Wednesday, June 11, 2025
33.2 C
Guwahati
TOP NEWS:

বন বিভাগৰ নৱনিযুক্ত প্ৰধান মুখ্য বন সংৰক্ষক সন্দীপ কুমাৰক সম্বৰ্দ্ধনা অসম বন কৰ্মচাৰী সন্থাৰ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

গুৱাহাটীঃ অসম চৰকাৰৰ বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বাহিনীৰ মূৰব্বী ৰাজপাল সিঙে ৩১ অক্টোবৰত অৱসৰ গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে বাহিনীটোৰ মূৰব্বী হিচাপে নিযুক্তি দিছে ভাৰতীয় বন সেৱাৰ জ্যেষ্ঠ বিষয়া আৰু বন বিভাগত বিশেষ প্ৰধান মুখ্য বন সংৰক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সন্দীপ কুমাৰে। অৱশ্যে দীপাবলীৰ চৰকাৰী বন্ধ থকা বাবে বন বাহিনীৰ নৱনিযুক্ত মূৰব্বী সন্দীপ কুমাৰে ২ অক্টোবৰত অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ পাঞ্জবাৰীস্থিত অৰণ্য ভৱনত কাৰ্যভাৰ গ্ৰহণ কৰে। আনহাতে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতেই বন বিভাগৰ বনকৰ্মী সকলৰ একমাত্ৰ আৰু উমেহতীয়া সংগঠন অসম বন কৰ্মচাৰী সন্থাৰ এটা সজাতি দলে সন্দীপ কুমাৰক সম্বৰ্দ্ধনা জনায়।

সন্থাৰ সভাপতি হোমেন পেগু আৰু সাধাৰণ সম্পাদক ৰাহুল বৰাৰ নেতৃত্বত যোৱা সজাতি দলটোৱে শৰাই, ফুলাম গামোচা, জাপি আৰু ফুলৰ থোপাৰে বিপুলভাৱে সম্বৰ্দ্ধনা জনাই। সজাতি দলটোত সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক আব্দুল ৰশ্বিদ, বিত্ত সম্পাদক ঘনশ্যাম দাস (জোন), ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাৰ সাংগঠনিক সম্পাদক চিকাৰী ইংহি আৰু যোৰহাট জিলাৰ সভাপতি অঞ্জন বৰুৱা উপস্থিত আছিল।

সম্বৰ্দ্ধনা অনুষ্ঠানৰ পাছতেই নৱনিযুক্ত বন বাহিনীৰ মূৰব্বী গৰাকীৰ সৈতে সন্থাৰ সজাতি দলটোৱে বিভিন্ন বিষয়ত মত-বিনিময় কৰে। বিশেষকৈ বনৰক্ষীৰ পদোন্নতি, চতুৰ্থ বৰ্গৰ পদত কাম কৰি অহা কৰ্মচাৰী সকলৰ পদোন্নতি, বেতন অবিহনে মাষ্টাৰ ৰোলত কাম কৰি অহা অস্থায়ী বনকৰ্মী সকলক ফিক্সড পেৰ আওতালৈ আনি বেতন প্ৰদানৰ ব্যৱস্থা কৰাকে ধৰি বিভিন্ন বিষয় আলোচনা কৰা হয়। সন্দীপ কুমাৰে সন্থাৰ দাবী সমুহ মনোযোগেৰে শুনি সন্থাৰ নাৰ্য্য দাবী কেইটা শীঘ্ৰে সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি সদৰি কৰে।

- Advertisement -

Hot this week

ৰাজ্যসভাৰ নিৰ্বাচনৰ মনোনয়ন পত্র দাখিল

১৯ জুনত ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী কনাড পুৰকায়স্থ...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

সত্ৰসমূহ বেদখলমুক্ত কৰি সত্ৰীয়া সংস্কৃতিৰ শিপাক মজবুত কৰি ৰখাৰ প্ৰয়াস

‘অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম৷...

The Role of Social Organizations in Children’s Career Development -Dr. Buljit Buragohain 

Children’s career development is a long-term and multifaceted process....

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ...

Topics

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ...

উৎকট গৰমঃ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়...

ASSAM RIFLES AND DRI RECOVER HEROINE WORTH ₹22.73 CRORE FROM KABUGANJ, ASSAM

In a major breakthrough Assam Rifles, in coordination with...

অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম

‘অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম৷...

Related Articles

Popular Categories

Assam
clear sky
35 ° C
35 °
35 °
56 %
0.9kmh
7 %
Wed
37 °
Thu
36 °
Fri
34 °
Sat
34 °
Sun
33 °