই,২০২৩ তাৰিখলৈকে ৰাজ্যজুৰি আৰম্ভ হোৱা ‘পঞ্চম শস্য বীমা সপ্তাহ’ কাৰ্যসূচীৰ অংশস্বৰূপে আজি প্ৰথম দিনা বিশ্বনাথ জিলা কৃষি বিভাগৰ উদ্যোগত আৰু কৃষি বীমা (এগ্ৰিকালচাৰ ইঞ্চুৰেঞ্চ) কোম্পানীৰ সহযোগত প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা সন্দৰ্ভত বিশেষ সজাগতা শিবিৰৰ শুভ আৰম্ভ কৰা হয়।

    কাৰ্যসূচী অনুসৰি আজি প্ৰথম দিনা কলাবাৰী কৃষি চক্ৰৰ অধীনত পূৱ-ছয়দুৱাৰ উন্নয়ন খণ্ডত গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই এই বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

    এই শুভ আৰম্ভণি সভাত কৃষক ৰাইজৰ মাজত ‘প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা’ (PMFBY) আঁচনিখনৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ লগতে আঁচনিখনৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিস্তাৰিত ভাবে আলোচনা কৰা হয়। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে কেনেকৈ এজন কৃষকে নিজৰ খেতি বীমা কৰিব পাৰি বা তাৰ দ্বাৰা নিজৰ খেতি ডৰা সুৰক্ষিত কৰিব পাৰে তাৰ বিষয়ে বিতং ভাৱে ব্যাখ্যা আগবঢ়ায় গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক গৰাকীয়ে।

    শতাধিক কৃষক ৰাইজে অংশ গ্ৰহণ কৰা এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথ জিলা কৃষি বিষয়া দিব্যজ্যোতি ফুকন, পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰানা দ্বীপ চুতীয়া, কৃষি বিভাগৰ অন্য বিষয়া সকলৰ লগতে এগ্ৰিকালচাৰ ইঞ্চুৰেঞ্চ কোম্পানীৰ বিষয়ববীয়াসকল।

    উল্লেখযোগ্য যে অহা ৭ জুলাই পৰ্যন্ত বিশ্বনাথ কৃষি জিলাৰ অন্তৰ্গত গহপুৰ আৰু বিশ্বনাথ মহকুমাৰ বিভিন্ন উন্নয়ন খণ্ডত ‘ফচল বীমা সপ্তাহ’ৰ বিশেষ শিবিৰ অনুষ্ঠিত কৰা হ’ব বুলি জিলা কৃষি বিভাগৰ এক বিবৃতিত প্ৰকাশ।

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.