31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ মাখিবাহা–ভোজকুছি গাঁওৰক্ষী বাহিনীৰ আৰ্থিক বৰঙনি

    ♦নলবাৰী জিলাৰ মাখিবাহা–ভোজকুছি গাঁওৰক্ষী বাহিনীয়ে ১৬ জুলাইত ৰাজ্য চৰকাৰৰ ক’ভিড টিকাকৰণ অভিযানক জন আন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে অসম চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক বৰঙনি আগ বঢ়ায় । স্থানীয় গাঁওৰক্ষী বাহিনীয়ে পোৱা নামমাত্ৰ জলপানিৰপৰা মাখিবাহাস্থিত ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙনি আগ বঢ়াই এই গাঁওৰক্ষী বাহিনীয়ে মহানুভৱতাৰ পৰিচয় দিয়া বিষয়টোৱে আঞ্চলিকভাৱে বাৰুকৈয়ে প্ৰশংসা লাভ কৰিছে । উল্লেখযোগ্য যে মাখিবাহা–ভোজকুছি গাঁওৰক্ষী বাহিনীয়ে মাখিবাহাস্থিত ষ্টেট বেংকৰ শাখা, ডাকঘৰ আৰু বজাৰৰ চাহ দোকানত চেনিটাইজ কৰি একাধিকবাৰ জনহিতকৰ কাৰ্য সম্পাদন কৰিছে । তদুপৰি মাখিবাহাত চলি থকা ক’ভিড টিকাকৰণ কেন্দ্ৰত মাখিবাহা ভোজকুছি গাঁওৰক্ষী বাহিনীৰ স্বেচ্ছাসেৱকসকলে টিকাকৰণ প্ৰক্ৰিয়া সুচাৰুৰূপে চলোৱাত আগ ভাগ লৈ অতিমাৰী ক’ভিড মহামাৰী প্ৰতিৰোধৰ বাবেও কাৰ্য সম্পাদন কৰি আহিছে । মাখিবাহা–ভোজকুছি গাঁওৰক্ষী বাহিনীৰ এনে কাৰ্যৰ নলবাৰীৰ জিলা উপায়ুক্ত দিতিমণি ফুকন, জিলা আৰক্ষী অধীক্ষক প্ৰবিন্দ্ৰ কুমাৰ নাথ, টিহু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰত্নকান্ত শৰ্মা, টিহু চক্ৰ গাঁওৰক্ষী বাহিনীৰ অধিনায়ক বিকাশ বুজৰ বৰুৱা প্ৰমুখ্যে বিভাগীয় জ্যেষ্ঠ বিষয়াসকলৰ উপৰি মাখিবাহা গ্ৰামোন্নয়ন সমিতিয়ে বাৰুকৈয়ে প্ৰশংসা কৰিছে ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds