31.3 C
Guwahati
Saturday, October 18, 2025
More

    শেহতীয়া আপডেটঃ

    ৰংজুলিত পথ দুৰ্ঘটনাঃ নিহত কৃষ্ণাইৰ যুৱকঃ ভেলাখামৰত শোকৰ ছাঁ

    ● কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ●

    গোৱালপাৰা জিলাৰ ৰংজুলিত কালি নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱক নিহত হোৱাৰ বিপৰীতে আন এজন লোক আহত হয়৷

    জানিব পৰা মতে, এএছ১৮ই ৯০৩০ নম্বৰৰ গ্ৰেণ্ড আই টেন বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰংজুলি টিপলাই পথৰ সমীপত পথৰ কাষৰ গছত খুন্দিওৱাৰ ফলতে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

    দুৰ্ঘটনাটোত জীৱন কৃষ্ণ ৰায় নামৰ এজন যুৱক থিতাতে নিহত হোৱাৰ বিপৰীতে মন্টু কুমাৰ নাথ নামৰ লোক জন গুৰুতৰ ভাৱে আহত হয়।

    নিহত যুৱক জনৰ ঘৰ কৃষ্ণাইৰ ভেলাখামাৰ গাঁৱত৷ ঘটনাৰ বিৱৰণী অনুসৰি, কালি দুধনৈৰ কাপোৰ ব্যৱসায়ী  তথা কাৰিপাৰা নিৱাসী মন্টু কুমাৰ নাথে নিজ প্ৰতিষ্ঠানৰ কৰ্মচাৰী জীৱন কৃষ্ণ ৰায়সহ গুৱাহাটী ফেন্সীবজাৰৰ পৰা ওভতাৰ পথতে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

    ইফালে আজি এক শোকাকুল পৰিবেশত নিহত জীৱন কৃষ্ণ ৰায়ৰ শেষকৃত্য কৃষ্ণাইৰ শ্মশানত সম্পন্ন কৰা হয়। উল্লেখ্য যে তিনিমাহ আগতে নিজ মাতৃক হেৰুওৱা জীৱন কৃষ্ণ ৰায়ে মৃত্যুৰ সময়ত নিজ পত্নী, এটি কনমাণি সন্তান আৰু ৰুগীয়া পিতৃক ইহসংসাৰত এৰি থৈ যায়৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.