31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    ৰঙিয়াত মুক্তিযোদ্ধা শান্তিৰাম লহকৰৰ মৃত্যুতিথি উদযাপন

    ♦ ৰঙিয়াৰ পৰা প্ৰিন্স কাশ্যপঃ ৰঙিয়াৰ ৰণ্‌দিয়া সাহিত্য সভা (শতদল)ৰ উদ্যোগত ৰঙিয়াৰ মাজমজিয়াত অৱস্থিত ৺শান্তিৰাম লহকৰ স্মৃতি উদ্যানত আধুনিক ৰঙিয়া গঢ়োতা, স্বাধীনতা সংগ্ৰামী, শিক্ষাবিদ শান্তিৰাম লহকৰৰ ৪৫ সংখ্যক মৃত্যুতিথি উদযাপন কৰা হয়৷ ৰঙিয়াক আধুনিক কৰি যোৱা এই সিংহপুৰুষ গৰাকীৰ জীৱনৰ ওপৰত আলোকপাত কৰাৰ উদ্দেশ্যে আয়োজন কৰা স্মৃতিচাৰণ সভা খনৰ আঁত ধৰি আদৰণি ভাষণ আগবঢ়ায় ৰণ্‌দিয়া সাহিত্য সভাৰ সম্পাদক উজ্জ্বল ডেকাই৷

    শাখাৰ সভাপতি জয়ন্তজিত কলিতাই সভাপতিত্ব কৰা এই সভাখনত উপস্থিত থাকে প্ৰয়াত শান্তিৰাম লহকৰৰ জেষ্ঠ পুত্ৰ তৰুনসিংহ লহকৰ, নাতি লৰা দিপক সিংহ লহকৰ আৰু অলকেশ সিংহ লহকৰ লগতে আমন্ত্ৰিত অতিথি হিচাপে বক্তব্য আগবঢ়ায় ৰঙিয়াৰ জেষ্ঠ নাগৰিক শিল্পী পেন্সনাৰ নৰেন্দ্ৰ শৰ্মা, অৱসৰী অধ্যাপক পবিন কলিতা, ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ আৰু মহকুমাধিপতি দিপন বৰ্মন দেৱে৷

    উক্ত অনুষ্ঠানতে জ্যোতিৰ্ময় কলিতা, জ্যোতিষ কলিতা, মুকুল ভূঞা, প্ৰতুল ভুঞা, ৰঞ্জন উপাধ্যায়, বসন্ত ডেকা, হেমন্ত কলিতা, পংকজ কুমাৰ শৰ্মা, চফিউৰ ৰহমান, গৌৰীপ্ৰভা মহন্ত, সবিতা মজুমদাৰ, সুনিতা বৰ্মন, মোস্তাফা আহমেদ, খাইৰুল হুচেইন, মইনুল হক আৰু সুশীল ডেকাক শাখাৰ ফালৰ পৰা সম্বৰ্দ্ধনা আগবঢ়োৱা হয়।

    ৰঙিয়াৰ পশ্চিম সিতাৰাৰ নামতি সকলৰ দ্বাৰা নাম প্ৰসংগৰে শুভাৰম্ভ কৰা স্মৃতিচাৰণ সভাখনত মহকুমাধিপতি, পৌৰপতি আৰু উপস্থিত অতিথি সকলে ৰণ্‌দিয়া সাহিত্য সভাৰ এনে পদক্ষেপৰ শলাগ লৈ নতুন দায়িত্ব কিছু অৰ্পণ কৰে লগতে মহকুমাধিপতিয়ে নতুন প্ৰজন্মৰ বাবে সিংহপুৰুষ প্ৰয়াত শান্তিৰাম লহকৰৰ ওপৰত ৰচনা প্ৰতিযোগিতা, তেখেতৰ জীৱনৰ ওপৰত আলোচনী প্ৰকাশৰ মতপ্ৰকাশ কৰে। শেষত সভাপতি জয়ন্তজিত কলিতাই উক্ত অনুষ্ঠানৰ বাবে শান্তিৰাম লহকৰৰ পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰে লগতে উপস্থিত আটাইলৈ কৃতজ্ঞতা জনাই শলাগৰ শৰাই আগবঢ়ায়৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds