লক্ষীমপুৰ জিলাৰ ঐতিহাসিক খেৰাজখাত জুনিয়ৰ কলেজত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আলোচনা চক্ৰ
খেৰাজখাত মহাবিদ্যালয়ত আজি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ শীৰ্ষক এখনী আলোচনা চক্ৰ অনষ্ঠিত হৈ যায়। অসম বিধান সভাৰ ১২৬ টা সমষ্টিৰ ভিতৰত বিহপুৰীয়াৰ বিধায়কৰ পৃষ্ঠপোষকতাত নতুন শিক্ষানীতিৰ ওপৰত অনুষ্ঠিত হোৱা প্ৰথমখন আলোচনা চক্ৰ। শৈক্ষিক নীৰিক্ষক যজ্ঞোৰাম বৰাই আঁত ধৰা আলোচনা চক্ৰ খনি শিক্ষাৰ্থী ক্ৰমে চয়ানিকা শইকীয়া, কৌশল্যা বৰা আৰু তুলিকা বৰাৰ সমবেত বৰগীতৰ নৃত্যৰেশুভাৰম্ভ কৰা হয়। বিশিষ্ট শিক্ষাবিদ শংকৰদেৱ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ বীৰেণ ভাগৱতীয়ে উদ্বোধন কৰা আলোচনা চক্ৰ খনি সঞ্চালনা কৰে খেৰাজখাত জুনিয়ৰ কলেজৰ অধ্যক্ষ বীৰেণ বৰাই। আলোচনা চক্ৰখনিৰ মুখ্য আলোচক উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়(স্বায়ত্ব শাষিত) ৰ শিক্ষাবিভাগৰ সহযোগী অধ্যাপিকা ড° ইচমীৰেখা সন্দিকৈ কোঁৱৰে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ওপৰত বিতং আলোকপাত কৰে। ৰীণা দত্তই নতুন শিক্ষা নীতিৰ তথ্য সম্বলিত ব্যাখ্যা আগবঢ়ায়। আলোচক্ৰ খনিত মুখ্য অতিথিৰ ভাষন প্ৰদান কৰে লক্ষীমপুৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক ড°ৰমেশ চন্দ্ৰ চুতীয়াই আৰু বিশিষ্ট অতিথিৰ ভাষন প্ৰদান কৰে বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড°অমূল্য কুমাৰ হাজৰিকা আৰু একেখন মহাবিদ্যালয়ৰে অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ নৱকুমাৰ দত্তই।আলোচনা চক্ৰখনিত আমন্ত্ৰিত অতিথিৰ ভাষন আগবঢ়ায় ক্ৰমে স্থানীয় শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ড°সোনাৰাম কলিতা, অধ্যাপিকা কৃষ্ণা ৰাজখোৱাই বক্তব্য আগবঢ়াই ।