31.3 C
Guwahati
Friday, November 14, 2025
More

    শেহতীয়া আপডেটঃ

    সৰ্বস্তৰৰ ৰাইজৰ অভূতপূৰ্ব মতদান এনডিএ-ৰ পক্ষত, অক্ষত অগপৰ দুৰ্গ বঙাইগাওঁ

    গুৱাহাটীঃ অসম বিধানসভাৰ উপ-নিৰ্বাচনৰ আজি ঘোষিত ফলাফলত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ সৰ্বাংগীণ উন্নয়ন আৰু কল্যাণকামী নীতিৰ প্ৰতি ৰাইজৰ অটুট থকা আস্থা আৰু সমৰ্থন আকৌ এবাৰ প্ৰতীয়মান হ’ল।

    বঙাইগাঁৱৰ জনসাধাৰণে অসম গণ পৰিষদৰ প্ৰতি থকা মৰম-আস্থা পুনৰবাৰ প্ৰতিপন্ন কৰিলে আজি ঘোষণা কৰা অসম বিধানসভাৰ উপ-নিৰ্বাচনৰ ফলাফলত। অসম গণ পৰিষদৰ দুৰ্গস্বৰূপ বঙাইগাঁও বিধানসভা সমষ্টিৰপৰা এনডিএ মিত্ৰজোঁটৰ সমৰ্থিত আৰু অগপৰ মনোনীত প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে বৃহৎ জয় সাব্যস্ত কৰে। এই আনন্দৰ ক্ষণত দীপ্তিময়ী চৌধুৰী লগতে বঙাইগাঁওবাসী ৰাইজলৈ অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই আন্তৰিক অভিনন্দন তথা কৃতজ্ঞতা জনায়। সভাপতি বৰাই কয় যে, এই জয়ে অসমৰ জনসাধাৰণ যে আঞ্চলিকতাবাদ তথা অসম গণ পৰিষদ দলৰ লগত আছে সেয়া পুনৰবাৰ প্ৰমাণ কৰিলে। বৰাই লগতে বঙাইগাঁৱৰ জনসাধাৰণে যে এনডিএ-ৰ বিকাশযাত্ৰাক নিৰৱচ্ছিন্নভাৱে আগবাঢ়ি যোৱাটো বিচাৰে, সেয়াই পুনৰবাৰ পতিয়ন নিয়ালে। কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই উন্নয়নৰ ধাৰা অব্যাহত ৰাখি অনাগত দিনত দীপ্তিময়ী চৌধুৰীয়ে বঙাইগাঁও সমষ্টিবাসীক আগুৱাই লৈ যাব বুলি মন্তব্য কৰে।

    তদুপৰি, এই নিৰ্বাচনত এনডিএ-ৰ প্ৰাৰ্থীসকলৰ বিজয় সুনিশ্চিত কৰাত সহায়-সহযোগ আগবঢ়োৱাৰ বাবে বঙাইগাঁও, বিহালী, ধলাই, চিদলী আৰু চামগুৰি সমষ্টিবাসী ৰাইজলৈ অগপৰ মাননীয় সভাপতি শ্ৰী অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি শ্ৰী কেশৱ মহন্ত ডাঙৰীয়াই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। এই বিজয়ৰ জৰিয়তে অসমৰ জনসাধাৰণে এনডিএ-ৰ উন্নয়ন, কল্যাণ আৰু সুশাসনৰ প্ৰতি নিৰন্তৰ সমৰ্থনৰ দৃশ্যপট দাঙি ধৰিলে বুলিও মন্তব্য কৰে সভাপতি বৰাই।

    দীপ্তিময়ী চৌধুৰী, দিগন্ত ঘটোৱাল, নিহাৰ ৰঞ্জন দাস, নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু দীপ্লু ৰঞ্জন শৰ্মাক এই বিজয়ৰ বাবে সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। লগতে নিজ নিজ সমষ্টিৰ জনসাধাৰণৰ সেৱাৰ যাত্ৰাত অনাগত সময়ছোৱাত প্ৰাৰ্থীসকলে নিষ্ঠাৰে আৰু উৎসৰ্গিত মনোভাবেৰে আগবাঢ়ি যোৱাৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰে।
    লগতে এনডিএ-ৰ কৰ্মকৰ্তাসকলে নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত যি কষ্ট স্বীকাৰ কৰিলে, তাৰ বাবেও অতুল বৰা আৰু কেশৱ মহন্তই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds