31.3 C
Guwahati
Sunday, November 9, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰয়াত আৰতি দাসৰ সোৱৰণত “স্মৃতি তোৰণ”ৰ শুভ উদ্ধোধনী অনুষ্ঠান সম্পন্ন ৷

    বিশ্বনাথৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰয়াত আৰতি দাসৰ সোৱৰণত “স্মৃতি তোৰণ”ৰ শুভ উদ্ধোধনী অনুষ্ঠান সম্পন্ন ৷

    #বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ’ৰ ৰিপৰ্ট , ২৮ ডিচেম্বৰ ঃ বিশ্বনাথ শিক্ষা খণ্ডৰ অধীনস্থ মহজুলি প্ৰাথমিক বিদ্যালয়ৰ নৱ নিৰ্মিত তোৰণখনৰ আজি শুভ উদ্ধোধন কৰা হয় ৷ স্বাধীনতা পুৰ্বৰ প্ৰতিষ্ঠা কৰা মহজুলি প্ৰাথমিক বিদ্যালয়খনৰ প্ৰয়াত আৰতি দাসে সহকাৰী শিক্ষক ৰূপে শিক্ষকতা কৰি পৰৱৰ্তীকালত প্ৰধান শিক্ষকৰ দায়িত্ব লৈ সুদীৰ্ঘকাল শিক্ষকতা কৰি অঞ্চলটোৰ শৈক্ষিক উত্তৰণত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰিছিল ৷ তেওঁৰ কাৰ্যকালত বিদ্যালয়ৰ শৈক্ষিক দিশত সুনাম কঢ়িয়াই অনাৰ লগতে বিদ্যালয়খনৰ আন্তগাথনিও সবল হয় ৷ নিয়তিৰ কঠোৰ বাস্তৱৰ ওচৰত হাৰ মানি যোৱা ১০ মাৰ্চত দাসে শেষ নিশ্বাস ত্যাগ কৰে ৷ যদিও এই মৃত্যুক পৰিয়ালৰ লোকৰ বাবে অসহনীয় আছিল ৷ তেওঁৰ স্মৃতি যুগমীয়া কৰিবৰ বাবেই ভাৰতী দাস , মৃদুলা দাস তথা পৰিয়ালবৰ্গৰ অক্লান্ত প্ৰচেষ্টাত প্ৰয়াত আৰতি দাসৰ সোৱৰণত স্মৃতি তোৰণ এখন নিৰ্মাণ কৰে ৷ এই উপলক্ষে আজি আয়োজিত স্মৃতিতোৰণ শুভ উদ্ধোধনী অনুষ্ঠানত বিশ্বনাথ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া তথা বিদ্যালয় সমুহৰ উপ-পৰিদৰ্শক কৰুণাকান্ত ভট্টই শুভ উদ্ধোধন কৰে ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰসেন ফাংচয়ে আত ধৰা অনুষ্ঠানত আমন্ত্ৰিত অতিথি সকলক সম্বৰ্ধনা জনাই ৷ তাৰপাছতেই মুলপৰ্বৰ মুখ্য অতিথি হিচাবে অংশ গ্ৰহন কৰা শিক্ষা বিষয়া গৰাকীয়ে প্ৰয়াত প্ৰধান শিক্ষয়িত্ৰী আৰতি দাসৰ পৰলোকগামী আত্মাৰ সদ্গতি কামনা কৰে ৷ বক্তব্য প্ৰসঙ্গত প্ৰয়াত দাসৰ শৈক্ষিক পৰিক্ৰমাৰ ওপৰত এক ভাবগভীৰ বক্তব্য ৰাখে ৷ পৰ্যায়ক্ৰমে ছেলাইখাতি মণ্ডল সমন্বয়ক ৰাজেন ভুমিজ , প্ৰাক্তন মণ্ডল সমন্বয়ক ৰত্নেশ্বৰ মহন্ত , বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক পৰেশ বৰা , বৰচাং প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ সভাপতি চুৰেণ ফাংচ , জেষ্ঠ শিক্ষক মহিৰাম ৰংহাং , বিমল ৰংহাং , পুলক বৰা , ধনেশ্বৰ তাতিৰ লগতে তৰুণ বৰুৱাকে প্ৰমুখ্য কৰি শিক্ষক বৃন্দই শিক্ষয়িত্ৰী গৰাকী নিষ্পাপ মনৰ অধিকাৰী , সহজ সৰল জীৱন আৰু ছাত্ৰ ছাত্ৰীৰ মাজত থকা নিবিড় সম্পৰ্কৰ কথা শ্ৰদ্ধাৰে সোৱৰণ কৰি আলোকপাত কৰে ৷ উপস্থিত ৰাইজ তথা বিদ্যালয়খনৰ পৰিছালনা সমিতিৰ বিষয়ববীয়া সকলেও শিক্ষয়িত্ৰী গৰাকীৰ কৰ্তব্য আৰু নিষ্ঠাৰ শলাগ লয় ৷ কোনো দিনেই কৰ্তব্যৰ প্ৰতি বিচলিত হোৱা নাছিল ৷অসুস্থ দেহাৰেও ছাত্ৰ ছাত্ৰীক পাঠদান কৰা বুলি ৰাইজে মতপ্ৰকাশ কৰে৷অনুষ্ঠানত পৰিয়ালৰ হৈ বক্তব্য ৰাখে ভাৰতী দাসে৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds