31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    পশ্চিমবংগত ৰাষ্ট্ৰীয় নাট্য মহোৎসৱত উজলিল পশ্চিম গুৱাহাটীৰ ৰাজীৱ কলিতাৰ ‘মহ’

    গুৱাহাটীঃ পশ্চিমবংগৰ মুৰ্চিদাবাদ আৰু শান্তিপুৰত যোৱা ২৩ আৰু ২৪ ডিচেম্বৰত আয়োজিত ৰাষ্ট্ৰীয় নাট্য মহোৎসৱত পশ্চিম গুৱাহাটীৰ ধাৰাপুৰৰ প্রতিভাৱান নাট্যকাৰ ৰাজীৱ কলিতাৰ ‘মহ’ (A Journey of Mosquito) সফলতাৰে মঞ্চায়ন কৰা হয়। নাটখন পৰিচালনা কৰিছিল কৈলাশ দাসে। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা ভালে কেইজন প্ৰখ্যাত নাট্যকাৰৰ নাটক মহোৎসৱত মঞ্চস্থ কৰা হৈছিল।

    অৱশ্যে দৰ্শকে মহ নাটকখন উপভোগ কৰি অন্য এক সোৱাদ পোৱা বুলি ৰাজীব কলিতাই সদৰি কৰিছে। পশ্চিমবংগৰ মুৰ্চিদাবাদ আৰু শান্তিপুৰৰ ৰবীন্দ্ৰ সদনত নাট্যকাৰ ৰাজীৱ কলিতা আৰু পৰিচালক কৈলাশ দাসক তেওঁলোকৰ পৰম্পৰাগত ৰীতি-নীতিৰে সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে মহ নাটকত অভিনয় কৰিছে ক্ৰমে- বিশিষ্ট অভিনেতা দীপেন দাস, অনিবার্ন কুমাৰ, দীক্ষিতা কাকতী, মুকুল বিশ্বাস, কৃষ্ণ বড়া, দিক্ষু দাস, অপৰূপা ঠাকুৰীয়া, অমৰ কলিতা, ৰাজীৱ কলিতা আৰু নিয়ান কাশ্যপে। সংগীত পৰিচালনা কৰিছিল কংকনা হাজৰিকাই।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds