31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    হকাৰ ৰাজু জোৱাদ্দাৰ, ই এম দিগন্ত বৰুৱা, সমাজসেৱক অৰ্জুন দৈমাৰীলৈ টংলা প্ৰেছ ক্লাবৰ বঁটা প্ৰদান

    ধনেশ্বৰ ৰাভা সোঁৱৰণী সাংবাদিককতা বঁটা মঙলদৈৰ গণেশ দত্তলৈ

    ♦ টংলাৰ পৰা চিন্ময় ডেকাঃ টংলা প্ৰেছ ক্লাবৰ উদ্যোগত, কচাৰীতল গাঁও উন্নয়ন সমিতি আৰু কচাৰীতল অৰুণজ্যোতি সংঘৰ সহযোগত আজি সাংবাদিক, সমাজসেৱক ধনেশ্বৰ ৰাভাৰ তৃতীয় বাৰ্ষিক মৃত্যু দিৱস উদযাপন কৰা হয়। এই উপলক্ষে কচাৰীতল অৰুণজ্যোতি সংঘৰ প্ৰাংগনত দিনৰ ১১.৩০ বজাত অৱসৰপ্ৰাপ্ত শিক্ষক দণ্ডিৰাম ৰাভাই বন্তি প্ৰজ্বলন কৰাৰ পিছতে ধনেশ্বৰ ৰাভাৰ পুত্ৰ বিকি ৰাভা, কন্যা কমললোচনা ৰাভা, নিখিল ৰাভা মহিলা পৰিষদৰ সহকাৰী সম্পাদিকা ৰশ্মিৰেখা ৰাভা, আপকুৰ ওদালগুৰি জিলা সমিতিৰ প্ৰাক্তন সম্পাদক ধীৰেণ মহলীয়া, জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ শৰ্মা, অৰুণজ্যোতি সংঘৰ বিষয়ববীয়া আদিয়ে মাল্যাৰ্পণ কৰে।

    ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি, জেষ্ঠ সাংবাদিক গৌৰীশংকৰ দাসৰ সভাপতিত্বত হোৱা মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠান উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক, দ্যা আসাম ট্ৰিবিউন কাকতৰ কলাইগাঁৱৰ সাংবাদিক জয়ন্ত কুমাৰ দাসে।

    উদ্বোধনী ভাষণত জয়ন্ত কুমাৰ দাসে, ধনেশ্বৰ ৰাভা অকল সাংবাদিকেই নাছিল, তেওঁ আছিল এজন দক্ষ সমাজ সংগঠক। নিজৰ জন্মগাঁও কচাৰীতলক সৰ্বদিশে আগবঢ়াই নিবলৈ কৰিছিল চেষ্টা। আনকি টংলাৰ দৰে সৰু ঠাইৰ পৰা তেওঁ সম্পাদনা কৰি বাতৰি কাকত উলিয়াইছিল। এনে এজন সমাজহিতৈষীৰ স্মৃতি যুগমীয়া কৰিবলৈ টংলা প্ৰেছ ক্লাবে প্ৰতিবছৰে যি বঁটা দিয়াৰ কাৰ্যসূচী লৈছে, সেয়া সঁচাই প্ৰশংসনীয়।

    টংলা প্ৰেছ ক্লাবৰ সভাপতি ফটিক নন্দন ৰাভাই আঁত ধৰা আৰু সম্পাদক অৰূপ বড়োৱে উদ্দেশ্য ব্যাখ্যা কৰা এই সভাত সাংবাদিক ধনেশ্বৰ ৰাভা সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান কৰে অসমীয়া প্ৰতিদিন কাকতৰ মঙলদৈৰ বিশেষ সংবাদদাতা গণেশ দত্তলৈ। এই বঁটাত আছে ৰাভা জনগোষ্ঠীৰ এখন পাজাৰ, ফুলাম জাপি, স্মাৰক আৰু সম্বৰ্ধনাপত্ৰ। বঁটা গ্ৰহণ কৰি সাংবাদিক গণেশ দত্তই কয় যে, এই বঁটা লাভ কৰি আজি মই কিছু আবেগিক হৈ পৰিছো। কিয়নো ভাতৃপ্ৰতীম সাংবাদিক ধনেশ্বৰ ৰাভাৰ লগত কটোৱা মধূৰ সময়কণলৈ আজি বৰকৈ মনত পৰিছে। উল্লেখ্য যে, ক’ভিড কালত কম বয়সতে ইহসংসাৰ ত্যাগ কৰিছিল ধনেশ্বৰ ৰাভাই।

    অনুষ্ঠানত টংলা অঞ্চলৰ বাতৰি কাকতৰ হকাৰ ৰাজু জোৱাদ্দাৰ, বিটিচিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা আৰু যুৱ নেতা অৰ্জুন দৈমাৰীক প্ৰদান কৰা হয় ধনেশ্বৰ ৰাভা সোঁৱৰণী সমাজকৰ্মী বঁটা।

    অনুষ্ঠানত টংলাৰ সত্যৰাম বেৰিয়াকো বঁটা প্ৰদান কৰাৰ কথা আছিল যদিও অসুস্থতাৰ বাবে বেৰিয়া সভাত উপস্থিত থাকিব নোৱাৰিলে। নিশা ৰাভাই গীত পৰিবেশন কৰা এই সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ অঞ্চলটো ৫ গৰাকী ছাত্ৰ ছাত্ৰী ক্ৰমে – দিব্যজ্যোতি ৰাভা, ভাস্বতী ৰাভা, সীমান্ত ৰাভা, হিয়ামণি ৰাভা আৰু কাবেৰী ৰাভাক অভিনন্দন জ্ঞাপন কৰা হয়।

    সভাত সমাজসেৱক সোনেশ্বৰ ৰাভা, আদিত্য ৰাভা,পদুম ৰাভা, বেলিৰাম ৰাভা, ভাৰত চন্দ্ৰ ৰাভা, নিৰূপম ৰাভা, স্বৰ্ণজ্যোতি ৰাভা, নিপম ৰাভা, বিপুল ৰাভা, প্ৰবীণ ৰাভা, শিল্পী লক্ষ্যহীৰা চহৰীয়া, বলেন্দ্ৰ চহৰীয়া, সাংবাদিক প্ৰফুল্ল বড়ো, প্ৰাণজিৎ মহন্ত, অমৰজিত ৰাভা, কৰ্ণেশ্বৰ ডেকা, ৰিপুঞ্জয় নাথ, বিপুল হাজৰিকা, নিপু কাকতি, জেমচ মুণ্ডা, চিন্ময় ডেকা, বিকাশ ৰাভা, হৃদয়ানন্দ ৰাভা আদিকে ধৰি শতাধিক লোক উপস্থিত থাকে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds