31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস ‘দ্বিতীয়া’ উন্মোচন

    গুৱাহাটীঃ বিশিষ্ট সাহিত্য সমালোচক, অনাতাঁৰ শিল্পী, প্ৰয়াত অধ্যাপিকা ৰত্না দত্তৰ সোঁৱৰণত এখন সভা অলপতে ডিব্ৰুগড় চৌকিদিঙীৰ ডি আৰ ডি এ চৌহদৰ জাগৃতি আলোচনা কক্ষত বহু গুণমুগ্ধৰ উপস্থিতিত অনুষ্ঠিত হৈ যায়। ‘অভীক’, ‘দয়-কাও-ৰং একাডেমি’ আৰু ডিব্ৰুগড়ৰ ‘অনুৰণন’ৰ যৌথ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত কিছুদিন পূৰ্বে অসম ভিত্তিত আয়োজিত ৰত্না দত্ত সোঁৱৰণী দ্বিতীয় প্ৰাইজমানি প্ৰবন্ধ প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়। উল্লেখ্য যে ৰত্না দত্তৰ বিনিৰ্মিত উপন্যাস “কাৰেঙৰ লিগিৰী : এক সমালোচনাত্মক অধ্যয়ন” শীৰ্ষক বিষয়ত অনুষ্ঠিত প্ৰতিযোগিতাখনত সৰ্বমুঠ ২২ জন প্ৰতিযোগীয়ে ভাগ লৈছিল। প্ৰতিযোগিতাত কবিতা পাটগিৰীয়ে প্ৰথম, স্বাগতা মহন্তই দ্বিতীয় আৰু প্ৰাঞ্জল মহন বৰুৱাই তৃতীয় স্থান লাভ কৰে। তেনেদৰে আছিক আলী, জুৰি গোস্বামী, ৰাজেন দাস, মণীষা বৰা, আকাংক্ষা তামুলী আৰু নাঙমু বুঢ়াগোহাঁইক উদগনি বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে জ্যোতিপ্ৰসাদৰ কালজয়ী নাটক “কাৰেঙৰ লিগিৰী”ক প্ৰয়াত ৰত্না দত্তই দুঃসাহসেৰে সফল ভাৱে উপন্যাস ৰূপ দিছে। বিজয়ী প্ৰতিযোগী সকলক নগদ ধন, মানপত্ৰ, কিতাপৰ টোপোলা আৰু স্মাৰক প্ৰদান কৰা হয়।


    অনুষ্ঠানত প্ৰয়াত ৰত্না দত্তই ৰচনা কৰা প্ৰথম অসমীয়া লোককথা ভিত্তিক উপন্যাস “দ্বিতীয়া”ৰ নতুন সংস্কৰণ উন্মোচন কৰা হয়। এই সংস্কৰণত উপন্যাসখনৰ লগতে “দ্বিতীয়া”ৰ মূল্যায়ন সম্পৰ্কীয় ১২ টা প্ৰবন্ধ সন্নিবিষ্ট আছে। গ্ৰন্থখন প্ৰকাশ কৰিছে “অভীক “আৰু “দয় – কাও- ৰং ” এ আৰু সম্পাদনা কৰিছে টুনুজ্যোতি গগৈ আৰু প্রয়াত ৰত্না দত্তৰ ভগ্নী তথা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ জ্যেষ্ঠ বিষয়া স্বপ্না দত্ত ডেকাই। আনহাতে গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ বীৰেন বৰুৱাই। অনুষ্ঠানত “কাৰেঙৰ লিগিৰী” উপন্যাসৰ কিছু নিৰ্বাচিত অংশ পাঠ কৰে আত্ৰেয়ী বৰুৱাই আৰু সেই অংশৰেই জ্যোতিপ্ৰসাদৰ “কাৰেঙৰ লিগিৰী” নাটকৰ অংশৰ মঞ্চ অভিনয় প্ৰদৰ্শন কৰে “পথাৰ”এ।

    পৱিত্ৰ চেতিয়াৰ পৰিচালনাত অভিনয় কৰে কৌস্তভী সোণোৱাল, অৰিন্দম বৰবৰা আৰু লিপিকা বৰাই। সংগীত ব্যৱস্থাপনা আছিল বিৰাজ চুতীয়াৰ। আনহাতে অনুষ্ঠানটোৰ আঁত ধৰে মৈত্ৰেয়ী বৰুৱা ভৌমিকে। অনুষ্ঠানত স্বপ্না দত্ত ডেকাই “দ্বিতীয়া”ৰ নতুন প্ৰকাশ আৰু অসম ভিত্তিক প্ৰবন্ধ প্ৰতিযোগিতাৰ সবিশেষ অৱগত কৰে। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ইকবাল আহমেদ, প্ৰাক্তন অধ্যাপক আৰাধনা দত্ত, লেখক কুসুম গগৈ, অধ্যাপক ভূষণ জ্যোতি সন্দিকৈ, কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ শশী কান্ত শইকীয়া, অধ্যাপক স্বাতী কিৰণ আৰু সাংবাদিক যাদৱ গগৈকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। অনুষ্ঠানত ৰত্না দত্তৰ সৃষ্টি সম্পৰ্কে ভাষণ প্ৰদান কৰে অধ্যাপক অনিৰুদ্ধ দত্ত আৰু লেখক ৰীতা কোঁৱৰে।

    উল্লেখ্য যে অনুষ্ঠানটোৰ পৰিকল্পনা আছিল স্বপ্না দত্ত ডেকাৰ আৰু সহযোগিতা আগবঢ়াইছিল তেওঁৰ কন্যা জোনাকী কাশ্যপে। প্ৰতিযোগিতাখন আয়োজন কৰাত সহযোগিতা আগবঢ়াইছিল টুনুজ্যোতি গগৈয়ে। তেনেদৰে উপন্যাসখনৰ বেটুপাত অংকন কৰিছে সঞ্জীৱ বৰাই।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds