31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    বাংলাদেশত ISKON ৰ চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীকে ধৰি ১৯ গৰাকী লোকৰ বিৰুদ্ধে মিছা গোচৰ প্ৰত্যাহাৰৰ দাবীত সনাতন জাগৰণ মঞ্চৰ প্ৰতিবাদী সমদল

    সনাতন জাগৰণ মঞ্চই কালি চট্টগামত বাংলাদেশত ইণ্টাৰনেচনেল ছ’চাইটী ফৰ কৃষ্ণ চেতনা (ISKON)ৰ চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীকে ধৰি ১৯ গৰাকী লোকৰ বিৰুদ্ধে দাখিল কৰা মিছা গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত এটা প্ৰতিবাদী সমদল কাৰ্য্যসূচী ৰূপায়ণ কৰে। জাগৰণ মঞ্চই অহা সোমবাৰৰ ভিতৰত গোচৰটো প্ৰত্যাহাৰ নকৰিলে প্ৰতিবাদ কাৰ্য্যসূচী অব্যাহত ৰাখিব বুলি সঁকিয়নি দিয়ে। সনাতন জাগৰণ মঞ্চৰ মুখপাত্র চিন্ময় কৃষ্ণ দাসে বাংলাদেশৰ হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ অধিকাৰৰ পোষকতা কৰি আহিছে। শুকুৰবাৰে বিভিন্ন বাধা নেওচি সনাতন জাগৰণ মঞ্চই বিয়লি চট্টগ্ৰামৰ চেৰাগি পাহাৰ অঞ্চলত আয়োজন কৰা প্ৰতিবাদী সমাৱেশত যোগদান কৰি তেওঁলোকৰ আঠদফীয়া দাবী পুনৰবাৰ উত্থাপন কৰে। সমাৱেশত ভাষণ দি সনাতন জাগৰণ মঞ্চৰ অন্যতম আয়োজক গৌৰাংগ দাস ব্ৰহ্মচাৰীয়ে কয় যে, তেওঁলোকে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী অধ্যাপক মহম্মদ ইউনুছক মিছা গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। গোচৰটো প্ৰত্যাহাৰ নকৰিলে স্মাৰক পত্ৰ দাখিল কৰি সমগ্ৰ দেশতে কঠোৰ কাৰ্য্যসূচী বলবৎ কৰিব বুলি ঘোষণা কৰে। তেওঁ লগতে অভিযোগ কৰে যে, আৰক্ষীয়ে জনসাধাৰণক শান্তিপূর্ণ সমাৱেশত যোগদান কৰাত বাধা আৰোপ কৰিছিল। বাংলাদেশৰ দৈনিক কাকত প্রথম আলোৱে প্ৰকাশ কৰা অনুসৰি, বন্দৰ চহৰৰ বিভিন্ন স্থানত আইন প্রয়োগকাৰী সংস্থাৰ সদস্যসকলে স্থিতি গ্ৰহণ কৰি ৰাইজক সমাৱেশত যোগদান কৰাত বাধা আৰোপ কৰে। শ্ৰীব্ৰহ্মচাৰীয়ে লগতে কয় যে, তেওঁলোকক কাৰাদণ্ডৰ ভাবুকি দিয়া হৈছে যদিও তেওঁলোকে আঠদফীয়া দাবী উপলব্ধি কৰি এই কাৰ্য্যসূচী গ্ৰহণ কৰিছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds