31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়ত মুখ্যমন্ত্ৰী বৈঠক :

     

    শনিবাৰে শিৱসাগৰৰ উপায়ুক্তৰ কাৰ্যালয়ৰ চুকাফা সভা কক্ষত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ আৰক্ষী বিষয়া সকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ।
    এই বৈঠকত দুয়োখন জিলাৰ আইন-শৃংখলা পৰিস্থিতিৰ সম্পর্কে বিস্তৃতভাৱে বুজ লয় মুখ্যমন্ত্ৰী গৰাঐ।

    লগতে থানা সমূহত দুর্নীতিমুক্ত কৰাৰ ক্ষেত্রত বহু কেইটা নির্দেশা প্রদান কৰে জিলা প্ৰশাসনক। উক্ত বৈঠকত
    উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ মাজত সমন্বয় ৰক্ষা কৰি কাম কৰাৰ লগতে সাধাৰণ লোকৰ যাতে কোনোপধ্যেই হাৰাশাস্তি নহয় সেই দিশত গুৰুত্ব দিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে।

    পুলিচ আৰু পাৰপত্ৰ ভেৰিফিকেচন আদিত সময় মতে বিহিত ব্যৱস্থা ল’বলৈও নিৰ্দেশনা প্রদান কৰে মুখ্যমন্ত্ৰীয়ে।

    এই বৈঠকত মুখ্য মন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী ডাঃ ৰণোজ পেগু, যোগেন মহন, সাংসদদ্বয় তপন কুমাৰ গগৈ, কামাখ্যা প্ৰসাদ তাছা, বিধায়কদ্বয় সুশান্ত বৰগোহাঁই, ধৰ্মেশ্বৰ কোঁৱৰ, আৰক্ষী উপ-মহাপৰিদৰ্শক জিৎমল দলে, শিৱসাগৰৰ উপায়ুক্ত মেঘনিধি দাহাল, আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশন আৰু চৰাইদেউৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰীৰ লগতে দুয়োখন জিলাৰ আৰক্ষী থানা সমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকল উপস্থিত থাকে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds