31.3 C
Guwahati
Thursday, October 23, 2025
More

    শেহতীয়া আপডেটঃ

    চৰকাৰ, গড়কাপ্তানি বিভাগৰ ওপৰত আস্থা হেৰুৱাই নলবাৰীৰ খাতিকুছিত ৰাইজে বনালে বাহৰ দলং

    ♦ৰাজ্যৰ বিয়াগোমগড়কাপ্তানি বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই নলবাৰীৰ এটা বৃহৎ অঞ্চলৰ ৰাইজে দীৰ্ঘবছৰে ভূগি আহিছে নৰক যন্ত্ৰনাত।
    ♦ জিলাখনৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অধীনৰ সোনকুৰিহাত নোনা নৈৰ ওপৰত পকী দলং নিৰ্মাণৰ বাবে ৰাইজে বছৰ বছৰ ধৰি দাবী জনাই অহাৰ পিছতো ৰাইজৰ দাবীক গুৰুত্বই নিদিলে চৰকাৰ প্ৰশাসন কিম্বা জনপ্ৰতিনিধিয়ে। চৰকাৰ আৰু গড়কাপ্তানি বিভাগৰ প্ৰতি আস্থা হেৰুৱাই নোনা নদীৰ ওপৰত এতিয়া দলং নিৰ্মাণৰ কাম হাতত লৈছে ৰাইজে। স্বাধীনতাৰ ৭৪ বছৰ পিছতো যাতায়তত দুৰ্ভোগ ভূগি অহা ৰাইজে বছৰ বছৰ ধৰি দলংখন নিৰ্মাণ কৰাৰ বাবে স্থানীয় বিধায়ক গড়কাপ্তানি বিভাগ আৰু চৰকাৰৰ ওচৰত দাবী জনাই অহাৰ পিছতো ৰাইজৰ দাবীক গুৰুত্বই নিদিলে চৰকাৰ, প্ৰশাসন কিম্বা জনপ্ৰতিনিধি গৰাকীয়ে।

    বৃহত্তৰ অঞ্চলটোৰ সোনকুৰিহা ,পানিমাজকুছি , বালিপাৰাৰ পৰা ৰঙিয়াৰ তুলসীবাৰী সংযোগী পথচোৱাৰ ওপৰত উক্ত দলংখনি নিৰ্মাণ নোহোৱাৰ ফলত ৰাইজে দীৰ্ঘবছৰে যন্ত্ৰনা ভূগি আহিছে। বছৰি ৰাইজে গাঁঠিৰ ধন ভাঙি নদীৰ ওপৰত বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়ত সুচল কৰে যদিও প্ৰতিটো বাৰিষাৰ বানে বাঁহৰ দলংখনি উটুৱাই নিয়াৰ ফলত যাতায়ত দুৰ্বিসহ হৈ পৰে। বাৰিষা আহিলেই ইপাৰ সিপাৰৰ ছাত্ৰ-ছাত্ৰী সকলৰ যাতায়ত বন্ধ হৈ পৰে। লক্ষনীয়ভাবে বাৰিষা আহিলেই নোনা নৈৰ বানে কালৰুপ ধাৰণ কৰি বাঁহেৰে নিৰ্মিত দলংখনি উটুৱাই নিয়াৰ লগতে যাতায়ত বন্ধ হৈ পৰে। উপায় বিহীন হৈ স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি পুনৰ বাঁহৰ দলংখনি নিৰ্মাণ কৰি যাতায়ত সুচল কৰাৰ ব্যৱস্থা কৰিছে। গড়কাপ্তানি বিভাগে দলংখনি নিৰ্মাণ কৰি ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ দূৰ কৰাৰ বাবে দাবী জনাইছে স্থানীয় লোক সকলে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds