This Content Is Only For Subscribers
লক্ষণ অনুযায়ী স্ত্রী নির্ণয়
দৈহিক গঠন আৰু প্ৰকৃতি অনুযায়ী নাৰীক শাস্ত্ৰত চাৰিভাগত ভাগ কৰা হৈছে।
১। পদ্মিনী – সর্বোত্তমা নাৰী।
২। চিত্রিণী – উত্তমা নাৰী।
৩। শঙ্খিনী – মধ্যমা নাৰী।
৪। হস্তিনী – অধমা নাৰী।
ছোৱালী প্রথম ঋতুমতী হোৱাৰ সময় অনুযায়ী জাতি নিৰ্ণয় কৰিব পাৰি :
“প্রভাতে পদ্মিনী কন্যা অপবাহ্নে চ শঙ্খিনী।
মধ্যাহ্নে চিত্রিণী চৈব সায়াহ্নে হস্তিনী মতা।।”
দোকমোকালিতে যি কন্যাৰ প্ৰথম ৰজোদর্শন হয়, সেই কন্যা পদ্মিনী, দুপৰীয়া হ’লে চিত্রিণী, ভাটীবেলা হ’লে শঙ্খিনী আৰু সন্ধ্যা হলে হস্তিনী বুলি জানিব।
পদ্মিনী নাৰীৰ লক্ষণ:
সতীপতীব্রতা যা চ সদা ধর্মপরায়ণা : মুখী পদ্মগন্ধা চ সুবানী কোকিলা স্বনা।
জগন্মোহয়তে যা চ কটাক্ষৈঃ সুমনোহবৈঃ। মৰালগমনা যা চ যাতু শ্মিত শুভাননা ।।
সদা স্নেহময়ী যাতু সুলক্ষিতা। শাস্ত্রে তাদৃশী নাৰী পদ্মিনী সাদৃতা বুধৈঃ।
পদ্মিনী নাৰী পব্ৰিতা হয়। তেওঁ এলাক ধৰ্মপৰায়ণা, ধর্মানুষ্ঠানত ব্ৰতী
হৈ থাকিবলৈ তেওঁলোকে ভাল পায়।
পদ্মিনী নাৰীৰ চকু হৰিণৰ চকুৰ দৰে অৰ্থাৎ হৰিণীনয়নী। তেওঁলোকৰ গাৰপৰা অনবৰত পদুমফুলৰ গোন্ধ নিঃসৃত হয়। কুলিৰ দৰে সুমধুৰ শুৱলা মাত যি নাৰীৰ হয়, সেই নাৰীক পদ্মিনী বুলি জানিব। যাব চকুৰ চাৱনিয়ে গোটেই জগতক বিমোহিত কৰিব পাৰে, যি নাৰীৰ কটাক্ষপাতে সকলোৰে মন আকর্ষণ। কৰিব পাৰে তেওঁকে পদ্মিনী নাৰী বোলে ৷
যি নাৰীৰ গতি ময়ুৰৰ দৰে সুমনোহৰ যাৰ ওঁঠত সদায় মিচিকিয়া হাঁহি প্রস্ফুটিত হয়- যিসকল নাৰী স্নেহময়ী জননীৰ দৰে তেওঁকেই পদ্মিনী বোলে। –
আকৌ পদ্মিনী নাৰীবোৰ :
সম্পূর্ণেন্দুমখা করুণা নয়না পীনস্তনী দক্ষিণা
মৃদাংগা বিকাশায় বিন্দু মুৰতিঃ শ্যামাম গৌৰদ্যুতিঃ
স্বল্পাহাৰকতা বিলাসকুশলা হংসস্বনা আৰণ।
সত্ৰীড়া গুৰুজনয়া পুজনতা পদ্মিনী প্ৰোজ্যতে ।।
সুনীল মেঘমুক্ত আকাশৰ দৰে উজ্জ্বল পূর্ণচঞৰ দৰে পদ্মিনী নাৰীও মোহনীয় আৰু কমনীয়। নীলোৎপল আয়ত লোচন, সুডৌল উন্নত বুকু সুগঠিত, হেঙুল বৰণীয়া, চম্পকবদনা, – এইবোৱেই পহিনী নাৰীৰ লক্ষণ। নাৰীসুলভ কমনীয়তা, সবলতা, সলজ্জতা, সৌকুমাৰ্য্য ৰমণীয় কাঙি এইবোৰেই পদ্মিনী নাৰীৰ চাৰিত্ৰিক বৈশিষ্ট্য।
এওঁলোকৰ কণ্ঠস্বৰ শুৱলা, মাত-কথা সুমধুৰ আৰু ব্যৱহাৰ মোহনীয়। সাধাৰণতে, পঙ্কিনী নাৰী বিলাসকুশলা, ধর্মপরায়ণা আৰু পৰম ভক্তিশীল হয়। শাস্ত্ৰত পদ্মিনী নাৰীত আটাইতকৈ শ্রেষ্ঠা বুলি কোৱা হৈছে।
চিত্রিণী নাৰীৰ লক্ষণ
সুন্দৰী দৃঢ়চিন্তা যা সদা সত্যভাষিণী। সদ্য ভক্তিমতী চৈব দেবজিগুৰুপি।। চিত্তং ন বসতে যস্যাশ্চ্যন্যেষু স্বপতিং বিনা।
আলোলুপা ভবদে যা চ সত্ত্বা স্বল্পমৈথুনে। দয়াক্ষমাশ্চ ধর্মশ্চ যস্যঃ স্যাদাভূষাৎ।। চিত্রিণী নাৰী পদ্মিনীতকৈ অলপ তলখাপৰ। তথাপি কিছুমান স্বভাৱ প্রায় পদ্মিনী নাৰীৰ দৰেই।
সর্বেষু প্রিয়বাক্যচ পাপচিন্তা ন কহিচিত।
শৃণুঋতং মহাত্রাতে চিত্রাণী চা স্মৃতাবুধৈঃ।
চিত্রিণী নাৰী সাধাৰণতে দেখাত শুৱনি, দৃঢ়চিত্তা আৰু সত্যবাদিনী। এওঁলোক ভক্তিমতী আৰু দেৱদ্বিজ গুরুভক্তি-পৰায়ণা হয়। এওঁলোকৰ মন নিজৰ স্বামীৰ বাহিৰে পৰপুৰুষৰ প্ৰতি আকৃষ্ট নহয়। চিত্রিণী নাৰী অলপ মৈথুনতে সন্তুষ্ট থাকে। অর্থাৎ মনত কামভাব বেছি
নাথাকে। এওঁলোকে সকলো মানুহৰে প্ৰতি প্রিয় বাক্য ব্যৱহাৰ কৰে। পাপ কামলৈ
এওঁলোকৰ মন কেতিয়াও আকৃষ্ট নহয় ।
প্রলোভন দেখুৱাই চিত্রিণী নাৰীৰ মনক কোনেও জয় কৰিব নোৱাৰে।
দয়া, ক্ষমা, আৰু ধৰ্ম চিত্রিণী নাৰীৰ অঙ্গ ভূষণ ।
আকৌ চিত্রিণী নাৰীবোৰ
শ্যামা পদ্মমুখী কুঅন্যানা অভোেদবী বৎসলা।
সঙ্গিতাগমবোধিনী চৰণনু খ্ৰীণী শিল্পীনী ।। বাহ্যলাপৰতা মন্দ জগভিযুক্ত কুমাদস্থতো। মদেয়ং কবি সাধবেন কথিত চিত্রপনা চিত্রাণী।।
নীল পদুমৰ দৰে কমনীয় মুখমণ্ডল, হকিনীনয়না, শ্যামবর্ণা নাৰীক চিত্রিণী নাৰী বোলে। চিত্ৰৰ দৰেই তেওঁলোকৰ দৈহিক গঠন সুন্দৰ আৰু মনোহৰ। সাধাৰণতে, চিত্রিণী নাৰী নাচ-গানত নিপুণা হয় আৰু সেইবোৰৰ প্ৰতি অনুৰাগ যথেষ্ট থাকে। চিত্রিণী নাৰীৰ কঁকাল সৰু, উন্নত বুকু, ধুনীয়া চেহেৰা আৰু চাল-চলন আকৰ্ষণযুক্ত। এওঁলোকে সহজতে আনৰ মন আকৰ্ষণ কৰিব পাৰে। এওঁলোকৰ চকুত সদায় প্রেম-প্রীতি, মৰম-চেনেহ আৰু কামনাই খেলা কৰে। ব্যৱহাৰিক জীৱনত চিক্মিণী নাৰী আটাইতকৈ বেছি সুখী হোৱা দেখা যায়।
শঙ্খিনী নাৰীৰ লক্ষণ
শঙ্কিনী স্যাৎ ক্ষাৰগন্ধা দীর্ঘকেশোর্ধনাসিকা। সদা ক্ষুধাবর্তী যা চ পীননোন্নতি ঘটগুনী।। গগনোচ্চাতিহাস্যা চ সদা কুবুদ্ধিশালিনী। সুন্দৰী মদনার্তা চ কামহাস্যপৰায়ণা ।। অন্যৈশ্চ কুৰুতে বাঞ্ছাং ত্যাক্তা তু স্বপতিং শুভং। সদা শৃঙ্গাৰ্মত্তা চ পাপকথা পৰায়ণা।। ন বিভেতি সদা সা চ গুরুজনেভ্য এব তু ।। শঙ্খিনী নাৰীৰ গাৰপৰা খাৰযুক্ত গোন্ধ নিঃসৃত হয়। এওঁলোকৰ চুলি দীঘল, নাক ঈষৎ ওখ, এওঁলোক দেখাত সুন্দৰী হয়। শঙ্খিনী নাৰীৰ ক্ষুধা বেছি। স্তন উন্নত আৰু কঠিন। হাঁহিত এওঁলোকে আকাশ-বতাহ কঁপাই তুলিব পাৰে। এওঁলোক সাধাৰণতে কুবুদ্ধিপৰায়ণা হয়। কামোন্নত্তা হৈ এওঁলোকে কামভাৱৰ হাঁহি দেখুৱাব পাৰে। নিজৰ স্বামীক এওঁলোক সদায় শৃঙ্গাৰমত্তা কাৰু পাপ কাম কৰিবলৈ অকণো ভয় নকৰে।
এৰি পৰপুৰুষৰ লগত সময় কটাবলৈ এওঁলোকে বেছি ইচ্ছা কৰে। শঙ্খিনী নাৰীয়ে দেৱ-বিজ-গুরু ভক্তি নকৰে। পাপ কামলৈ এওঁলোকৰ সদায় মন আকৃষ্ট হয়।
আকৌ শঙ্খিনী নাৰীবোৰ
সূক্ষ্মমাদৌ কুটিললক্ষণা লঘুকুড়া সম্ভোগ সুভাষিণী। প্রায়ো দীর্ঘকুচা স্বভাৱ পিশুণা কষ্টোপভোগ্যা ৰত্যৌ ।। পিঙ্গলোল গতিশ্চ বৰ্ব্ব ৰকৃত প্ৰাঙ্গাóনাহ্লাদিনী। নানাস্থান নখ প্রচিহ্নিততনুঃমেয়ঃ মতা সাশঙ্খিনী ।।
শঙ্খিনী নাৰীৰ শৰীৰ আকৃতিত সৰু, চকু বেঁৰা, সক সক জন, আৰু বহুলোমযুক্তা হয়। এওঁলোক পিঙ্গল বৰণৰ আৰু চঞ্চল-গতি সম্পন্না। কিছু পৰিমাণে কঠোৰ স্বভাৱৰ হয়। এওঁলোকে সাজ-সজ্জা কৰিবলৈ বৰ ভাল পায় । শঙ্খিনী নাৰী ৰতিক্ৰিয়া কৰিবলৈ বেছি ভাল পায় আৰু সেই কাৰণে
তেওঁলোকৰ মন সদায় সেইফালে ঢাল খায়।
ৰতিকালত এওঁলোকৰ শক্তি দহগুণ বৃদ্ধি পায়। সেই সময়ত পুৰুষৰ . দ্বাৰা উৎপীড়িত হ’বলৈ ভাল পায় আৰু পুৰুষৰ আঘাতো সহ্য কৰিব পাৰে। এওঁলোকে কামোন্নত্ত পুৰুষকহে ভাল পায়।
इब्नी নাৰীब লन
কদাচাৰী সদা নাৰী হস্তিনী মদগন্ধিনী। স্বাচাৰবৰ্জিতা স্থূলা স্বল্পকেশা স্মিতাননা। লোহিতনয়না সা চ পীনোন্নত পয়োধৰা । প্ৰবীণা সুন্দৰী কিঞ্চিৎ গভীৰস্বৰসংযুতা।। নিল। মদনে সা তু সদা মদনবিলা।
ৰোমাঞ্চিত সমগ্ৰাসী পুৰুষস্পর্শমাৎ সদা ।। শৃঙ্গাৰে মনমাধত্তে কামেন চ অহর্নিশং।
পতিং ত্যক্ত্বা তু সা চান্যৈঃ সুখং বাঞ্ছয়তে সদা।।
হস্তিনী নাৰীক অধমা নাৰী বুলি শাস্ত্ৰত কোৱা হৈছে। এওঁলোকৰ আচাৰ- ব্যৱহাৰ অতিশয় বেয়া। এওঁলোকৰ শৰীৰ কিছু পৰিমাণে স্থূল, চুলি চুটি, চকু ৰঙা আৰু অতি উন্নতি স্তনবিশিষ্টা হয়। এওঁলোকৰ মুখত সদায় হাঁহিৰ বিজুলীয়ে খেলি থাকে।
হস্তিনী নাৰীৰ চকু ৰঙা বৰণৰ, কণ্ঠস্বৰ মতা মানুহৰ দৰে— কেতিয়াবা আকৌ কৰ্কশ হয়। এওঁলোকৰ কিছুমান দেখাত সুন্দৰী হ’লেও— শকত আৱত হোৱা কাৰণে বহু বয়সৰ যেন অনুমান হয়।
এওঁলোক সদায় নির্লজ্জভাবে মদন বিহ্বলা হয় আৰু পুৰুষৰ সঙ্গলাভৰ কাৰণে সদায় চেষ্টা কৰে। এওঁলোকে দিনে-ৰাতিয়ে শৃঙ্গাৰ কৰি থাকিবলৈ ভাল পায়। হস্তিনী নাৰীয়ে নিজৰ পতিক পৰিত্যাগ কৰি পৰ-পুৰুষৰ ভোগ্যা হয়। দয়া, ক্ষমা, ধৰ্ম, এওঁলোকৰ স্বভাৱত মুঠেই পৰিলক্ষিত নহয়।
আকৌ হস্তিনী নাৰীৰ
পীন স্বপ্নণ অনুভবং মৃদুগতিঃ ৰানমত কন্ধৰা।
স্তোকং পিঙ্গলকুণ্ডলা পৃথকুচো লজ্জাবিহীনাননা ।। বিম্বোষ্ঠী বহুভোজ্যা ভোজনৰুচি কষ্টেচ সাধ্যায়তে।
গৌৰাজী কৰিমানগন্ধৰুচিবামেয়ং সত্যমে হস্তিনী ৷৷
হস্তিনী নাৰীৰ শৰীৰ কঠোৰ, স্থূল আৰু মাংসবহুল হয়। এওঁলোকে লাহে লাহে খোজ কাঢ়ে, স্বভাৱ অত্যন্ত ক্রূব। এওঁলোক প্ৰায়েই কলহপ্রিয় আৰু স্বার্থান্বেষী হয়। এওঁলোকৰ কান্ধ ওখ, শৰীৰ পিঙ্গল বৰণৰ, বহুলোম যুক্তা, বিশাল স্তন, নিতম্ব আৰু কঁকাল ডাঙৰ হয়।
এওঁলোকৰ চকু-মুখত লাজ নাই— অত্যন্ত কামুকী আৰু দুশ্চৰিত্ৰা। হস্তিনী নাৰীয়ে বেছিকৈ আহাৰ কৰিব পাৰে আৰু বলিয়া হাতীৰ দৰে দপদপাই ফুৰে। এওঁলোকক কামভাব অত্যন্ত বেছি। অধিক সময়তেই এওঁলোকক দুখত পৰা দেখা যায়।