31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    সাহিত্যক সমাজ আৰু ৰাষ্ট্ৰৰ হিতৰ হকে উপযুক্তভাবে ব্যৱহাৰ কৰা উচিতঃ ড০ অংশু যোশী

    প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ দ্বিতীয় দিনৰ সফল সামৰণি
    প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২৩ ৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত সাহিত্য বিষয়ক একাধিক আলোচনা, গ্ৰন্থ উন্মোচন আদি আকৰ্ষণীয় অনুষ্ঠানৰ লগতে লেখকৰ সৈতে কথোপকথন শীৰ্ষক এক মনোগ্ৰাহী অনুষ্ঠান আয়োজিত হয়। বিশিষ্ট লেখিকা-গৱেষিকা ড০ নম্ৰতা পাঠকৰ সঞ্চালনাত অনুষ্ঠিত লেখকৰ সৈতে কথোপকথনত অংশ লৈ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ স্কুল অৱ ইন্টাৰনেচনেলৰ অধ্যাপিকা ড০ অংশু যোশীয়ে ভুৱা ধৰ্ম নিৰপেক্ষতা, লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ মন্তব্য প্ৰদান কৰে।

    ‘জে এন ইউ মে এক লড়কী ৰেহতী থী’ শীৰ্ষক ড০ অংশু যোশীৰে বহু পঠিত উপন্যাসখনক লৈ আগবঢ়া এই আলোচনাত ড০ নম্ৰতা পাঠকৰ কৌতূহলঊদ্দীপক প্ৰশ্নৰ উত্তৰত লেখিকা গৰাকীয়ে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত মাৰ্ক্সবাদ, সমাজবাদৰ নামত চলা ভণ্ডামী উদঙাই দিয়ে। উক্ত উপন্যাসখনৰ পটভূমি আৰু চৰিত্ৰ সমূহ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰাই বুটলি অনা বুলি উল্লেখ কৰি দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠানখনৰ ভিতৰত চ’ৰাক লৈ লেখিকা গৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। জেএন ইউত দীৰ্ঘ দিনৰ পৰা খোপনি পোতা বাওঁপন্থী ভাৱধাৰাৰ ছাত্ৰ আৰু শিক্ষকসমাজৰ বাবেই বিশ্ববিদ্যালয়খনত নৈতিক স্খলন ঘটিছে। যুৱ প্ৰজন্মৰ প্ৰতি ড০ যোশীৰ আহ্বান-কি ভুল, কি শুদ্ধ সেইয়া বিচাৰ কৰিবলৈ শিকক। জে এন ইউ ভুৱা ধৰ্ম নিৰপেক্ষ, লাভ জেহাদীৰ ‘গড়’ স্বৰূপ। ‘ভুৱা ধৰ্ম নিৰপেক্ষতা সন্দৰ্ভত সমাজত আলোচনা হোৱা উচিত’- মন্তব্য ড° অংশু যোশীৰ। নৱ প্ৰজন্মৰ লেখক লেখিকা সকলক সমাজৰ প্ৰতি দায়িত্বশীল হ’বলৈ আহ্বান জনাই ড০ যোশীয়ে সমাজৰ হিত সাধক উদ্দেশ্য লৈ লিখা-মেলা কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। সাহিত্যৰ জৰিয়তে নৱ প্ৰজন্মই ভাগ লওক ৰাষ্ট্ৰ নিৰ্মাণত-আহ্বান ড° অংশু যোশীৰ। কেবালানীও সত্ৰ আলোচনা সাহিত্য উৎসৱ থলীত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ থলী আজি ব্যস্ততা পূৰ্ণ ভাবে পাৰ হয়। পুৱাৰ ভাগত দুটাকৈ সমান্তৰাল সত্ৰ আলোচনা আয়োজিত হয়। ‘চলচ্চিত্ৰ লেন্সৰ জৰিয়তে অসম’ শীৰ্ষক সত্ৰ আলোচনাখন সঞ্চালনা কৰে চলচ্চিত্ৰ সমালোচক বিতোপন বৰবৰাই আৰু এই আলোচনাত সমল ব্যক্তি হিচাপে অংশ লয় প্ৰসিদ্ধ অভিনেত্ৰী মলয়া গোস্বামী, বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা মঞ্জু বৰা, চলচ্চিত্ৰ বিষয়ক লেখক অংকন ৰাজকুমাৰ, আৰু চিত্ৰ নিৰ্মাতা কংকন ডেকাই।

    ‘সমকালীন অসমীয়া সাহিত্যত ঐতিহ্য আৰু পৰম্পৰা’ শীৰ্ষক আনখন সত্ৰ আলোচনা অধ্যাপক ড° বিভাষ চৌধুৰীৰ সঞ্চালনাত অনুষ্ঠিত হয়। এই আলোচনাত সমল ব্যক্তি হিচাপে অংশ লয় বিশিষ্ট লেখক ধীৰেন শৰ্মা, গৱেষক ভাস্কৰ জ্যোতি শৰ্মা আৰু সু-লেখিকা মনিকা দেৱীয়ে। বিয়লিৰ ভাগত গ্ৰন্থ উন্মোচন অনুষ্ঠানত প্ৰৱন্ধ আৰু কবিতাৰ কেবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। বিয়লিৰ ভাগতে বিশিষ্ট প্ৰকৃতি সংৰক্ষক সৌম্যদ্বীপ দত্তৰ সঞ্চালনাত অনুষ্ঠিত হয় ‘সমসাময়িক প্ৰকৃতি লিখনি’ শীৰ্ষক এক মনোজ্ঞ আলোচনা।

    জনপ্ৰিয় সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, লেখিকা ড° ভাৰতী দত্ত, সাংবাদিকদ্বয় নৱ ঠাকুৰীয়া আৰু পংকজ কুমাৰ দত্তই। বিশিষ্ট অনুবাদক বিপুল দেউৰীৰ সঞ্চালনাত ইন্দ্ৰানী লস্কৰ, মিত্ৰা ফুকন, ড° নীলমোহন ৰায় আদিৰ দৰে আগশাৰীৰ লেখকবৃন্দই ‘আঞ্চলিক ভাৰতীয় সাহিত্য-অনুবাদত হেৰাই যোৱা আৰু পোৱা’ শীৰ্ষক সত্ৰ আলোচনাত ভাগ লয়। ভাৰতৰ ইতিহাস আৰু সংস্কৃতি বিষয়ক প্ৰাইজমানী কুইজ প্ৰতিযোগিতা সন্ধিয়াৰ ভাগত অনুষ্ঠিত হয়।

    কাইলৈ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ সামৰণি পৰিব। সামৰণিৰ দিনটোত ‘গীতাচাৰ্য’ পুৰন্দৰ বৰুৱাৰ সঞ্চালনাত ‘ভাৰতৰ নৱ বৈষ্ণৱ ধৰ্ম আৰু শংকৰদেৱ’ শীৰ্ষক এক গুৰুত্বপূৰ্ণ সত্ৰ আলোচনা হ’ব, য’ত বিশিষ্ট বৈষ্ণৱ পণ্ডিত, সত্ৰাধিকাৰ ড০ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীয়ে সমল ব্যক্তি হিচাপে অংশ লোৱাটো নিশ্চিত কৰা হৈছে। লগতে থাকিব ‘সত্ৰ-বন্ধু’ হিচাপে পৰিচিত গৱেষক ড০ অমলেন্দু চক্ৰৱৰ্তী। বহুভাষিক কবিতা সন্মীলনখনো কাইলৈ অনুষ্ঠিত হ’ব। বিয়লি ৪ বজাৰ পৰা হ’ব লগীয়া সামৰণি অনুষ্ঠানত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ সমুদ্ৰ গুপ্ত কাশ্যপ আৰু বিশিষ্ট লেখক দিগন্ত বিশ্ব শৰ্মাই অংশ ল’ব।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds