Thursday, May 29, 2025
26.4 C
Guwahati
TOP NEWS:

যাদুৰ দেশ মায়ঙক লৈ নিৰ্মান হ’ব প্ৰথম পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া চলচিত্ৰ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

যাদুৰ দেশ মায়ঙক লৈ নিৰ্মান হ’ব প্ৰথম পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া চলচিত্ৰ


প্ৰতিবেদক, মায়ং,১৭ডিচেম্বৰ:

যাদুৰ দেশ মায়ঙক লৈ যে কিমান কথা কিমান ৰহস্য কিমান গৌৰৱ।সমগ্ৰ বিশ্বতে যাদুৰ দেশ হিচাপে খ্যাত মায়ং।এই মায়ঙক লৈ এইবাৰ নিৰ্মান হ’বলৈ গৈ আছে প্ৰথমখন পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া চলচিত্ৰ ‘The Government Servant’।

সকলো কলা-কুশলীৰ উপস্থিতিত চলচিত্ৰখনৰ শুভ মূহুৰত সম্পন্ন কৰা হয় বুঢ়ামায়ঙত । সাহিত্য একাডেমি বঁটা প্ৰাপক তথা সাহিত্যিক জয়ন্ত মাধৱ বৰাই যাদুৰ দেশ মায়ঙক লৈ লিখা অসমীয়া উপন্যাস ‘মায়ং’ যাদুৰ দেশৰ গোপন কথা’ ৰ কাহিনীৰ ওপৰত এই চলচিত্ৰখনৰ নিৰ্মানৰ কাম আৰম্ভ কৰা হৈছে । চলচিত্ৰখনৰ কাহিনী জয়ন্ত মাধৱ বৰাৰ আৰু চিত্ৰনাট্যঃ জয়ন্ত মাধৱ বৰা আৰু প্ৰদ্যুৎ কুমাৰ ডেকাৰ ৷

দেৱাশিস গোস্বামী আৰু অজয় শৰ্মাই সংগীত ব্যৱস্থাপনা কৰা চলচিত্ৰখনৰ চিত্ৰগ্ৰহণ কৰিছে মীনাক্ষী ভাগৱতীয়ে ৷অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে নিৰ্মান হবলগীয়া চলচিত্ৰখনত অভিনয় কৰিছে কপিল বৰা, হিৰণ্য ডেকা, দূৰ্গাশ্ৰী বৰা, উপকূল বৰদলৈ, নিকুমনি বৰুৱা আদিয়ে।
সাধাৰণতে মায়ঙলৈ থকা ৰাইজৰ যিসমূহ ধাৰণা আছে, সেই সমূহ ধাৰণাক বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে বিশ্লেষণ কৰাৰ মানসেৰে এই চলচিত্ৰখন নিৰ্মান কৰা হব বুলি কাহিনী চিত্ৰনাট্যকাৰ জয়ন্ত মাধৱ বৰাই জানিবলৈ দিয়ে। বৰ্তমান সময়ৰ মায়ঙৰ পটভূমি এজন চৰকাৰী বিষয়াৰ দৃষ্টিৰে পৰ্যবেক্ষণ কৰি চিত্ৰনাট্য খন আগবাঢ়িব বুলি জানিবলৈ দিয়ে পৰিচালক প্ৰদ্যুৎ কুমাৰ ডেকাই। মায়ঙক কেন্দ্ৰ কৰি যি ক’লা যাদুৰ কথা উল্লেখ কৰা হয়, সেয়া প্ৰকৃততে ক’লা যাদু নে ইয়াৰ অন্তৰালত অন্য কিবা ৰহস্য আছে তাৰো এক বিশ্লেষণ চলচিত্ৰখনৰ জৰিয়তে দাঙি ধৰা হব বুলিও উল্লেখ কৰে পৰিচালক গৰাকীয়ে ৷ প্ৰাকৃতিক মনোমোহা পৰিৱেশেৰে ভৰপুৰ ঐতিহাসিক মায়ঙৰ বিভিন্ন স্থানত চলচিত্ৰখনৰ দৃশ্য গ্ৰহণ কৰা হব বুলি জনায় পৰিচালক প্ৰদ্যুৎ কুমাৰ ডেকাই । আনহাতে মায়ঙক লৈ নিৰ্মান হবলগীয়া প্ৰথমখন পূৰ্ণদৈৰ্ঘৰ চলচিত্ৰখন দৰ্শকে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে অভিনেতা আৰু কলাকুশলী সকলে ৷

- Advertisement -

Hot this week

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

ASSAM RIFLES INAUGURATES FOOTBALL GROUND

As part of its continued efforts to foster youth...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

সম্পাদকলৈ চিঠি…✒️

সম্পাদকলৈ চিঠি...✒️ মাননীয় সম্পাদক মহোদয়, গৱেষণামূলক লেখা প্রকাশৰ বাবে আলোচনী বা...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
24.5 ° C
24.5 °
24.5 °
95 %
0.7kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
27 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds