31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    জটিল ৰোগত আক্ৰান্ত শিৱসাগৰ জিলাৰ এগৰাকী শিক্ষক

    ■ পাৰ্থ প্ৰতিম বৰুৱা, শিৱসাগৰঃ
    এক জটিল ৰোগত আক্ৰান্ত এজন শিক্ষক। মমবাতিৰ দৰে জ্বলি ছাত্র ছাত্ৰীক শিক্ষাৰ পোহৰ বিলাই যোৱা এজন শিক্ষক। চিকিৎসাৰ অভাৱত এইজন বেতন বঞ্চিত শিক্ষক।

    শিৱসাগৰ জিলাৰ হাঁহচৰা কুজিবালিৰ এজন বেতন বঞ্চিত শিক্ষক নিৰন শইকীয়া। ১৯৯৬ চনৰ পৰা পৱিত্র শিক্ষা বৃত্তিৰ লগত জড়িত হৈ আছিল এইজন শিক্ষক নিৰন শইকীয়া। শিৱসাগৰ হাঁহচৰা বাঘধৰা হাইস্কুলৰ বিষয় শিক্ষক হিচাপে নিজৰ দায়িত্ব পালন কৰি আহিছিল তেখেতে। কিন্তু আজি পৰ্যন্ত নিয়মিতভাৱে বেতন লাভ কৰিবলৈ সক্ষম নহ’ল তেখেতে। বৰ্তমান শিক্ষকগৰাকী এক জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ ক্ষণ গণিছে।

    অৰ্থৰ অভাৱত উন্নত চিকিৎসা কৰিবলৈ সক্ষম নহয় তেখেত। উন্নত চিকিৎসাৰ বাবে ৰাইজৰ সহায়-সহযোগ কামনা কৰিছে শিক্ষক নিৰন শইকীয়াই।

    কোনো হৃদয়বান লোকে তেখেতক সহায় কৰিবলৈ শিমলুগুৰিস্থিত ভাৰতীয় ষ্টেট বেংকৰ
    SBI ACCOUNT NUMBER 37970609424, IFC CODE SBIN0007381-ত নিৰন শইকীয়াক আৰ্থিক সহায় সাহাৰ্য্য দিব পাৰিব।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds