Monday, June 30, 2025
34.2 C
Guwahati
TOP NEWS:

নাজিৰাৰ এসময়ৰ আছু তথা অসম আন্দোলনৰ সদ্য নেতা প্ৰয়াত পুতুল নেওগৰ আজি নাজিৰাস্থিত বাসগৃহত আদ্যশ্ৰাদ্ধ

- Advertisement -

♦শিৱসাগৰ জিলাৰ নাজিৰাৰ বাহঁগড়া নিবাসী ডিআৰ ডি এৰ কৰ্মচাৰী একালৰ আছু তথা অসম আন্দোলনৰ সময়ছোৱাত কাৰাবাস খোৱা নাজিৰাৰ আগশাৰী নেতা, সদ্য প্ৰয়াত পুতুল নেওগৰ আজি নাজিৰাস্থিত বাসগৃহত আদ্যশ্ৰাদ্ধ

স্থানীয় ৰাইজৰ উদ্যোগত কভিদ প্ৰটকল মানি প্ৰয়াত নেতা জনৰ ‘স্মৃতি চাৰণ আৰু স্মাৰক গ্ৰন্থ উন্মোচনী’ সভা অনুষ্ঠিত হয়৷ বিশিষ্ট গল্পকাৰ, প্ৰবীণ সাংবাদিক নাজিৰা প্ৰেছ ক্লাবৰ সভাপতি বুলু চেতিয়াই সম্পাদনা কৰা ‘এপলক চকুলোৰে’ নামেৰে স্মাৰক গ্ৰন্থ খন উন্মোচন কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগ গগৈয়ে, গ্ৰন্থ খন উন্মোচন কৰি গগৈয়ে প্ৰয়াত নেওগৰ বৰ্ণিল সংগ্ৰামী জীৱনৰ ওপৰত বক্তব্য আগবঢ়াবই৷

পলদ্বীপ নেওগে আঁতধৰা অনুষ্ঠানটিত বুলু চেতিয়া, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি উৎপল কোঁৱৰ, সাংবাদিক দ্বীপজ্যোতি বৰগোঁহাই, নাজিৰা মহকুমা ছাত্ৰ সন্থাৰ সভাপতি দেৱজিৎ গগৈ আদিয়ে পুতুল নেওগৰ জীৱন পৰিক্ৰমাৰ ওপৰত আলোকপাত কৰে৷

স্মাৰক গ্ৰন্থ খনিত অসমৰ খ্যাতনামা শিল্পী মহেন্দ্ৰ হাজৰিকাকে ধৰি বহু ব্যক্তিয়ে লিখনি আগবঢ়াইছে৷ আজিৰ স্মৃতি চাৰণ সভাত যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতা কুল প্ৰসাদ শইকীয়া, পলাশ কোঁৱৰ, নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহকাৰী সম্পাদক সঞ্জীৱ নেওগকে প্ৰমুখ্য কৰি বহু ব্যক্তি উপস্থিত থাকে৷

প্ৰয়াত নেওগৰ পত্নী অপৰাজিতা নেওগ, পুত্ৰ কৌশিষ আৰু কন্যা প্লালাৱিতাই আজিৰ অনুষ্ঠানটি সুকলমে অনুষ্ঠিত হোৱা বাবে সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে৷

 

Hot this week

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

Related Articles

Popular Categories

Assam
overcast clouds
34 ° C
34 °
34 °
60 %
0.9kmh
100 %
Mon
34 °
Tue
29 °
Wed
32 °
Thu
28 °
Fri
32 °