Wednesday, May 21, 2025
22.6 C
Guwahati

চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা, অংকুমান বৰদলৈক গ্ৰেপ্তাৰৰ বিৰুদ্ধে আপ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

■ প্ৰতিবাদী শিল্পীক বিনাচৰ্তে মুক্তিৰ দাবী মনোজ ধানোৱাৰৰ

■’ভৰলুমুখৰ গছ কটাৰ সিদ্ধান্ত প্ৰকৃতিৰ ওপৰত আক্ৰমণ ‘- আপ

গুৱাহাটী, ১৩ নৱেম্বৰ – চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা আৰু অংকুমান বৰদলৈক বিনাচৰ্তে মুক্তিৰ দাবী আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ। আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে আপৰ নেতাগৰাকীয়ে ৰাজ্য চৰকাৰৰ স্বৈৰতান্ত্ৰিক পদক্ষেপৰ বিৰোধিতা কৰি কয়, ” গুৱাহাটী মহানগৰীত উৰণ সেতু নিৰ্মাণৰ নামত চৰকাৰে পাৰিপাৰ্শ্বিকতাৰ ওপৰত আক্ৰমণ চলাইছে। ভৰলুমুখত শত বছৰ গৰকা বহুসংখ্যক গছ কটাৰ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন সংগঠন তথা সচেতন ৰাইজে প্ৰতিবাদ কৰিছে। চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা আৰু জাতীয় যুৱ বাহিনীৰ প্ৰচাৰ সম্পাদক অংকুমান বৰদলৈয়ে ছবি আঁকি প্ৰতিবাদ সাব্যস্ত কৰিছে। পৰিবেশ আৰু প্ৰকৃতিৰ বিৰুদ্ধে চৰকাৰে কৰা অন্যায়ৰ প্ৰতিবাদ কৰিছে শিল্পীয়ে। ৰং- তুলিকাৰে কৰা এই প্ৰতিবাদ গণতান্ত্ৰিক আন্দোলনৰ এটা অংশ। আম আদমী পাৰ্টিয়ে শিল্পী মাৰ্শ্বেল বৰুৱা আৰু অংকুমান বৰদলৈক অবিলম্বে মুক্তি দিবলৈ দাবী জনাইছোঁ। ” প্ৰেছ বিজ্ঞপ্তিটোত আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে কয়, ” চৰকাৰে উন্নয়নৰ নামত গুৱাহাটী মহানগৰীত উৰণ সেতু নিৰ্মাণত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে । জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ পৰিণতি আৰু গোলকীয় উঞ্চতা বৃদ্ধিৰ বিষয়টো মুঠেও গুৰুত্ব সহকাৰে লোৱা নাই। কেইদিনমান পূৰ্বে দীঘলীপুখুৰীৰ গছ কটাৰ বিৰুদ্ধেও প্ৰতিবাদ হৈছিল। জনসাধাৰণৰ স্বতঃস্ফুৰ্ত প্ৰতিবাদৰ পিচত দীঘলীপুখুৰীৰ পাৰৰ গছ কটা বন্ধ হয়। আমি ভৰলুমুখৰ গছ কটাৰ সিদ্ধান্তও প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছোঁ। মহানগৰীৰ পাৰিপাৰ্শ্বিকতা বিনষ্টকাৰী যিকোনো পদক্ষেপ গ্ৰহণৰ পৰা চৰকাৰক বিৰত থাকিবলৈ আহ্বান জনাইছোঁ। “

- Advertisement -

Hot this week

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

Topics

00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Related Articles

Popular Categories

Assam
broken clouds
22 ° C
22 °
22 °
97 %
1.7kmh
60 %
Tue
22 °
Wed
34 °
Thu
31 °
Fri
35 °
Sat
33 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds