31.3 C
Guwahati
Saturday, October 18, 2025
More

    শেহতীয়া আপডেটঃ

    শৈক্ষিক দিশত নতুন গতি দিবলৈ পশ্চিম কামাখ্যাত শংকৰদেৱ জাতীয় বিদ্যালয় নিৰ্মাণৰ প্ৰস্তুতি

    ■ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত ৪ নং ৱাৰ্ডৰ এলেকাধীন পশ্চিম কামাখ্যা অঞ্চলটো শৈক্ষিক দিশত একেবাৰে অনগ্ৰসৰ। বিভিন্ন জনগোষ্ঠীৰ লোকে বসবাস কৰা উক্ত অঞ্চলটোত শিক্ষা গ্ৰহণৰ বাবে বিদ্যালয়ৰ অভাৱ।

    যাতায়তৰ সুব্যৱস্থা নথকাত উক্ত অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলে সুউচ্চ পাহাৰ খনৰ পৰা উঠা-নমা কৰি শিক্ষা গ্ৰহণ কৰাটো অশেষ কষ্টকৰ। শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰতাৰ বাবেই উক্ত অঞ্চলৰ সামাজিক শৈক্ষিক দিশ যথেষ্ট নিম্নগামী হোৱাৰ বাবে সামাজিক পৰিবেশ অশান্তিকৰ।

    সুদীৰ্ঘ সময় ধৰি অঞ্চলটোৰ সামাজিক পৰিবেশ অশান্তিময় হৈ থকা বাবে মহানগৰবাসীয়ে বহুজন সমাজ সচেতন নাগৰিকক হেৰুৱালে। সম্প্ৰতি নৱনির্মিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ চৌহদত অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত ‘শংকৰদেৱ জাতীয় বিদ্যালয়’ নামেৰে এখন জাতীয় বিদ্যালয় খোলাৰ বাবে কেইগৰাকীমান সবল ব্যক্তিৰ অনবদ্য প্ৰচেষ্টাত এখন বিদ্যালয় পৰিচালনা সমিতি গঠন কৰা হৈছে।

    পৰিচালনা সমিতিৰ বিষয়ববীয়া হিচাপে সভাপতি কুশেশ্বৰ বৰা, উপ সভাপতি হিচাপে অজিত চৰকাৰ, কাৰ্যকৰী সভাপতি প্ৰতিমা দে, সম্পাদক কমল দাহাল, সহ সম্পাদক কুল শৰ্মা, কোষাধক্ষ্য কমল শৰ্মা, শিক্ষা আৰু স্বাস্থ্য সজাগতা সভাৰ আহ্বায়ক বেদমায়া দাহাল, পৰিবেশ সজাগতা সভাৰ আহ্বায়ক ৰত্না দাস, মুখ্য আহ্বায়ক ড০ দিলীপ ছেত্ৰী, প্ৰচাৰ সম্পাদক অশ্বিনী গগৈ, সদস্য প্ৰধান সিদ্ধাৰ্থ ছেত্ৰীসহ মুঠ ১১ গৰাকী সদস্যৰে গঠিত বিদ্যালয় পৰিচালনা সমিতি খনে বিদ্যালয় নিৰ্মানৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে।

    আগন্তুক শিক্ষা বৰ্ষৰ পৰাই শিক্ষাদান আৰম্ভ কৰিব বুলি পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.