31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    দেৱাদিদেৱ মহাদেৱৰ আৰাধনাৰ বাবে ব্যাপক প্রস্তুতি

    মহা শিৱৰাত্ৰি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্রান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনাৰ বাবে ব্যাপক প্রস্তুতি চলিছে। শিৱ মন্দিৰসমূহ পূজাৰ বাবে সজাই পৰাই তোলা হৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত মহা শিৱৰাত্ৰি পূজা আৰু মেলা আজিৰে পৰা ৪ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। জিলা প্ৰশাসনে এই পূজা আৰু মেলা নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। অগণন লোকৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত শিৱৰাত্ৰি উদযাপন সমিতিয়ে চি চি টিভি কেমেৰা সংস্থাপন কৰিছে। আজি দিনৰ ভাগত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। কাইলৈ সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচীৰ অংশ হিচাপে ভাওনা প্ৰদৰ্শন কৰা হ’ব। পৰহিলৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ দ্বাৰা প্রকাশিত স্মাৰক গ্ৰন্থ মুক্তিনাথ উন্মোচন কৰিব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। ২৮ ফেব্ৰুৱাৰীৰ সামৰণি অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থকাৰ কথা।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds