31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    ঢেঁকীশালৰ চকুলো 🖋️ হিমাংশু গগৈ

    চুবুৰীটো এতিয়া পকী হৈছে, পূৰ্বতে ঢেঁকীশালৰ থোৰাত গুমগুমোৱা চুবুৰীটো এতিয়া অত্যাধুনিক মেচিনৰ তালফাল লগোৱা শব্দত জাহ যোৱা হৈছে।

    পূৰ্বতে অসমৰ প্ৰতিখন সম্ভ্ৰান্ত পৰিয়ালৰ এখন চিনাকি মুখ আছিল ঢেঁকী। সংস্কৃতিবান বহুলোকৰ ঘৰত চ’ৰাঘৰ, আখলঘৰ, গোহালিঘৰ, ভঁৰালঘৰ, তাঁতশাল, বাটচ’ৰা থকাৰ দৰে ঢেঁকীশালৰো আছিল এক অনন্য মাদকতা। এই ঢেঁকীশাল ব্যৱহাৰ কৰিয়েই অসমীয়া থলুৱা চহা লোকসকলে আমন্ত্ৰণ জনাইছিল অসমীয়াৰ বাপতিসাহোন বিহুক। ঢেঁকীৰ আছিল অসমীয়া কৃষিজীৱি জীৱনৰ লগত এক এৰাব নোৱাৰা সম্পৰ্ক। বিহু অহাৰ লগে লগেই‌ যেন ঢেঁকীৰ সোণত সুৱগাহে চৰে। গাঁওখনৰ সকলোৰে ঘৰত ঢেঁকী নাথাকে বাবেই বহুলোকে ঢেঁকীশালৰ গৰাকীৰ ঘৰত পুৱাৰপৰাই খাপ দি ৰৈ থাকে।

    ৰ’বলৈ অলপো আহৰি নাপায়। জীয়াৰী-বোৱাৰীহঁতৰ ভৰিৰ গচকত ঢেঁকীৰ গুমগুমণিত তেতিয়া চুবুৰিটো কঁপে। নানান ৰসাল কথাৰ মহলাত তেতিয়া চুবুৰীটোত হোৱা‌-দোৱা লাগে।

    অসমীয়া লোকসাহিত্য, সংস্কৃতিতো ঢেঁকীৰ এক গুৰুত্বপূর্ণ স্থান আছে। অতীজৰেপৰা ঢেঁকীক লৈ অনেক প্রবাদ, পটন্তৰ, ফকৰা-যোজনা, সাঁথৰৰ প্ৰচলন চলি আহিছে। বিহুনাম, বিয়া নামতো ঢেঁকীৰ স্থান আছে। ঢেঁকী’ কেৱল ঘৰুৱা কাম-কাজতে সীমাবদ্ধ নাথাকি সাহিত্য সংস্কৃতিৰ ভঁৰালো চহকী কৰি ৰাখিছে। ঢেঁকীৰ লগত জড়িত কেইটামান বিহুনাম এনেধৰণৰ-

    ‘ঢেঁকী দি থাকোঁতে তোলৈ মনত পৰে
    বাঢ়ণি হাতত লৈ কান্দো……..
    আৰৈ ধান লেচিয়া বানিবি কেতিয়া
    কুলাতকৈ চালনি ঘন……….’

    ‘দে ঢেঁকী দে ঢেঁকী দে অ’ মোৰে লাহৰী’

    ঢেঁকীৰ লগত জড়িত বিয়ানামো এনেধৰণৰ-

    “ঢেঁকীৰে মলখু চালনিত সৰিব, হৰিহে খুন্দিবা ভখেৰিৰ ধানহে’।

    এনেধৰণৰ বহু অসমীয়া বিহুনাম আৰু বিয়ানামত সোমাই আছে ঢেঁকীৰ প্ৰসংগ। আনহাতে, ঢেঁকীৰ লগত জড়িত থকা কেইটামান প্রবাদ পটন্তৰ এনে ধৰণৰ-

    ‘মাকতকৈ জীয়েক কাজী, ঢেঁকী থোৰাৰে বাতে পাজি

    এনেধৰণৰ বহু প্রবাদ, পটন্তৰ, সাঁথৰ, ফকৰা-যোজনা অসমীয়া জনজীৱনত প্রচলিত হৈ আহিছে। ঢেঁকীৰ লগত জড়িত বহু লোক-বিশ্বাসো আমাৰ অসমীয়া সমাজত প্রচলন আছে। যেনে- ‘ভাত খোৱাৰ সময়ত আৰু সন্ধিয়া ঢেঁকী দিব নাপায়’, আকৌ কোৱা হয় বোলে পৰিয়ালত এটা চৰু থাকিলে দুটা ঢেঁকী থাকিব নাপায়। গতিকে আমি দেখোঁ যে ঢেঁকীৰ লগতো অসমীয়া জন-জীৱনত নানা লোক-বিশ্বাস জড়িত হৈ আছে।
    ঢেঁকীৰ গুৰুত্ব আমি প্রতিটো সময়তে অনুভৱ কৰোঁ। পূৰ্বতে ঢেঁকীশাল অসমীয়া জীয়াৰী-বোৱাৰীৰ বাবে এখন মেল মৰা ঠাইও হৈছিল। এতিয়া অৱশ্যে তেনে পৰিৱেশ‌ নাই। ঢেঁকীশালতেই জীয়াৰী-বোৱাৰী বা বহুজনৰ জীৱনৰ গোপন ৰহস্য উদ্ঘাটন হৈছিল। ঢেঁকীশালতেই সৃষ্টি হৈছিল বহু অজান কাহিনীৰ, কাৰোবাৰ গোপন প্ৰেমৰ অভিসাৰ, কাৰোবাৰ প্ৰেমৰ নতুন অভিসন্ধি।
    কালৰ কোবাল সোঁতত লাহে লাহে ঢেঁকীৰ প্রচলন কমি আহিছে।

    চুবুৰীটো এতিয়া পকী হৈছে, পূৰ্বতে ঢেঁকীশালৰ থোৰাত গুমগুমোৱা চুবুৰীটো এতিয়া অত্যাধুনিক মেচিনৰ তালফাল লগোৱা শব্দত জাহ যোৱা হৈছে।

    মেচিনে মানুহবোৰ আঁতৰাই নিছে। যান্ত্ৰিকতাৰ চাকনৈয়াত পৰি মানুহৰ মনবোৰ যদিও অত্যাধুনিকতাৰ ফালে ঢাল খাইছে। তথাপি চহা গ্ৰাম্য জীৱনত ইয়াৰ প্ৰচলন কোনোগুণে কমি অহা নাই।চহৰৰ যান্ত্ৰিকতাৰ কোবাল ৰোষত পৰা লোকৰ বাবে ঢেঁকী শব্দটো অচিনাকী হ’ব পাৰে। কিন্তু গ্ৰাম্য চহা জীৱনৰ বাবে ই এক এৰাব নোৱাৰা আবেগ। কিন্তু অসমীয়া সংস্কৃতিৰ শিপাডালক কেৱল গ্ৰাম্য সমাজে খামুচি ধৰি থাকিলে নহ’ব,চহৰৰ লোকসকলো শিপাৰ সৈতে সংপৃক্ত হৈ জীয়াই থাকিবলৈ শিকিব লাগিব। অসমীয়াৰ আবেগৰ সংস্কৃতিবোৰক জীয়াই ৰাখিবলৈ আমি সংগ্ৰাম কৰিব লাগিব। আমি সকলো দায়বদ্ধ হ’ব লাগিব। তেতিয়াহে অসমীয়াৰ বৰঘৰৰ সোণালী সংস্কৃতি অনাদি অনন্ত কাললৈ চিৰ প্ৰবাহিত হৈ থাকিব।

    🖋️ হিমাংশু গগৈ
    চতুৰ্থ ষাণ্মাসিক
    ৰাজনীতি বিজ্ঞান বিভগ
    ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds