31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    সদৌ অসম কবি সন্মিলন লক্ষীমপুৰ জিলাৰ পিছলা শাখাৰউদ্যোগত কবিতা পাঠ অনুষ্ঠান সম্পন্ন

    সদৌ অসম কবি সন্মিলন লক্ষীমপুৰ জিলাৰ পিছলা শাখাৰউদ্যোগত কবিতা পাঠ অনুষ্ঠান সম্পন্ন

     যোৱা ২৫ ডিছেম্বৰত দিনৰ ১১ বজাত সদৌ অসম কবি সন্মিলন,লক্ষীমপুৰ জিলাৰ পিছলা শাখাৰ উদ্যোগত খেৰাজখাত জুনিয়ৰ কলেজ প্ৰাংগনত এখনি কবিতা পাঠ অনুষ্ঠানৰ লগতে লক্ষীমপুৰ জিলা কবি সন্মিলনৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। 
    খেৰাজখাত জুনিয়ৰ কলেজৰ? তিনি শিক্ষাৰ্থী চয়ানিকা শইকীয়া,গৰিমা হাজৰিকা আৰু অৰুনিমা হাজৰিকাৰ কণ্ঠৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা কবিতা পাঠ অনুষ্ঠানটি শুভ উদ্বোধন কৰে বিশিষ্ট কবি নিবন্ধকাৰ তথা খেৰাজখাত জুনিয়ৰ কলেজৰ প্ৰবক্তা অনিল শইকীয়াই।
    পিছলা শাখাৰ সম্পাদক বিশিষ্ট কবি সংগঠক যজ্ঞোৰাম বৰাই আঁত ধৰা অনুষ্ঠানটিৰ সঞ্ছালনা কৰে পিছলা শাখাৰ সভাপতি ৰাজেন্দ্ৰপ্ৰসাদ বৰুৱাই।
    অনুষ্ঠানটিত লক্ষীমপুৰ জিলা কবি সন্মিলনৰ সভাপতি ডাঃ জগদ্বীশ গোস্বামী,সম্পাদক উমেশ চন্দ্ৰ সোনোৱাল,খেৰাজখাত জুনিয়ৰ কলেজৰ অধ্যক্ষ বীৰেণ বৰাকে ধৰি জিলাখনৰ প্ৰায় ৪০ গৰাকী নবীন প্ৰবীন কবিয়ে অংশ গ্ৰহণ কৰি কবিতা পাঠ কৰে। পঠিত কবিতা সমূহৰ পৰ্যালোচনা আগবঢ়ায় বিশিষ্ট কবি ,নাট্যকাৰ,সমালোচক ঊষা কিৰণ হাজৰিকাই। দিনৰ ২বজাৰ পৰা জিলা কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয়।
    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds