31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    ৱাৰিৱৰ্ছৰ বালিচাপৰি আঞ্চলিক সমিতি উদ্যোগত নাৰী দিৱস উদযাপন :

    ৱাৰিৱৰ্ছৰ বালিচাপৰি আঞ্চলিক সমিতি উদ্যোগত নাৰী দিৱস উদযাপন :

    সমগ্র ৰাজ্য লগতে মাজুলী জিলা ৱাৰিয়’ৰ্ছৰ অন্তৰ্গত বালিচাপৰি আঞ্চলিকে আজি নাৰী দিৱস উপলক্ষে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰে।

    এই কাৰ্য্যসূচীৰ অনুসৰি বালিচাপৰি আঞ্চলিকে সমাজৰ হৈ নি স্বাৰ্থ ভাৱে কাম কৰা যুৱতী, মহিলাক সম্বৰ্ধনা জনাই ।

    লগতে দৰিদ্ৰসীমা ৰেখাৰ তলৰ মেধাৱী ছাত্ৰী প্ৰিয়ংকা হাজৰিকাই চাহ , পকৰী- ঘুগুনিৰ দোকান দি নিজৰ পৰিয়াল পোহ পাল দি অহা মেধাৱী ছাত্ৰী গৰাকী কাষত উপস্থিত হয় ৱাৰিৱৰ্ছৰ সদস্য সদস্যা সকল । এই আদৰ্শবান যুৱতীগৰাকীক এখনি সুন্দৰ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৱাৰিৱৰ্ছৰ সদস্য সকলে ।

    ।ইয়াৰ পাছতে বোৱা – কটা, চিলায় কৰি একমাত্ৰ পুত্ৰ সন্তানৰ সৈতে অতি কষ্টৰে নিজৰ ঘৰ চলোৱা বিধৱা মহিলা মাধৱী মুদৈক গামোচাৰে সন্মান জনোৱা হয় আৰু শেষত আনৰ ঘৰৰ পথাৰত হাজিৰা, বোৱা কটা কৰি নিজে স্বাৱলম্বী হৈ পৰিয়াল চলোৱা মাকণ বৰাক সম্বৰ্ধনা জনোৱা হয়। কাৰ্যসূচীত উপস্থিত থাকে বালিচাপৰি আঞ্চলিকৰ উপদেষ্টা প্ৰীতিস্মিতা হাজৰিকা, সভানেত্ৰী অৱন্তী হাজৰিকা, উপ সভানেত্ৰী কবিতা হাজৰিকা, সহ: সম্পাদিকা মণীষা হাজৰিকা, জন সংযোগ সম্পাদিকা পিংকী বৰা আৰু সদস্যা গায়ত্ৰী হাজৰিকা।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds