31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    প্ৰৱঞ্চনা আৰু উৎকোচ কাণ্ডত গৌতম আদানিক গ্ৰেপ্তাৰৰ দাবী ‘আপ’ৰ

    এপিডিচিএলৰ বিদ্যুত ক্ৰয়ৰ চুক্তিৰো তদন্ত দাবী মনোজ ধানোৱাৰৰ

    গুৱাহাটীঃ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ উদ্যোগপতি গৌতম আদানিৰ গ্ৰেপ্তাৰৰ দাবী কৰিছে আম আদমী পাৰ্টিয়ে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ফেডাৰেল ক’ৰ্টে ২,২০০ কোটি টকাৰ উৎকোচ কেলেংকাৰিত দোষী সাব্যস্ত কৰা আদানিক অবিলম্বে গ্ৰেপ্তাৰৰ দাবী আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ। আজি আপৰ নেতা গৰাকীয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে কয়, “আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজিউৰ পাৱাৰ নামৰ প্ৰতিষ্ঠানক আদানিয়ে কৰা প্ৰৱঞ্চনাৰ অভিযোগ আৰু আদালতে আদানিৰ লগতে তেওঁৰ আন ৭ গৰাকী সহযোগীক দোষী সাব্যস্ত কৰাৰ ঘটনাই আন্তৰ্জাতিক পৰ্যায়ত ভাৰতৰ মৰ্যাদা হানি কৰিছে। ইমান দিনে আম আদমী পাৰ্টিৰ লগতে দেশৰ অন্যান্য বিৰোধী দলে গৌতম আদানিৰ বিভিন্ন অনিয়ম সন্দৰ্ভত দেশবাসীক অৱগত কৰি আহিছে। বিগত দিনত চৰকাৰী পক্ষই তেওঁক সুৰক্ষা দিয়াৰ উপৰি আদানিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা সকলৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে। কিন্তু এইবাৰ নিউয়ৰ্কৰ আদালতে জাৰি কৰা গ্ৰেপ্তাৰী পৰোৱানাই আদানিৰ যে ঠগ, প্ৰৱঞ্চক সেই কথা স্পষ্ট কৰিলে। আমি শীঘ্ৰে আদানিৰ গ্ৰেপ্তাৰ বিচাৰিছোঁ। ” আনহাতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এজিউৰ পাৱাৰৰ পৰা এপিডিচিএলৰ বিদ্যুত ক্ৰয়ৰ সন্দৰ্ভত আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ধানোৱাৰে কয়,” যিহেতু দেশৰ আন ৰাজ্যত বিদ্যুত বিক্ৰীৰ চুক্তি সম্পন্ন কৰাৰ উদ্দেশ্য এজিউৰ পাৱাৰে আদানিৰ জৰিয়তে উৎকোচ দিয়াৰ তথ্য আদালতত ফাদিল হৈছে, সেইবাবেই অসম চৰকাৰে এপিডিচিএলৰ জৰিয়তে এজিউৰ পাৱাৰৰ পৰা বজাৰ দৰতকৈ অধিক দামত বিদ্যুত ক্ৰয়ৰ চুক্তিও সন্দেহৰ আৱৰ্তত সোমাই পৰিছে। আমি এই সমগ্ৰ প্ৰক্ৰিয়াৰ তদন্ত দাবী কৰিছোঁ। দিল্লীৰ আপৰ চৰকাৰকো আদানি গ্ৰুপে বিদ্যুত বিক্ৰীৰ প্ৰস্তাৱ দিছিল। কিন্তু আদানিৰ প্ৰস্তাৱ দিল্লীৰ চৰকাৰে গ্ৰহণ নকৰিলে। আদানিৰ জালত ভৰি নিদিয়াৰ বাবেই আজি দিল্লীবাসীয়ে ২০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুত লাভ কৰিবলৈ সক্ষম হৈছে। “

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds