31.3 C
Guwahati
Thursday, October 30, 2025
More

    শেহতীয়া আপডেটঃ

    বিজেপিৰ সুৰক্ষাৰ মাজত মহাৰাষ্ট্ৰৰ ২১ বিধায়ক ! পতন হ’ব নেকি উদ্ধৱ ঠাকৰে চৰকাৰ.

    ৰাজনৈতিক সংকটত মহাৰাষ্ট্ৰ। বিসম্বাদে দেখা দিয়া মহাৰাষ্ট্ৰৰ শিৱসেনা দল প্ৰায় দুটা ভাগত বিভক্ত হৈ পৰিছে। ইয়াৰ মাজতে শিৱসেনাই বিসম্বাদী নেতা তথা দলটোৰ চীফ হুইপ একনাথ চিন্দেক দলটোৰ চীফ হুইপৰ পৰা বৰ্খাস্ত কৰা হৈছে। তেওঁৰ স্থানত অজয় চৌধুৰীক দলটোৰ মুখ্য হুইপ হিচাপে দায়িত্ব দিয়া হৈছে। একনাথ সিন্দে এতিয়া শিৱসেনাৰ বিধায়িনী দলৰ নেতা হৈ থকা নাই।

    উল্লেখ্যে যে উদ্ধৱ ঠাকৰে চৰকাৰৰ মন্ত্ৰী একনাথ সিন্দেয়ে দলটোৰ আন ২১ জন বিধায়কৰ সৈতে গুজৰাটত উপস্থিত হৈছে। তেওঁ চুৰাটৰ মেৰিডিয়ান হোটেলত দলৰ বিধায়কসকলৰ সৈতে অৱস্থান গ্ৰহণ কৰিছে। দলৰ আন নেতাসকলৰ পৰা তেওঁলোকে দূৰত্বত অৱস্থান কৰিছে।

    জানিব পৰা মতে একনাথ সিন্দেৰ নেতৃত্বত গুজৰাটত বাহৰ পৰা এই বিধায়কসকলৰ সৈতে দলটোৰ শীৰ্ষ নেতৃত্বই যোগাযোগ কৰিবও পৰা নাই।

    ইফালে বিসম্বাদী একনাথ সিন্দেই কৈছে যে তেওঁ আৰ তেওঁৰ সমৰ্থনত থকা বিধায়কসকল বালাচাহেবৰ কঠোৰ শিৱ সৈনিক। বালাচাহেবে তেওঁলোকক হিন্দুত্ব শিকাইছে। লগতে তেওঁ কয় যে, তেওঁলোকে কেতিয়াও প্ৰতাৰণা কৰা নাই আৰু কেতিয়াও বালাচাহেবৰ চিন্তাৰ বিৰুদ্ধাচাৰণ নকৰো।

    আমি কেতিয়াও প্ৰতাৰণা কৰা নাই আৰু কেতিয়াও বালাচাহেবৰ চিন্তা আৰু ধৰমবীৰ আনন্দ দিঘে চাহেবৰ শিক্ষাৰ বিষয়ে ক্ষমতাৰ বাবে প্ৰতাৰণা নকৰোঁ।

    আনহাতে বিজেপিক আক্ৰমণ কৰি শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে কয় যে- “মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ দৰে উদ্ধৱ ঠাকৰে চৰকাৰক উত্‍খাত কৰাটোও এক ষড়যন্ত্ৰ। আমি এনে হ’বলৈ নিদিওঁ।” উল্লেখ্য যে একনাথ সিন্দেক শিৱসেনাৰ শীৰ্ষ নেতাসকলৰ ভিতৰত গণ্য কৰা হয়। তেওঁ ৰাজ্যখনত সংগঠনটো শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds