31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    বৰাজোলৰ বজাৰ হাইস্কুল হঠাৎ পৰিদৰ্শন নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ:

     

    বৰাজোলৰ বজাৰ হাইস্কুল হঠাৎ পৰিদৰ্শন নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ:

    নলবাৰী ১ অক্টোবৰ :

    মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই আজি পুৱাই হঠাৎ সমষ্টিটোথ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ এলেকাধীন বৰাজোল বজাৰ আৰু বৰাজোল হাইস্কুল পৰিদৰ্শন কৰে।

    বিধায়কগৰাকীয়ে বৰাজোলস্থিত বজাৰখনত দলে বলে উপস্থিত হৈ Apart ৰ MMlP ৰ অধীনত বৰাজোলত আটকধুনীয়াকৈ নিৰ্মাণ হ’ব লগীয়া বজাৰগৃহৰ স্থান পৰিদৰ্শন কৰি এই প্ৰকল্পৰ পৰিকল্পনা আৰু প্ৰস্তুতিৰ বুজ লয়।

    লগতে বিধায়কগৰাকীয়ে বজাৰখনৰ কাষৰীয়া কৃষক সকলৰ উৎপাদিত সামগ্ৰী বিক্ৰীত সুবিধা হোৱাৰ লগতে অঞ্চলটোৰ ব‍্যৱসায়িক দিশটোৱে এক নতুন গতি লাভ কৰিব বুলি সদৰী কৰে।
    ইয়াৰ পিছতে বিধায়কগৰাকীয়ে বৰাজোল হাইস্কুলত উপস্থিত হৈ শৈক্ষিক পৰিৱেশৰ বুজ লয়।
    লগতে শিক্ষানুষ্ঠানখনৰ ভাৰপ্ৰাপ্ত অধ‍্যক্ষ ৰমণী কুমাৰ দাসসহ শিক্ষক-শিক্ষয়িত্ৰীৰে সৈতে এক মত -বিনিময়ত মিলিত হয়।
    বিধায়ক গৰাকীৰ আজি এই পৰিভ্ৰমণ কালত সংগ দিয়ে নলবাৰী জিলা পৰিষদ সভাপতি নিতুল ডেকা CEO জয়ন্ত কুমাৰ গোস্বামী, APART ৰ বিষয়ববীয়া জিলা পৰিষদৰ সদস্য পংকজ ডেকা, বড়িগোগ বনভাগ মণ্ডলৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, বৰাজোল গাঁও পঞ্চায়তৰ সভানেত্ৰী নমিতা ৰাজবংশী আদিয়ে।

    নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ প্ৰতিবেদন।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds