31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    বিশুদ্ধ খোৱাপানী যোগানৰ ক্ষেত্ৰত গুৰুত্ব মহানগৰ জিলা আয়ুক্তৰ

    কামৰূপ মহানগৰঃ জল জীৱন মিছনৰ দ্বাৰা ৰূপায়ণ হোৱা পানী যোগান আঁচনিসমূহ সঠিকভাৱে ৰূপায়ন সন্দৰ্ভত পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে আজি কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানে মহানগৰস্থিত গৰিয়াঘুলিৰ পানী যোগান আঁচনি পৰ্যবেক্ষণ কৰে। উপভোক্তাসকলে নিয়মীয়াকৈ বিশুদ্ধ পানী লাভ কৰি থকাটো নিশ্চিতকৰণৰ বাবে জিলা প্ৰশাসনৰ বিষয়াসকলে একোখনকৈ পানী যোগান আঁচনি পৰ্যবেক্ষণ কৰাৰ দায়িত্ব লৈছে। সেই অনুসৰি কামৰূপ মহানগৰ জিলা আয়ুক্তই গৰিয়াঘুলি পানী যোগান আঁচনিখন পৰিচালনা কৰাৰ দায়িত্ব লৈছে।

    আঁচনিখনৰ জৰিয়তে সঠিক ৰূপত পানীৰ গুণগত মান,পানীৰ পৰিমাণ আৰু পানীৰ নিয়মীয়া যোগানৰ লগতে বিত্তীয় সুস্থিৰতা আৰু প্ৰতিষ্ঠানিক বহনক্ষমতাৰ নিশ্চিতকৰণৰ পৰিকল্পনা কৰা হৈছে যাতে আঁচনিখনৰ স্থায়িত্ব নিশ্চিত কৰিব পৰা যায়। উল্লেখযোগ্য যে এই আঁচনিখনৰ জৰিয়তে গৰিয়াঘুলিৰ ১১০ টা পৰিয়ালৰ প্ৰতিটোৱে নিয়মীয়াকৈ ৫৫ লিটাৰ পানী লাভ কৰি আহিছে।

    জিলা আয়ুক্তগৰাকীয়ে “জল উপভোক্তা সমিতি”ৰ সদস্যসকলৰ সতেও মত বিনিময় কৰে। আজিৰ এই পৰিদৰ্শনৰ সময়ত অতিৰিক্ত জিলা আয়ুক্ত কেচিঅ’ কৰণ পেগু,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যাবাহী অভিযন্তা সমীৰণ দাস,শাখা বিষয়া ইনজামামুল ইছলাম, জিলা সমন্বয়ক আকাংক্ষা বেজবৰুৱা(আই.ই.চি),সীমনা কাইমাল,(আই.এছ.এ),দ্বীপেন কলিতা(আই.এছ.এ),”জল উপভোক্তা কমিটিৰ সভাপতি দিপালী ফাংচু,সচিব সন্ধ্যা বে আৰু জল মিত্ৰ খৰ্গেশ্বৰ দৈমাৰী উপস্থিত থাকে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds