♦ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাতীৰ মহানুভৱতা। ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত নিজ গৰৈমাৰী গাওঁৰ নিবাসী ৰাজ কুমাৰ চাহানী দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ গুৱাহাটীস্থিত বি বৰুৱা কেন্সাৰ হস্পিতালত চিকিৎসাধীন হৈ আছিল। এই অসহায় লোক জনক সহায় কৰিবলৈ আগবাঢ়ি আহিল ৰঙাপৰা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক কৃষ্ণ কমল তাঁতী। দুৰাৰোগ্য কৰ্কট ৰোগত আক্রান্ত ৰাজ কুমাৰ চাহনীৰ উন্নত চিকিৎসা কৰিবলৈ যোগাৰ কৰিব পৰা নাছিল ধনৰ। আৰ্থিক ভাৱে সংকটত ভোগা পৰিয়ালটিৰ খবৰ পাই কালি ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী গুৱাহাটীস্থিত বি বৰুৱা কেনচাৰ হস্পিতালত উপস্থিত হৈ পৰিয়ালটিৰ খবৰ লয় আৰু মুখ্যমন্ত্ৰী সাহাৰ্য্য পূজিৰ পৰা ৫০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্য ৰাজ কুমাৰ চাহনীৰ পত্নীৰ হাতত অৰ্পণ কৰে। আৰ্থিক সংকটৰ বাবে ৰাজ কুমাৰ চাহনীয়ে যোগাৰ কৰিব পৰা নাছিল উন্নত চিকিৎসাৰ। বিধায়ক তাঁতীৰ এনে ধৰণৰ কৰ্মৰ ৰাইজে ভূয়সী প্ৰশংসা কৰে।
ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীৰ মহানুভৱতাঃ দুৰাৰোগ্য কৰ্কট ৰোগীক প্ৰদান কৰিলে আৰ্থিক সাহাৰ্য্য
আৰ্থিক ভাৱে সংকটত ভোগা পৰিয়ালটিৰ খবৰ পাই কালি ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী গুৱাহাটীস্থিত বি বৰুৱা কেনচাৰ হস্পিতালত উপস্থিত হৈ পৰিয়ালটিৰ খবৰ লয় আৰু মুখ্যমন্ত্ৰী সাহাৰ্য্য পূজিৰ পৰা ৫০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্য ৰাজ কুমাৰ চাহনীৰ পত্নীৰ হাতত অৰ্পণ কৰে।
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations



