অহা ১ আৰু ২ মাৰ্চত নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ‘খেলো ইণ্ডিয়া-এন টি পি চি উত্তৰ পূব মুকলি আৰ্চাৰী প্ৰতিযোগিতা’। আৰ্চাৰী এছচিয়েচন অৱ ইণ্ডিয়াৰ সহযোগত অসম আৰ্চাৰী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যই অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাখনৰ বাবে প্ৰায় ১৪০ গৰাকী আৰ্চাৰে ইতিমধ্যে পঞ্জীয়ন কৰিছে। অসমক প্ৰতিনিধিত্ব কৰিবলগীয়া আৰ্চাৰৰ সংখ্যা প্ৰায় ৪৮ গৰাকী। প্ৰতিযোগিতাৰ প্ৰথমদিনা শনিবাৰে ৰিকাৰ্ভ ইভেন্ট অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়দিনা দেওবাৰে অনুষ্ঠিত হ’ব কম্প্ৰাউণ্ড শাখাৰ মেচ। প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং, এন টি পি চিৰ প্ৰতিনিধিৰ উপৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। আনহাতে, সামৰণি অনুষ্ঠানত গুৱাহাটী ছাইৰ কাৰ্যবাহী সঞ্চালক ডি কে মিট্টাল, সহকাৰী সঞ্চালক সম্ভূ যাদৱৰ উপৰি এন টি পি চিৰ প্ৰতিনিধি উপস্থিত থকাৰ কথা। প্ৰতিযোগিতাখন পৰিচালনা কৰিবৰ বাবে টেকনিকেল অফিচিয়েল সকলক প্ৰেৰণ কৰিছে আৰ্চাৰী এছচিয়েচন অৱ ইণ্ডিয়াই। শুক্ৰবাৰে, অসম অলিম্পিক সন্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সংবাদমেলত অসম আৰ্চাৰী সন্থাই এই কথা প্ৰকাশ কৰে। সংবাদমেলত অসম আৰ্চাৰী সন্থাৰ হৈ উপস্থিত থাকে উপ-সভাপতি প্ৰশান্ত কাঠকটীয়া, সম্পাদক জয়ন্ত বড়ো, কোষাধ্যক্ষ লোহিত দাসৰ উপৰি ৰাজ্যিক সন্থাৰ বিষয়-ববীয়াসকল।
Leave a Reply