■ ৰাজশ্ৰী সেনাপতি গগৈ, ২০২৫ চনৰ ৮ ডিচেম্বৰত ভাৰতৰ বাবে বহুভাষিক সাহিত্য, কলা আৰু সংস্কৃতিৰ সামাজিক কামৰ সজাগতা আৰু বিকাশ বিভাগত স্বেচ্ছামূলকভাৱে কাম কৰাৰ বাবে ফ্ৰীলান্স এম্বেছাদৰ (আই এফ এ) হিচাপে নিযুক্তি লাভ কৰিছে।
ইতিপূৰ্বে অসমীয়াত নিজাকৈ চাৰিখন গ্ৰন্থ প্ৰকাশ কৰিছে। এখন ইংৰাজী ভাষাৰ অনুবাদ গ্ৰন্থ। আলবেনিয়াৰ পৰা ইংৰাজীৰ পৰা অসমীয়ালৈ ৰাজশ্ৰী সেনাপতি গগৈয়ে এখন সাহিত্যিক গ্ৰন্থ অনুবাদ কৰে। তেওঁৰ কবিতা ইটালী, আলবেনিয়ান, বাংলাদেশ, স্পেইন, বাৰ্চিলোনা, চীন, ফাতেহপুৰ, ফ্লৰিডা আদিৰ লগতে ইটালীৰ সংবাদ মাধ্যমতো প্ৰকাশ পাইছে। ৰাজশ্ৰী সেনাপতি গগৈৰ কবিতা চীনতো প্ৰকাশ পোৱাৰ লগতে চীনৰ পুথিভঁৰালতো প্ৰদৰ্শিত হৈছে। তেওঁৰ ৰচনাসমূহ বিভিন্ন ঠাইত প্ৰকাশ পায় আৰু তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো কাম কৰে। তেওঁৰ প্ৰবন্ধ আৰু কবিতা আজিলৈকে বহু আলোচনী আৰু বাতৰি কাকতত প্ৰকাশ পাইছে। দুই ,তিনিখন আলোচনীৰ সম্পাদনাও কৰিছে। শ্ৰীমদ্ভাগৱত গীতাৰ শ্লোকসমূহো সহজ অসমীয়া ভাষাত অনুবাদ কৰিছে।
যদিও তেওঁৰ মাধ্যম ইংৰাজী আছিল তেওঁ নিজেই মাতৃভাষাৰ প্ৰতি থকা প্ৰেমৰ বাবে অসমীয়াত কঠোৰ পৰিশ্ৰম কৰিছিল। তেওঁৰ সৰ্বোচ্চ লেখাবোৰ অসমীয়াৰ ওপৰত। অসমীয়াত কবিতা আৰু প্ৰবন্ধ প্ৰকাশ কৰিছে। অনুবাদক হিচাপে বিভিন্ন সাহিত্যিকৰ কবিতা ইংৰাজীত অনুবাদ কৰে। বিভিন্ন লেখকৰ ১৫০ টাতকৈও অধিক অসমীয়া কবিতা ইংৰাজীলৈ অনুবাদ কৰিছে৷ সাহিত্যৰ ক্ষেত্ৰত প্ৰদৰ্শিত হ’বলৈ ইংৰাজী আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুবাদ কৰি বহু কবিৰ কবিতাক উন্নীত কৰাৰ বাবে আলবেনিয়াৰ পৰা শান্তিৰ ৰাষ্ট্ৰদূত উপাধি লাভ কৰিছে। সমাজৰ উত্থানৰ বাবে বিভিন্ন সাহিত্য গোষ্ঠীৰ বাবে কাম কৰে। বিভিন্ন গোটত মডাৰেটৰ আৰু প্ৰশাসক হিচাপেও কাম কৰি সমাজলৈ কিছু যোগাত্মক বাৰ্তা প্ৰেৰণ কৰে।




