31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    শোণিতপুৰত বাণিজ্য মেলাত দেশ বিদেশৰ বিপণীৰ অংশগ্ৰহণ

    শোণিতপুৰত বাণিজ্য মেলাত দেশ বিদেশৰ বিপণীৰ অংশগ্ৰহণ

    তেজপুৰ, ২৮ অক্টোবৰ: শোণিতপুৰ জিলাৰ তেজপুৰত অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ অধিনৰ অসম বাণিজ্য উন্নয়ন সংস্থাই অনুষ্ঠিত কৰা বাণিজ্য মেলা উদ্বোধন ।

    দেশ বিদেশৰ বিপণীয়ে অংশ লোৱা বাণিজ্য মেলাত ৰাইজৰ ব্যাপক সঁহাৰিৰ বাবে আহ্বান জনায়।

    অসমৰ থলুৱা উদ্যোগী সকলক এখন উপযুক্ত বজাৰ দিয়াৰ উদ্দেশ্যে অসম বাণিজ্য উন্নয়ন সংস্থাই শোণিতপুৰ জিলা তেজপুৰ চহৰৰ চাৰ্চফিল্ডত ১১ দিনীয়া বাণিজ্য মেলা অনুষ্ঠিত কৰিছে ।

    শোণিতপুৰ জিলাৰ তেজপুৰ চাৰ্চফিল্ডত অনুষ্ঠিত হৈছে শোণিতপুৰ এই বাণিজ্য মেলা ।

    ২৮ অক্টোবৰ পৰা ৭ নৱেম্বৰলৈ অনুষ্ঠিত এই বাণিজ্য মেলাত শনিবাৰে শুভাৰম্ভ কৰে অসম বাণিজ্য উন্নয়ন সংস্থা অধ্যক্ষ সুনীল ডেকা আৰু উপাধ্যক্ষ মধুৰাম ডেকাই ।
    অসম বিভিন্ন জিলাৰ লগতে শোণিতপুৰ, বিশ্বনাথ ,লখিমপুৰ আৰু ধেমাজিকে ধৰি ৰাজ্যৰ কেইবাখনোৰো জিলাৰ থলুৱা উদ্যোগী সকলৰ ব্যৱসায় সম্প্ৰসাৰণৰ উদ্দেশ্যে আয়োজন কৰা এই বাণিজ্য মেলাত দেশ বিদেশৰ প্ৰায় ১০০ অধিক খন বাণিজ্য বিপণীয়ে অংশগ্ৰহণ কৰিছে ।

    ইফালে অধ্যক্ষ সুনীল ডেকাই শুভ উদ্বোধন কৰা পিছতে এখনি সংবাদ মেল অনুষ্ঠিত কৰি শোণিতপুৰ বাণিজ্য মেলাত ৰাজ্যখনৰ ১০০ খনৰো অধিক আৰু দেশৰ বিভিন্ন ৰাজ্যৰ ৩০ খনৰো অধিক বিপণীয়ে অংশগ্ৰহণ কৰা কথা উল্লেখ কৰা লগতে যাতে বাণিজ্যৰ জৰিয়তে বিশেষকৈ সঞ্চয় গোটৰ মহিলাৰ লগতে স্থানীয় থলুৱা সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়ি সকলে এই মেলাৰ জৰিয়তে উপকৃত হয় তাৰ বাবে চৰকাৰে এই পদক্ষেপ লোৱা বুলি উল্লেখ কৰে।

    লগতে ১১ দিনীয়া বাণিজ্য মেলাত শোণিতপুৰ জিলা ভিত্তিত মহাবিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী মাজত বিভিন্ন প্ৰতিযোগিতা মূল অনুষ্ঠান আয়োজন কৰা কথা উল্লেখ কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds