31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    বাহনিৰ মাজত এটা ভঙাচিঙা চালি ঘৰ আৰু এজন যুৱকঃ হাজো সমষ্টিৰ পুৱ বাৰংহাটী গাওঁৰ যুৱক বিপুল কলিতাৰ দুৰৱস্থা

    দুর্বিসহ জীৱন যাপন কৰি থকা যুৱকজনে সংবাদ মাধ্যমৰ জৰিয়তে পৰিবৰ্তনকামী চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এটি ঘৰ আৰু খাদ্য সুৰক্ষা আচনিৰ চাউল দিয়াৰ বাবে কাতৰ অনুৰোধ জনাইছে।

    কামৰূপ জিলাৰ হাজো সমষ্টিৰ কঞা ৰাজহচক্ৰৰ বাৰাংহাটী গাওঁ পঞ্চায়তৰ অন্তৰ্গত পুৱ বাৰাংহাটী গাওঁৰ চকুৰবড়ি চুবুৰিৰ নিবাসী স্বৰ্গীয় আদিত কলিতাৰ কনিষ্ট পুত্ৰ বিপুল কলিতাই বহুবছৰৰ পৰাই বাহনিৰ মাজত এটা জৰাজীৰ্ণ ঘৰত জীৱন যাপন কৰি আহিছে।

    চাৰিওফালে বাহ আৰু গছে আগুৰি ধৰা চালি ঘৰটোৰ পৰিবেশ চকুত পৰিলে চকু সেমেকি যাব সচেতনলোকৰ। শাক-পাচলিৰ খেতি বাতি কৰি বজাৰত বিক্ৰী কৰি কোনোমতে অকলশৰীয়া জীৱন নিৰ্বাহ কৰি থকা যুবকজনে পৰিবৰ্তনকামী চৰকাৰৰ কোনো এটা উন্নয়নমুখী আচনিয়ে ঢুকি নোপোৱাৰ লগতে খাদ্য সুৰক্ষা আচনিৰ চাউল লাভ কৰাৰ পৰাও বঞ্চিত হৈ থাকিব লগা হোৱাত আচৰ্য্য প্ৰকাশ কৰিছে দল-সংগঠনৰ লগতে সচেতন মহলে।

    মহামাৰী ক’ৰোনা বাবে বজাৰ-সমাৰ বন্ধ হৈ থকাত আৰ্থিক ভাবে জুৰুলা হৈ অসহায় জীৱন যাপন কৰা বিপুল কলিতাৰ বাহনিৰ মাজত থকা ঘৰটো বতাহ দিলে ভাঙি পৰিব। দুর্বিসহ জীৱন যাপন কৰি থকা যুৱকজনে সংবাদ মাধ্যমৰ জৰিয়তে পৰিবৰ্তনকামী চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এটি ঘৰ আৰু খাদ্য সুৰক্ষা আচনিৰ চাউল দিয়াৰ বাবে কাতৰ অনুৰোধ জনাইছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds