নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ ৰৈছে অসমৰ প্ৰতিটো নদ, প্ৰতিখন নদী। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে নজহা- নপমা অনেক কাহিনী বুকুত কঢ়িয়াই ফুৰিছে। তেনে এখন নৈ ‘দিখৌ’ৰ পানীখোৱা ঘাট এটিৰ পৰাই আৰম্ভ হৈছে ড° লীলা গগৈৰ ‘নৈ বৈ যায়’ উপন্যাসখনৰ মূল কাহিনীভাগ। ‘খেতৰে পোৱা’ দামুৰি বিচাৰি গৈ থকা কেন্দ্ৰীয় চৰিত্ৰ ভগীৰথে দিখৌৰ পানীত গা ধুই থকা অৱস্থাত দেখা পাইছে একোছা ভোমোৰাকলীয়া দীঘল চুলিৰে তেপৰ টেঙা যেন গাৰ বৰণৰ সুৱাগীক আৰু প্ৰথম সাক্ষাততেই সুৱাগীৰ ৰূপে ভগীৰথক মোহিনী বাণ মাৰি দিছে।
সেয়া ঊনবিংশ শতিকাৰ কাহিনী। সেই সময়ত অসমীয়া সমাজত প্ৰত্যেকৰে ঘৰত জাকৰুৱা পৰিয়াল। সৰহীয়া মানুহেৰে পথাৰ – ঘৰ সামৰা, তাঁত বোৱা, মুগা পোহা, গৰু-ম’হ চোৱা আদি এশ এবুৰি কামৰ লানি নিছিগা সোঁত৷ ভগীৰথৰ ঘৰখনো বৰদেউতাকৰ পৰিয়ালৰ সৈতে একেলগে থাকে৷ পৰিয়ালৰ সদস্য বেছি, গতিকে বলো বেছি৷ কোনো কামতেই কাৰো ওচৰত হাত পাতিবগৈ নালাগে৷ কিন্তু সময় সদায় একেই নাযায়৷ ওচৰৰে গাঁৱৰ মাজু কানীয়াৰ জীয়েক সুৱাগীক ভগীৰথে নদীৰ ঘাটত জোকাবলৈ ল’লে৷ বিভিন্ন বিহুনামৰ কলি চিঞৰি চিঞৰি গাই ভগীৰথে মনৰ বতৰা সুৱাগীক দিয়া খবৰটো কেইদিনমানৰ ভিতৰতেই গোটেই অঞ্চলটোতেই ৰৌজাল-বৌজাল হৈ পৰিল৷ বৰদেউতাকৰো কাণত পৰাত তেখেত অসন্তুষ্ট হ’ল৷ কানীয়াৰ জীয়েকক বিয়া কৰাবলৈ ঘৰৰ কোনো সন্মত নহয়৷ ভগীৰথৰ মাকে নদীখনৰ আনটো পাৰৰ গাঁৱৰ লাহনৰ জীয়েক নাদুকীক বোৱাৰী কৰি আনিবলৈ বিয়াৰ দিন-বাৰ ঠিক কৰিলে৷ কিন্তু বিয়াৰ কেইদিনমানৰ আগতে নাদুকীৰ পিতাকৰ মৃত্যু হোৱাৰ ফলত বিয়াখন নহ’লগৈ৷ এই চেগতেই ভগীৰথে বিহুতলীৰ পৰা সুৱাগীক পলুৱাই আনে৷ সেই খঙতেই বৰদেউতাকহঁতে মূল ঘৰখন এৰি আন বেলেগত ঘৰ কৰি থকাৰ ব্যৱস্থা কৰে৷ তাৰ কেইমাহমানৰ পাছতেই সাতোলাই নেৰা-নেপেৰাকৈ লাগি লোকনিন্দাৰ অচিলাৰে নাদুকীকো ভগীৰথৰ হাতত গতাই দিয়ে৷ মাক, দুগৰাকী পত্নী, লাচনি – পাচনি কৰি দিয়াকৈ থকা মলখুৰে সৈতে ভগীৰথৰ সংসাৰ চলি থাকিল৷ কেইবছৰমানৰ পাছত সুৱাগীৰ কোলা শুৱনি কৰি সন্তান আহিল যদিও নাদুকীয়ে মাতৃত্বৰ সোৱাদ নাপালে৷ সৰু সৰু কথাবোৰতেই দন্দ-খৰিয়াল কৰি থকা হ’ল, কাম – বন একো নকৰা হ’ল, লাহে লাহে নাদুকীয়ে মানসিক ভাৰসাম্য হেৰুৱাই পেলায়৷ আনপিনে সুৱাগীৰ ল’ৰা-ছোৱালীহঁত ডাঙৰ হ’ল, আধুনিকতাৰ বতাহ বলিল আৰু এসময়ত ভগীৰথ-সুৱাগীক অকলশৰীয়া কৰি পুতেকহঁত নিজৰ জীৱনক লৈ ব্যস্ত হ’ল৷
উল্লেখিত ধৰণে উপন্যাসখনৰ কাহিনীভাগ ইমান সহজকৈ লেখকে এৰি থৈ যোৱা নাই৷ পুৰণি অসমখনৰ সমাজ জীৱনৰ সকলো বৰ্ণনা নিখুঁতকৈ লিখি থৈ গৈছে উপন্যাসখনত৷ পূৱে ধলফাঁট নিদিওতেই শোৱাপাটী এৰা, বাহীবন কৰা, পথাৰলৈ হাল লৈ যোৱা , বনৰীয়া হাতী ধৰি আনি পোহ মনোৱা, খেৰ কাটিবলৈ চাপৰিলৈ যোৱা, নিজে চোমনিত মুগা পুহি; সূতা কাটি; তাঁতত ব’ই কাপোৰ কাটি উলিওৱা — এখন স্বাৱলম্বী অসমীয়া সমাজৰ স্পষ্ট ছবি চকুৰ আগত ভাঁহি উঠে উপন্যাসখন পঢ়ি গ’লে৷
যুগে যুগে হৈ অহা সামাজিক পৰিৱৰ্তনৰ এখন বাস্তৱ চিত্ৰ উদাহৰণসহ সুন্দৰকৈ ফুটাই তুলিছে উপন্যাসখনত৷ আহোম ৰাজত্বৰ পাছত মানৰ আক্ৰমণৰ সময়ত বহুতেই ঘৰ-মাটি হেৰুৱালে৷ তাৰ পাছত বৃটিছ আহি নতুন কৰ-কাটলৰ ব্যৱস্থা কৰিলে৷ গহনা বন্ধকত ৰাখি মাটিৰ খাজনা দিবলগীয়া পৰিস্থিতি হ’ল৷ ইংৰাজে লৈ অহা শিক্ষানীতি অনুসৰি ছাত্ৰসকলে পঢ়িবলৈ ল’লে৷ আগৰ নিজহাতে সকলো কাম বন কৰি খোৱা মানুহবোৰ বজাৰৰ সস্তীয়া বস্তুৰ মোহত পৰি কাম কৰিবলৈ মন নকৰা হ’ল৷ যৌথ পৰিয়ালৰ পৰা একক পৰিয়াললৈ সংকুচিত হ’ল পৰিয়ালবোৰ৷ ক্ৰমে আধুনিক জীৱনশৈলীত খাপ খাই পৰিল পুৰণি, কামত ব্যস্ত অসমীয়াসকল৷ সমাজ জীৱনৰ পৰিৱৰ্তনৰ ধাৰাটি প্ৰৱাহমানৰূপত মূৰ্ত হৈ উঠিছে পাঠকৰ সন্মুখত৷
উপন্যাসখনত বিহুনাম, বিয়ানাম, ভেকুলী বিয়াৰ গীত, বিভিন্ন লোককথা, লোকবিশ্বাস, জনশ্ৰুতি, বেজৰ জৰা-ফুকা আদি চহা অসমীয়া জীৱনৰ সৈতে সংপৃক্ত হৈ থকা সকলো ৰীতি-নীতি, নিয়ম- কানুনৰ সুন্দৰকৈ বৰ্ণনা আছে৷
অশিক্ষিত, হোজা মানুহৰ গাঁৱলীয়া জীৱন-প্ৰণালী তুলি ধৰিবলৈ যাওতে ঔপন্যাসিকে কল্পনাৰ জাল গঁথাৰ সলনি বাস্তৱ অভিজ্ঞতাৰে অভিজ্ঞ মানুহৰ চকুৰে নিজেও চাইছে আৰু পাঠককো দেখুৱাইছে৷ কোনোটো ঘটনাই অতিৰঞ্জিত নহয় বা কোনোটো চৰিত্ৰই অবাস্তৱ নহয়৷
ড° লীলা গগৈৰ বহুপঠিত উপন্যাস ‘নৈ বৈ যায়’ৰ পঠনে পাঠকক অনাবিল আনন্দ দিয়াৰ উপৰি প্ৰকৃতিক নতুনকৈ যেন উন্মোচিত কৰিছে আধুনিক জগতৰ সন্মুখত৷ গগৈদেৱৰ এই কিতাপখন অসমীয়া সমাজলৈ এক অনবদ্য উপহাৰ৷ আপুৰুগীয়া সম্পদ কিছুমানক সামৰি ৰখা এই উপন্যাসখনক অসমীয়া পাঠকে চিৰকাল আদৰি ৰাখিব৷ কিতাপখনৰ মূল্য ২৫০ টকা আৰু প্ৰকাশক ‘বনলতা’।