Thursday, May 29, 2025
26.5 C
Guwahati
TOP NEWS:

ধ্বংসৰ গৰাহত পাটসাঁকোৰ ৰেচম বিভাগৰ মুগা সূতা উৎপাদনকাৰী ক্ষুদ্ৰ উদ্যোগিক প্ৰতিষ্ঠান

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

■ শিৱসাগৰ নাজিৰাৰ পৰা পাৰ্থ প্ৰতিম বৰুৱা
ধ্বংসৰ গৰাহত অবিভক্ত শিৱসাগৰ পাটসাঁকোৰ ৰেচম বিভাগৰ মুগা সূতা উৎপাদনকাৰী ক্ষুদ্ৰ উদ্যোগিক প্ৰতিষ্ঠান।পৰিত্যক্ত হৈ পৰি ৰৈছে প্ৰতিষ্ঠানটোৰ যন্ত্ৰ-পাতি।

অবিভক্ত শিৱসাগৰ জিলাৰ পাটসাঁকো বৰভূঞা অঞ্চলৰ ১৯৯০চনতেই প্ৰতিষ্ঠা কৰা হৈছিল অসম চৰকাৰৰ ৰেচম বিভাগৰ এটি মুগা সূতা উৎপাদনকাৰী ক্ষুদ্ৰ উদ্যোগিক প্ৰতিষ্ঠান। স্থাপনৰ ঠিক এক/দুইবছৰৰ পিছতে ধ্বংসৰ গৰাহলৈ গতি কৰিলে পাটসাঁকোৰ বৰভূঞা অঞ্চলৰ ৰেচম বিভাগৰ মুগা সূতা উৎপাদনকাৰী ক্ষুদ্ৰ উদ্যোগিক প্ৰতিষ্ঠানটো।

পাটসাঁকোৰ বৰভূঞা অঞ্চলত অৱস্থিত অসম চৰকাৰৰ ৰেচম বিভাগৰ এই মুগা সূতা উৎপাদনকাৰী ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠানতেই উৎপাদন কৰা হৈছিল চোম গছৰ পৰা বিভিন্ন মুগা সূতা। মুগা সূতা উৎপাদন কৰিবলৈ তাত ব্যৱহাৰ কৰা হৈছিল কেইবাটাকৈও সূতা কটা যন্ত্ৰ।

তিনিগৰাকীকৈ কৰ্মচাৰীয়ে অসম চৰকাৰ ৰেচম বিভাৰ এই মুগা সূতা উৎপাদনকাৰী ক্ষুদ্ৰ উদ্যোগিক প্ৰতিষ্ঠানটোত কৰ্মৰত আছিল। ইয়াৰ উপৰিও এই প্ৰতিষ্ঠানটোত মুগা সূতা উৎপাদনৰ বাবে প্ৰায় দুই বিঘাকৈ আছিল চোম গছ।

কিন্তু ১৯৯০চনতেই প্ৰতিষ্ঠা লাভ কৰা এই প্ৰতিষ্ঠানটো ১৯৯০চনৰ দুইবছৰৰ পিছৰৰ পৰাই বৰ্তমানলৈকে যেন সকলো ধ্বংসৰ গৰাহত উদ্যোগিক প্ৰতিষ্ঠানটো।

অসম চৰকাৰৰ মুগা সূতা উৎপাদন কাৰী ক্ষুদ্ৰ উদ্যোগিক প্ৰতিষ্ঠানটোৰ বৰ্তমান পয়া লগা অৱস্থা,উৱলি গৈছে টিন পাত,কোঠা সমূহত গজি উঠিছে লতা জাতীয় উদ্ভিদ,পকী দেৱাল সমূহত মেলিছে ফাঁট,পৰিত্যক্ত হৈ পৰি ৰৈ প্ৰতিষ্ঠানটোৰ সূতা কটা যন্ত্ৰ সমূহো।

চৰকাৰী কাগজে পত্ৰই বৰ্তমানেও চলি আছে অসম চৰকাৰৰ ৰেচম বিভাগৰ এই মুগা সূতা উৎপাদন কাৰী ক্ষুদ্ৰ উদ্যোগিক প্ৰতিষ্ঠানটো।প্ৰতিষ্ঠানটোত কৰ্মৰত তিনিগৰাকীকৈ কৰ্মচাৰীয়ে প্ৰতিষ্ঠানটোলৈ নহাকৈয়ে বৰ্তমানেও লাভ কৰি আছে প্ৰাপ্য মাহিলী দৰমহা।

ইয়াৰ উপৰিও মুগা সূতা উৎপাদনকাৰী ক্ষুদ্ৰ উৎপাদনকাৰী উদ্যোগিক প্ৰতিষ্ঠানটোত নাই এখনো নামফলক।

অসম চৰকাৰৰ ৰেচম বিভাগলৈ স্থানীয় ৰাইজৰ আহ্বান পাটসাঁকো বৰভূঞা অঞ্চলত অৱস্থিত মুগা সূতা উৎপাদন কাৰী এই ক্ষুদ্ৰ উদ্যোগিক প্ৰতিষ্ঠানটোৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি পুনৰ কাৰ্য্যক্ষম কৰি তোলাৰ লগতে স্থানীয় নিবনুৱা যুৱক যুৱতীক প্ৰতিষ্ঠানটোত কৰ্মসংস্থাপন দিবলৈ অসম চৰকাৰৰ ৰেচন বিভাগ,মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহনলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে।

- Advertisement -

Hot this week

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি গৌৰৱ গগৈ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে গৌৰৱ...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

সম্পাদকলৈ চিঠি…✒️

সম্পাদকলৈ চিঠি...✒️ মাননীয় সম্পাদক মহোদয়, গৱেষণামূলক লেখা প্রকাশৰ বাবে আলোচনী বা...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
24.4 ° C
24.4 °
24.4 °
95 %
2.5kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
27 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds