Thursday, May 29, 2025
26.5 C
Guwahati
TOP NEWS:

বিহালী প্ৰেছ ক্লাবৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিহালী প্ৰেছ ক্লাবৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

দিগন্ত কুমাৰ দাস বেদেতী,১ জানুৱাৰীঃ বিহালীৰ নাচবৰস্থিত বিমলা আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত আজি বিহালী প্ৰেছ ক্লাবৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি দিনযোৰাকৈ উদযাপন কৰা হয় ।
পুৱা প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে সভাপতি দীপক শৰ্মাই ।
স্মৃতি তৰ্পণ কাৰ্যসূচী আৰম্ভ কৰে বিমলা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ঊষা ঘিমিৰেই ।
তাৰ পাছতে ছাত্ৰ-ছাত্ৰীৰ মাজত আকস্মিক বক্তৃতা আৰু চিত্ৰাঙ্কণ প্ৰতিযোগিতা অনুষ্ঠিত হয় । আকস্মিক প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিবেচিত হয় ক্ৰমে ঋতুস্মিতা হাজৰিকা, ডিম্পী মাহাতু আৰু যুটীয়াভাৱে অঞ্জুমণি ওৰাং আৰু বিস্মিতা দেৱী ।
চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিবেচিত হয় ক্ৰমে নিকিতা তেলেঙা, পিণ্টু তেলেঙা আৰু আকাশী ওৰাং ।
বিচাৰক হিচাপে উপস্থিত থাকে দীপক শৰ্মা, দিলীপ তেলেঙা আৰু দিগন্ত কুমাৰ দাস । পৰিচালনা কৰে অম্লান কাশ্যপ চাহা, কৰণ শইকীয়া, ত্ৰিদিৱ দাস আৰু খগেন মটকে ।
দুপৰীয়াৰ পৰা অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে বিহালী প্ৰেছ ক্লাৱৰ সভাপতি দীপক শৰ্মাই । সভাৰ আঁ‌ত ধৰে সম্পাদক শ্ৰীমন্ত দাস আৰু প্ৰাক্তন সম্পাদক দিগন্ত কুমাৰ দাসে ।
আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য ৰাখে বিশ্বনাথ চাৰিআলিৰ সমাজকৰ্মী দিলীপ কাকতীয়ে । তেখেতে নিজৰ বক্তব্য প্ৰসঙ্গত ‘সাংবাদিক সকলে নীতি-আদৰ্শ বজাই ৰাখি, সত্য-নিষ্ঠ, যুক্তিসিদ্ধ, সমাজৰ উপকাৰী হোৱাকৈ বাতৰি পৰিৱেশন কৰিব লাগে বুলি কৈ, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ মৰ্যাদা অটুত ৰাখিবলৈকো আহ্বান জনায় ।
আন এগৰাকী অতিথি, প্ৰতিমা বৰুৱা পাণ্ডে বঁ‌টা প্ৰাপক বিনোদ খনালেও নিজৰ বক্তব্যত “বিহালীৰ সাংবাদিকে সদায় দহৰ উপকাৰী, সমাজৰ হিতসাধন কৰা, সত্যৰ ওপৰত প্ৰতিষ্ঠিত সংবাদ পৰিৱেশন কৰাটো আমি বিচাৰো আৰু তেতিয়াহে সাংবাদিকৰ দায়বদ্ধতা পৰিষ্কাৰ ৰূপত ফুটি উঠিব আৰু নতুন দিগন্তৰ সূচনা হ’ব” বুলি উল্লেখ কৰে ।
বিহালীৰ প্ৰাক্তন ছাত্ৰ নেতা, সমাজ সচেতন ব্যক্তি নিৰঞ্জন দাসেও বক্তব্য ৰাখি “সংবাদ সদায় নিৰপেক্ষ, নিঃস্বাৰ্থ ৰূপত পৰিৱেশন কৰিব লাগে, কিন্তু কাৰোবাক তোষামোদ কৰা, ভালৰি বোলোৱা, সমাজৰ বা অঞ্চলটোৰ অনিষ্টকৰ বাতৰি যুগুত কৰা বা প্ৰকাশ কৰাটো নিবিচাৰো ।
সুস্থ গণতন্ত্ৰৰ প্ৰতিষ্ঠাত এগৰাকী সাংবাদিকৰ যথেষ্ট ভূমিকা থাকে, যিটো আদৰণীয় ” বুলি কয় ।


সভাত বিহালীৰ সমাজ জীৱনলৈ যথেষ্ট বৰঙনি আগবঢ়োৱা, নিঃস্বাৰ্থ সমাজ সেৱী জয় কুমাৰ সুতাৰক আনুষ্ঠানিক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । সম্বৰ্ধনা গ্ৰহণ কৰি জয় কুমাৰ সুতাৰে বিহালী প্ৰেছ ক্লাৱৰ বিভিন্ন সমাজমুখী পদক্ষেপক ভূয়সী প্ৰশংসা কৰি “মোৰ দৰে এজন সাধাৰণ ব্যক্তিক এনেধৰণে সম্বৰ্দ্ধনা জ্ঞাপন কৰাটোত মই অতি আচৰিত হৈছোঁ” বুলি উল্লেখ কৰি “সাংবাদিকে সমাজ গঠনত বহু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে” বুলিও কয় । ৰাজহুৱা একাষাৰত অৱসৰপ্ৰাপ্ত শিক্ষক কীৰ্তি গোস্বামীয়ে বক্তব্য ৰাখি ‘সমাজ পৰিৱৰ্তনত সাংবাদিকে বহুখিনি বৰঙণি আগবঢ়াব পাৰে আৰু প্ৰকৃত সাংবাদিক সদায় সমাজৰ প্ৰতি দায়িত্বশীল, নীতিবোধ সম্পন্ন আৰু নিঃস্বাৰ্থ হৈ সেৱা আগবঢ়োৱা ব্যক্তি হ’ব লাগে’ বুলি কয় ।
পূৱ বিহালী শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক প্ৰতাপ ৰয়ে নিজৰ বক্তব্যত ‘সাংবাদিক এজন সমাজৰ অতন্দ্ৰ প্ৰহৰী হ’ব লাগে, যাতে সমাজৰ কিবা উপকাৰ হয়’ বুলিও কয় ।
কাৰ্যসূচীৰ মাজত বিজয়ী প্ৰতিযোগী সকলক পুৰস্কাৰ বিতৰণ কৰা হয় । এই কাৰ্যসূচী পৰিচালনা কৰাৰ লগতে শলাগৰ শৰাই আগবঢ়ায় বিহালী প্ৰেছ ক্লাৱৰ সম্পাদক শ্ৰীমন্ত দাসে । বিমলা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক কুলপ্ৰসাদ ভট্টৰায়ে সভাখন সামগ্ৰিক পৰিচালনাত সহযোগিতা আগবঢ়ায় ।
সভাত বিহালী প্ৰেছ ক্লাৱৰ প্ৰাক্তন উপসভাপতি ঘনশ্যাম বৰাল, বিশ্বনাথ জিলা প্ৰশাসনে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত সম্বৰ্দ্ধনা জনোৱা বিহালী প্ৰেছ ক্লাৱৰ পত্ৰিকা সম্পাদক তথা প্ৰাক্তন সহকাৰী সম্পাদক ৰোহিণী কৌড়িণ্যক সম্বৰ্ধনা জনোৱা হয় ।

 

সভাত প্ৰাক্তন ছাত্ৰ নেতা অমৰজ্যোতি ফুকন, অধীৰ সৰকাৰ, সমাজকৰ্মী দিলীপ তেলেঙা, মঃ আলি হুছেইন, গণেশ বৰা, সাহিত্যিক পেন্সনাৰ, অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষ্মীকান্ত শৰ্মাকে ধৰি কে’বাগৰাকীও গণ্যমান্য লোকে অংশগ্ৰহণ কৰে ।

- Advertisement -

Hot this week

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই শিক্ষাৰ্থীসকলৰ বাবে স্নাতকোত্তৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
24.4 ° C
24.4 °
24.4 °
95 %
2.5kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
27 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds