31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    চৰাইৰ সুললিত কণ্ঠই মুখৰিত কৰিছে বৰলাপাৰ-বুঢ়া-বুঢ়ীৰপুখুৰী পাৰৰ :

    চৰাইৰ সুললিত কণ্ঠই মুখৰিত কৰিছে বৰলাপাৰ-বুঢ়া-বুঢ়ীৰপুখুৰী পাৰৰ :

    নাৰায়ণপুৰৰ ঐতিহাসিক বৰলা আৰু বুঢা-বুঢী পুখুৰী সংৰক্ষনৰ দাবী স্থানীয় ৰাইজৰ।

    চৰাইৰ সুললিত কণ্ঠই মুখৰিত কৰিছে বৰলাপাৰ-বুঢ়া-বুঢ়ীৰ পুখুৰী পাৰৰ ।

    শীতৰ আগমনৰ লগে লগে নাৰায়ণপুৰৰ ঐতিহাসিক বৰলাপাৰ আৰু বুঢ়া -বুঢ়ী পুখুৰীত দেশ-বিদেশৰ বিভিন্ন প্ৰজাতিৰ চৰাই- চিৰিকতিৰ আগমন ঘটে ।

    বিশেষকৈ শৰালী, পানীকাউৰী, বৰটোকোলা, দেওহাঁহ, আৰু শামুকভঙাই প্ৰধান ।

    দুয়োটা পুখুৰীলৈ আগমন ঘটা এই পৰ্যটনমুখী চৰাই-চিৰিকতিৰ সুমধুৰ কল-ৰৱ কণ্ঠই বসন্ত নমাই আনে সমগ্ৰ অঞ্চলটোলৈ ।

    চৰাই-চিৰিকতি এই এনে আগমনৰ দৃশ্য উপভোগ কৰিবলৈ প্ৰতি বছৰে অৰুণাচলৰকে ধৰি বহু ঠাইৰ পৰা প্ৰকৃতি প্ৰেমী সকল দৌৰি আহে ।

    জনশ্ৰুতিৰ মতে আৰিমত্ৰ ৰজাই খন্দোৱা এই পুখুৰী দুটা অসম চৰকাৰে সংৰক্ষন কৰি পখি উদ্যান হিচাপে গঢি তুলিলে অঞ্চলটোৰ পৰ্যটন স্থলী হিচাপে গঢ়লৈ উঠিব । বৰ্তমান নামনি লক্ষীমপুৰ প্ৰকৃতিক সংৰক্ষনৰ অধিনত থকা পুখুৰী দুটা স্থানীয় যুৱক-যুৱতী সকলে চোৱা-চিতা কৰি আহিছে । স্থানীয় অঞ্চল বাসী লোকসকলে দীৰ্ঘ দিন ধৰি চৰকাৰৰ ওচৰত পুখুৰী দুটা সংৰক্ষনৰ দাবী জনাই আহিছে যদিও আজিলৈকে চৰকাৰে সংৰক্ষনৰ ব্যৱস্থা গ্ৰহন নকৰিলে ।

    ইফালে কাষতে থকা পাহাৰীয়া দ্ৰোৰপাং নদীৰ বানৰ কবলত পৰি কেতিয়াবা দুয়োটা পুখুৰী হেৰাই যোৱা আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।  

    নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ প্ৰতিবেদন

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds