Thursday, May 29, 2025
26.5 C
Guwahati
TOP NEWS:

ফ’ৰলেনৰ কামৰ গতি খৰতকীয়া কৰিবলৈ এনএইচআইডিচিএলক বিশ্বনাথ প্ৰশাসনৰ নিৰ্দেশ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

পথ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথত অনুষ্ঠিত হয় জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক, ফ’ৰলেনৰ কামৰ গতি খৰতকীয়া কৰিবলৈ এনএইচআইডিচিএলক বিশ্বনাথ প্ৰশাসনৰ নিৰ্দেশ

বিশ্বনাথ চাৰিআলি, ০৬ আগষ্ট:- সমগ্ৰ জিলাখনত পথ সুৰক্ষা উন্নত কৰাৰ লগতে যাত্ৰীসকলৰ বাবে যাত্ৰা মসৃণ কৰাৰ উদ্দেশ্যৰে আজি বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভা কক্ষত অনুষ্ঠিত হয় জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক। বৈঠকত অধ্যক্ষতা কৰি বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত লিজা তালুকদাৰে পথ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত ফ’ৰলেনৰ কাম ত্বৰান্বিত কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম (এনএইচআইডিচিএল)ৰ প্ৰতি কেইবাটাও নিৰ্দেশনা জাৰি কৰে। এনএইচআইডিচিএলৰ প্ৰতিনিধিসকলক অক্টোবৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত জামুগুৰি-বিশ্বনাথ চাৰিআলি পথছোৱাত ফ’ৰলেন নিৰ্মাণৰ সকলো বাকী থকা কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। তেখেতে কয় যে যদিও এই পথছোৱাৰ কাম কম বেছি পৰিমাণে সম্পূৰ্ণ হৈছে, তথাপি কাম বাকী থকা অংশত যাত্ৰীসকলৰ বাবে ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে। সেয়েহে, অহা দুমাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ এনএইচআইডিচিএলে “অগ্ৰাধিকাৰ” ভিত্তিত কাম কৰিব লাগিব। বিষয়াগৰাকীয়ে এনএইচআইডিচিএলক পথ সুৰক্ষা বৃদ্ধিৰ বাবে কাম সম্পূৰ্ণ হোৱাৰ পিছত সমগ্ৰ পথছোৱাত সঠিক পথ নিৰ্দেশনা দিবলৈয়ো কয়।

বিশ্বনাথ চাৰিআলি-গহপুৰ পথছোৱাৰ সন্দৰ্ভত তালুকদাৰে কামৰ লেহেম গতিৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰে। তেখেতে এনএইচআইডিচিএলক ঠিকাদাৰ সম্পৰ্কীয় সকলো সমস্যা অতি সোনকালে সমাধান কৰিবলৈ কয় যাতে কামৰ গতি ত্বৰান্বিত কৰিব পৰা যায়। তদুপৰি,জিলা পৰিবহণ বিষয়া উমেশ চন্দ্ৰ শৰ্মাক জিলাখনত দুৰ্ঘটনা অনুসন্ধানকাৰী দল (চিআইটি) গঠনৰ সন্দৰ্ভত সকলো আনুষ্ঠানিকতা ১০ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। এই দলসমূহক জিলাখনত মাৰাত্মক দুৰ্ঘটনাৰ কাৰণ বিশ্লেষণ কৰাৰ দায়িত্ব অৰ্পণ কৰা হ’ব যাতে দুৰ্ঘটনা সংঘটিত হোৱা স্থানত পুনৰাই দুৰ্ঘটনা হোৱাটো প্ৰতিহত কৰিব পৰা যায়।

তালুকদাৰে বৈঠকত বিশ্বনাথ চাৰিআলি চহৰৰ সকলো পথ নিৰ্মাণ আৰু উন্নয়ন সম্পৰ্কীয় কামৰ অগ্ৰগতিৰ বুজ লয় আৰু লোক নিৰ্মাণ বিভাগক অহা ১৫ দিনৰ ভিতৰত সকলো পেভাৰ ব্লক স্থাপনৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ জাৰী কৰে।বৈঠকৰ আৰম্ভণিতে, জিলা পৰিবহণ বিষয়াশৰ্মাই পূৰ্বৱৰ্তী জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ কাৰ্যকৰীকৰণ সম্পৰ্কীয় প্ৰতিবেদন সভাত ডাঙি ধৰে।

- Advertisement -

Hot this week

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
24.4 ° C
24.4 °
24.4 °
95 %
2.5kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
27 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds