বিশ্বনাথৰ জাফ্ৰিদ হুছেইনে প্ৰতিযোগিতামুলক খেলত দুটাকৈ সোণৰ পদক অৰ্জন
অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ’ৰ ৰিপৰ্ট , ১১জানুৱাৰী ঃ তেজপুৰৰ চাৰ্চ ফিল্ডত শোণিতপুৰ জিলা ভাৰোত্তোলন আৰু পাঞ্জা খেলা সংস্থাই আয়োজন কৰা জিলাভিত্তিক প্ৰতিযোগিতাত বিশ্বনাথৰ চেঙামাৰীৰ জাফ্ৰিদ হুছেইনে শোণিতপুৰ জিলাৰ ৫৭ কেজি শাখাৰ ভাৰোত্তোলন আৰু পাঞ্জা খেল প্ৰতিযোগিতাত দুটাকৈ সোণৰ পদক বুটলি ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত হয়। প্ৰায় ২০০ গৰাকী অংশগ্ৰহণকাৰীৰ ভিতৰত জাফ্ৰিদে( আদিল) লাভ কৰা সফলতাই চতিয়াত উৎসাহৰ ঢৌৰ সৃষ্টি কৰিছে। চতিয়াৰ উত্তৰ অঞ্চলৰ হোকাজান গাঁৱৰ আনোৱাৰ হুছেইন আৰু জেৰিনা হুছেইনৰ পুত্ৰ জাফ্ৰিদ হুছেইন চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। জাফ্ৰিদৰ এই সফলতাই চেঙামাৰী অঞ্চলৰ যুৱক-যুৱতীক ক্ৰীড়াৰ এখন নতুন ক্ষেত্ৰ চিনাকি কৰাই দিলে বুলি শিক্ষক ৰিপুঞ্জয় বৰদলৈয়ে সাংবাদিকক জানিবলৈ দিয়ে আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈকে তেওঁৰ এই গতি বৰ্তাই ৰাখিব পাৰিব বুলি মত ব্যক্ত কৰে।
Leave a Reply