জালুকবাৰীঃ গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত লোকবন্ধু ডাঃ ভুৱনেশ্বৰ বৰুৱা সোঁৱৰণী সদৌ অসম আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখন আজি অনুষ্ঠিত হয়। প্রতিযোগিতাখনৰ উদ্ধোধনী অনুষ্ঠানত অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, উত্তৰ পূব হস্ততাঁত আৰু হস্তশিল্প উন্নয়ন নিগমৰ উপদেষ্টা সৃপৰ্না বৰুৱা, চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ প্ৰণৱজ্যোতি বৈশ্য, উপাধ্যক্ষা ডাঃ য়ানবেনী হামচৈ, অধ্যাপক ডাঃ বিমল ডেকা আৰু সহকাৰী অধ্যাপক ডাঃ প্ৰদ্যুম্ন গোস্বামী প্ৰমুখ্যে প্ৰতিযোগীসকল, মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্রী তথা চিকিৎসকসকল উপস্থিত থাকে। আনহাতে হিতেন্দ্ৰ নাথ গোস্বামীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা তৰ্ক প্ৰতিযোগিতাখনত বিচাৰক হিচাপে উপস্থিত থাকে বিদুলা শৰ্মা, মনীষ গোস্বামী আৰু কিশোৰ কলিতা।
প্রতিযোগিতাৰ শ্ৰেষ্ঠ তাৰ্কিকৰ বঁটা লাভ কৰি বঁটা, মানপত্ৰসহ চাৰি হাজাৰ টকা লাভ কৰে যোৰহাটৰ জে বি মহাবিদ্যালয়ৰ সুদীপ্ত শইকীয়াই, দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ বঁটা লাভ কৰি তিনি হাজাৰ টকাসহ বঁটা আৰু মানপত্ৰ লাভ কৰে দৰং মহাবিদ্যালয়ৰ অনুপ্ৰেৰণা মহন্তই তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ বঁটা লাভ কৰি আঢ়ৈ হাজাৰ টকাসহ বঁটা আৰু মানপত্ৰ লাভ কৰে গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ প্ৰিয়ংকা সাহাই। আনহাতে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ দলৰ ডাঃ ভুৱনেশ্বৰ বৰুৱা বঁটা আৰু মানপত্ৰসহ নগদ ৬ হাজাৰ টকা লাভ কৰে জে বি আইন মহাবিদ্যালয়ৰ গৌৰৱ কাশ্যপ আৰু য়াত্ৰিক শৰ্মাই। দ্বিতীয় শ্ৰেষ্ঠ দলৰ ডাঃ জগদীশ চন্দ্ৰ ভট্টাচাৰ্য সোঁৱৰণী চলন্ত বঁটাসহ নগদ পাঁচ হাজাৰ টকা লাভ কৰে গুৱাহাটীৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ মোজাহিদুল ইছলাম আৰু জনাঞ্জয় দেৱে। তৃতীয় শ্ৰেষ্ঠ দলৰ ঋতুপৰ্ণা বৰপাত্ৰ গোহাঁই সোঁৱৰণি চলন্ত বঁটা জে বি আইন মহাবিদ্যালয়ৰ সুদীপ্ত শইকীয়া আৰু যোগান্তৰ মাধৱ শইকীয়াই বঁটা, মানপত্ৰসহ নগদ ৪ হাজাৰ টকা লাভ কৰে। ৰত্নময়ী ডেকা সোঁৱৰণী বঁটা লাভ কৰে দৰ্শনা পাটোৱাৰীয়ে।চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ডাঃ দীপজ্যোতি কলিতাই অসমৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীসকল উপস্থিত থাকি প্রতিযোগিতাখন সফল কৰি তোলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।