31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    ঘগ্ৰাপাৰৰ বনভাগ জাতীয় বিদ্যালয়ৰ নৱম বাৰ্ষিক অধিবেশন ও প্ৰতিষ্ঠা দিৱসৰ সামৰণি

    ঘগ্ৰাপাৰৰ বনভাগ জাতীয় বিদ্যালয়ৰ নৱম বাৰ্ষিক অধিবেশন ও প্ৰতিষ্ঠা দিৱসৰ সামৰণি

    নতুন শিক্ষা নীতি য়ে জাতীয় বিদ্যালয় ক্ষতি নকৰে–বিনোদ তালুকদাৰ

    নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঘমাৰা গাওঁস্থিত বনভাগ জাতীয় বিদ্যালয়ত ছাত্ৰ একতা সভাৰ নৱম সংখ্যক বাৰ্ষিক সভা ও অধিবেশন কালি আৰু আজি দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ যায়। এই উদ্দেশ্য ছাত্র-ছাত্ৰী সকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে বিভিন্ন খেল-ধেমালি, সংগীত, আধুনিক নৃত্য আদি প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। প্রথম দিনা পুৱা বনভাগ জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি থানেশ্বৰ লহকৰে পতাকা উত্তোলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পাছত বন্তি প্ৰজ্বলন আৰু ছহিদ তৰ্পণ কৰে ক্ৰমে অধ্যক্ষ বিনোদ তালুকদাৰ আৰু উপাধ্যক্ষ হেলিম আহমেদে। দুপৰীয়া খেল-ধেমালি আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। সামৰণিৰ দিনা অৰ্থাৎ আজি পুৱা বৃক্ষৰোপন কাৰ্যসূচী সম্পন্ন কৰে। দিনৰ ১বজাত বিদ্যালয় পৰিচালনা সমিটিৰ সভাপতি থানেশ্বৰ লহকৰৰ সভাপতিত্বত অনুষ্ঠিত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক -শিক্ষকৰ মাজত এক মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠান ত বিদ্যালয় পৰিচালনা সমিতিৰ উপদেষ্টা মুকুন্দ হালৈ, অভিভাৱক দেৱেন লহকৰ, জাকিৰ হুছেইন,গভীৰ আলী, ফাকাৰুদ্দিন আহমেদ, সাংবাদিক দ্বিজেন ডেকা আদিয়ে মত-বিনিময় কৰি শিক্ষাৰ্থীসকলক অধ্যয়ন,পল চৰিত্ৰবান আৰু পক্ষ বিদ্যায়তনিক দিশত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়। অধ্যক্ষ গৰাকী য়ে নিজৰ ভাষণত কয় যে নতুন শিক্ষা নীতি য়ে জাতীয় বিদ্যালয়ত কোনো ধৰণৰ অসুবিধা নকৰে।কেৱল আমি নীতি-নিয়ম পালন কৰিব লাগিব বুলি সদৰী কৰে। কিয়নো এই শিক্ষা-নীতিৰ আধাৰতে জাতীয় বিদ্যালয় প্ৰথমৰ পৰা বলবৎ হৈ আহিছে বুলি মন্তব্য কৰে‌। অনুষ্ঠানটিত কেইগৰাকী ছাত্ৰীয়ে গীত পৰিৱেশন কৰাৰ লগতে উদীয়মান শিল্পী কুসুম পাঠক , জাকিৰ হুছেইন আদিয়ে কালজয়ী গীত পৰিৱেশন কৰি আল্পুত কৰি তোলে। সভাৰ অন্তত ছাত্ৰ ছাত্ৰীৰ মাজত পুৰস্কাৰ বিতৰণ কৰা হয়।

    নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds