31.3 C
Guwahati
Saturday, September 20, 2025
More

    শেহতীয়া আপডেটঃ

    চান্দমাৰীত শৈলেন তালুকদাৰৰ কবিতা সংকলন উন্মোচন

    সমাজ সংস্কাৰৰ বাবে নিৰ্মাণ কৰক কবিয়ে কবিতা: কনক চন্দ্ৰ শৰ্মা
    কবিসকলৰ অন্তৰ বৰ পবিত্ৰ : পৃথিৱী মাঝি

    গুৱাহাটী, ১ মাৰ্চ : আজি ৰাজ্যৰ সম্ভ্ৰান্ত প্ৰকাশন অনুষ্ঠান “পৰাগজ্যোতি প্ৰকাশন”ৰ উদ্যোগত চান্দমাৰীস্থিত “নিৰাময় ভৱন”ত জ্যেষ্ঠ কবি, লেখক শৈলেন তালুকদাৰৰ কবিতা সংকলন “সংগ্ৰাম : জীৱনৰ আন‌ এটা নাম” শুভ উন্মোচন কৰা হয়। সংকলনখনি উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা‌ বিশিষ্ট সাহিত্যিক কনক চন্দ্ৰ শৰ্মাই কয়- সমাজ সংস্কাৰৰ বাবে নিৰ্মাণ কৰক কবিয়ে কবিতা । অসমীয়া কবিতা সাহিত্যৰ ভৰাল বৰ টনকিয়াল। অসমীয়া কবিতাৰ বয়স প্ৰায় ৭০০ বছৰ পুৰণি। আজিৰ প্ৰজন্মৰ কবিৰ কবিতাৰ মাজত আশা ব্যঞ্জক সুৰ দৃশ্যমান হৈ আছে। কবিতা সংকলনৰ জৰিয়তে কাব্য ঋষি নীলমণি ফুকনে জ্ঞানপীঠ বঁটা লাভ কৰিলে। হৃদয়ৰ অনুভূতি, ভাৱ প্ৰকাশ,‌ শব্দ ব্যৱহাৰে এটা সাৰ্থক কবিতা সৃষ্টি হয়।” আকাশবাণী আৰু দূৰদৰ্শনৰ নিয়মীয়া কন্ঠশিল্পী ডিজেন কাকতিয়ে প্ৰসিদ্ধ গীতিকাৰ নগেন বৰা ৰছিত গীত পৰিৱেশনেৰে আৰম্ভ কৰা সভাত মুখ্য অতিথি হিচাপে অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট সাহিত্যিক, অভিধান প্ৰণেতা পৃথিৱী মাঝিয়ে অংশ গ্ৰহণ কৰি কয়- “কবি, সাহিত্যিক, শিল্প সমাজৰ অন্তৰ বৰ পবিত্ৰ। সৰহ ভাগ কবিয়ে সমাজখন ভাল কৰিবৰ বাবে লিখে। সৰলকৈ লিখা‌ কবিতাবোৰে মানুহৰ মনত সাঁচ বহুৱায় ৰাখে।” পৰাগজ্যোতি প্ৰকাশনৰ সচিব, সাংবাদিক, কবি দীপক শৰ্মাই আত ধৰা অনুষ্ঠানত অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি নিশুতি মজুমদাৰ, ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদ, অসমৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক “সাহিত্য কোঁৱৰ” কমল কলিতা, বিশিষ্ট সাহিত্যিক-‌সমাজকৰ্মী ডা: ‌অনন্ত কুমাৰ ভূঞা, নাথ সাহিত্য সভা, অসমৰ সভাপতি ড০ হৰ কুমাৰ নাথে বিশিষ্ট অতিথি হিচাপে অংশ লৈ কবি শৈলেন তালুকদাৰৰ কবি প্ৰতিভা আৰু তেওঁৰ লিখাৰ প্ৰকাশভংগী, সমাজ দায়বদ্ধ গুণৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত মমা গুপ্তাই গোৱালপৰীয়া লোকগীত, ফ্লুৰিণা দেউৰীয়ে দেউৰী গীত পৰিৱেশন কৰা সভাখনিত বিশিষ্ট কবি যোগেশ দাস, মাহেকীয়া সংযোগ আলোচনীৰ সম্পাদক প্ৰশান্ত গগৈ, লেখিকা গীতা দেৱী, শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা, বৃন্দালী দেৱী, ড০ স্বৰ্ণলতা নাথে স্ব-ৰচিত কবিতা পাঠ কৰে। সভাত তিনি কুৰি কবি, সাহিত্য প্ৰেমী ৰাইজে অংশগ্ৰহণ কৰে।

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.