Wednesday, August 13, 2025
25.8 C
Guwahati
TOP NEWS:

ৰঙাপৰাত নির্মাণকার্য চলি থকা উৰণীয়া সেতু মালতী ওৰাং(মাংৰি মেম)ৰ নামত নামাকৰণ দাবী

● ৰঙাপৰাত নিৰ্মাণাধীন উৰণীয়া সেতু মালতি ওৰাং(মাংৰি মেম)ৰ নামেৰে নামাকৰণ কৰিবলৈ আৰু লগতে বিভিন্ন দাবীৰে শ্ৰম কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণক স্মাৰক পত্ৰ প্ৰদান

- Advertisement -

■ ৰঙাপৰাত নিৰ্মাণাধীন উৰণীয়া সেতু মালতি ওৰাং(মাংৰি মেম)ৰ নামেৰে নামাকৰণ কৰিবলৈ দাবী জনায় অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই কালি অসম চৰকাৰৰ শ্ৰম আৰু কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণক স্মাৰক পত্ৰ প্ৰদান কৰে।তেজপুৰ আৱৰ্ত ভৱনত ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাতীৰ উপস্থিতিত আটছাৰ তেজপুৰ শাখাৰ ভাৰপাপ্ত সভাপতি নমেশ ওৰাং আৰু সম্পাদক পংকজ নায়কে মন্ত্ৰী সঞ্জয় কিষাণক বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

ভাৰপাপ্ত সভাপতি নমেশ ওৰাংয়ে নিৰ্মাণাধীন উৰণীয়া সেতু মালতি ওৰাং(মাংৰি মেম)ৰ নামেৰে নামাকৰণ, ৰঙাপৰা মহাবিদ্যালয়ত চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীৰ বাবে অতি শীঘ্ৰে আৱাসিক গৃহ নিৰ্মাণ, তেজপুৰ শাখাৰ অন্তৰ্গত বাগিচা সমুহত নিৰ্মাণ হৈ থকা হাইস্কুল সমূহত চাহ জনগোষ্ঠীৰ ছাত্র ছাত্ৰীক তৃতীয় আৰু চতুৰ্থ বিভাগত সংস্থাপন আৰু আই টি আই কলেজত স্থানীয় চাহ জনগোষ্ঠীৰ ছাত্র ছাত্ৰীক তৃতীয় আৰু চতুৰ্থ বিভাগত সংস্থাপন দিবলৈ দাবী জনাই মন্ত্ৰী গৰাকীক স্মাৰক পত্ৰ প্ৰদান কৰা বুলি সংবাদ মাধ্যমক অৱগত কৰে।

সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বত আতংক ৰূপে ধাৰণ কৰা কৰণা মহামাৰীয়ে ৰাজ্যৰ সমুহ চাহ বাগিচাত এক বিকট ৰূপ ধাৰণ কৰা হেতুকে উক্ত দাবী সমুহৰ ওপৰত দৃষ্টি ৰাখি সমগ্ৰ চাহ জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়ন আৰু উত্তৰণৰ বাবে কৰিবলগীয়া কিছু সমস্যাৰ সমাধান কৰিবলৈ তেওঁ চৰকাৰক আহ্বান জনায়।

Hot this week

গুৱাহাটীত নাৰিকল উন্নয়ন ব’ৰ্ডৰ উদ্যোগত কাৰিকৰী সমৃদ্ধি

■ গুৱাহাটীস্থিত আঞ্চলিক নাৰিকল উন্নয়ন ব'ৰ্ডৰ উদ্যোগত ৮ আগষ্ট...

মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণ মুকলি

  গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত কেন্দ্রীয় উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত...

এনএছইউআইৰ নতুন সভাপতি কৌশিক কাশ্যপৰ দায়িত্ব গ্ৰহণ

ৰাজীৱ ভৱনত মাৰাথন কাৰ্যসূচীত ব্যস্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ...

ASSAM RIFLES CELEBRATES WORLD TRIBAL DAY IN TAMENGLONG, MANIPUR

Assam Rifles celebrated World Tribal Day in New...

ৰাজ্যৰ ১০ লাখ কন্যা শিক্ষাৰ্থীৰ সুবিধাৰ্থে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি

উচ্চ শিক্ষা আহৰণৰ দিশত ৰাজ্যৰ ১০ লাখ কন্যা শিক্ষাৰ্থীৰ...

Topics

গুৱাহাটীত নাৰিকল উন্নয়ন ব’ৰ্ডৰ উদ্যোগত কাৰিকৰী সমৃদ্ধি

■ গুৱাহাটীস্থিত আঞ্চলিক নাৰিকল উন্নয়ন ব'ৰ্ডৰ উদ্যোগত ৮ আগষ্ট...

এনএছইউআইৰ নতুন সভাপতি কৌশিক কাশ্যপৰ দায়িত্ব গ্ৰহণ

ৰাজীৱ ভৱনত মাৰাথন কাৰ্যসূচীত ব্যস্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ...

ASSAM RIFLES CELEBRATES WORLD TRIBAL DAY IN TAMENGLONG, MANIPUR

Assam Rifles celebrated World Tribal Day in New...

মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণ মুকলি

  গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত কেন্দ্রীয় উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত...

বেদখলৰ বিৰুদ্ধে উচ্ছেদৰ সমৰ্থনত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্যঃ

'আমাৰ বনাঞ্চলত কোনো বে-আইনীভাবৱে বহিব নোৱাৰিব। অবৈধ বে-দখলৰ বিৰুদ্ধে...

উচ্চতৰ শিক্ষা আৰু SCERTৰ বাবে আবেদন পত্ৰ বিতৰণ

◊ আজি উচ্চতৰ শিক্ষা আৰু SCERTৰ বাবে আবেদন পত্ৰ...

Related Articles

Popular Categories

Assam
overcast clouds
25.8 ° C
25.8 °
25.8 °
91 %
0.9kmh
100 %
Wed
29 °
Thu
30 °
Fri
32 °
Sat
32 °
Sun
26 °