বিশ্বনাথত আৰক্ষীৰ দুৰ্নীতি নিৰিক্ষণ আৰু নিবাৰণ শাখাৰ জালত পৰিল দুজন
বিশ্বনাথ 6 জুন :
বিশ্বনাথত আৰক্ষীৰ দুৰ্নীতি নিৰিক্ষণ আৰু নিবাৰণ বিভাগৰ অভিযান। অভিযানত জালত পৰিল বিশ্বনাথ জিলা আবকাৰী বিভাগৰ Deputy superintended মৰ্মেশ্বৰ দাসক উৎকোচ লোৱা আৰু এই উৎকোচ লোৱাৰ ক্ষেত্ৰত সহযোগ কৰা একেখন কাৰ্যালয়ৰ কনিষ্টবল অভিজিত বৰুৱা। দিগন্ত বৰা নামৰ এজন ব্যক্তিৰ পত্নীৰ নামত এখন ৱাইন বাৰৰ অনুজ্ঞাপত্ৰ অনুমতিৰ লাভ কৰাৰ পিছত বাৰখন খোলাৰ বাবত বিচাৰিছিল ১ লাখ টকা।পিছত ৫০ হাজাৰ টকাত মান্তি হৈছিল আৰু আজি এই ধন কাৰ্যালয়তে লোৱাৰ সময়তে হাতে লোটে ধৰা পৰে মৰ্মেশ্বৰ দাস আৰু অভিজিত বৰুৱা।ইতিমধ্যে ধৃত দুয়োজনকে সোধা-পোছা অব্যাহত ৰখাৰ লগতে আবকাৰী বিভাগৰ কাৰ্যালয়তে তদন্ত চলাই আছে আৰক্ষীৰ দুৰ্নীতি নিৰিক্ষণ আৰু নিবাৰণ বিভাগৰ দলে।






