31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ ২০২৪ ৰ প্ৰাৰম্ভিক অনুষ্ঠান

    প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিশেষ কাৰ্যক্ৰম

    গুৱাহাটীঃ সমাগত ‘প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৪-ৰ লগত সংগতি ৰাখি আজি গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয় প্ৰেক্ষাগৃহত দুই শতাধিক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় বুলি প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ সাধাৰণ সম্পাদক বিক্ৰম কলিতা আৰু সম্পাদক ড° হীৰকজ্যোতি শৰ্মাই জানিবলৈ দিছে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ মহন্তই শুভাৰম্ভ কৰা এই অনুষ্ঠানটোৱে ছাত্ৰ-ছাত্ৰীসকলৰ মনত বিশেষ ধৰণে ৰেখাপাত কৰিবলৈ সক্ষম হয়। এই অনুষ্ঠানত সাহিত্য বিষয়ক প্ৰশ্নোত্তৰ, বানান শুদ্ধকৈ কোৱা তথা সাঁ‌থৰ কোৱা আদি আকৰ্ষণীয় প্ৰতিযোগিতাত মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকলে আন্তৰিকতাৰে অংশগ্ৰহণ কৰে। শুদ্ধ উত্তৰ প্ৰদান কৰি পুৰস্কাৰ লাভৰ কৰাৰ পাছত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত যথেষ্ট তৎপৰতা পৰিলক্ষিত হৈছিল।

    মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানে বিদ্যয়তনিক ব্যস্ততাত থকা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক এক নতুন আমেজ দিয়াৰ লগতে ‘প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’ ২০২৪-লৈ যথেষ্ট কৌতুহল বৃদ্ধি হোৱা বুলি আয়োজক সকলে জানিবলৈ দিছে। উল্লেখ্য যে, অহা ১৩,১৪ আৰু ১৫ ডিচেম্বৰত গুৱাহাটীৰ শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনত অনুষ্ঠিত হ’ব দ্বিতীয় বৰ্ষৰ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ। এইবাৰৰ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱত দেশৰ বহ সংখ্যক আগশাৰীৰ সাহিত্যিক-বুদ্ধিজীৱিৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰো ভালে সংখ্যক প্ৰতিষ্ঠিত তথা উদীয়মান লেখক-লেখিকাই অংশগ্ৰহণ কৰিব বুলি সাধাৰণ সম্পাদক বিক্ৰম কলিতাই জানিবলৈ দিছে৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds