31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    গুৱাহাটী প্ৰেছ ক্লাবত কণ্ঠশিল্পী ডলী তালুকদাৰ কন্ঠত ‘পল… পল THE MOMENT’ শীর্ষক আধুনিক গীত মুকলি

    গুৱাহাটী প্ৰেছ ক্লাবত বুধবাৰে কণ্ঠশিল্পী ডলী তালুকদাৰৰ কণ্ঠত ‘পল… পল THE MOMENT’ শীর্ষক এটা আধুনিক গীতৰ অডিঅ’/ভিডিঅ’ মুকলি কৰা হয়। বিশিষ্ট চিকিৎসক, সাংস্কৃতিককর্মী, সুগায়ক, ডাঃ অঞ্জনজোতি চৌধুৰীয়ে গীতটো মুকলি কৰি কন্ঠশিল্পী ডলী তালুকদাৰৰ ভূয়সী প্রশংসা কৰে। লগতে এই গীতটোরে শ্রোতা দৰ্শকৰ বিশেষ সমাদৰ লাভ কৰিব বুলি আশা প্রকাশ কৰে। গীতটোত ডলী তালুকদাৰে কণ্ঠ দিয়াৰ লগতে সুৰ দিয়ে আৰু গীতৰ ভিডিঅ’ত অভিনয়ো কৰে। গীতটি সংগীতৰে সজাইছে ৰমেশ হাজৰিকাই আৰু ভিডিঅ’টিত সহ অভিনয় কৰিছে অভিনেতা ব্রজেন ভাইকণে। মুকলি অনুষ্ঠানটোত ডাঃ বেদব্রত পাঠক, মৌচম বৰা, সীতাৰাণী হাজৰিকা, আৰ জে সুজিতা, প্ৰণৱ কুমাৰ বৰ্মন বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। লগতে অনুষ্ঠানটোত কন্ঠশিল্পী ডলী তালুকদাৰৰ লগতে উপস্থিত থকা সকলোৱে প্রয়াত গণশিল্পী ৰাজীব শদিয়ালৈ শ্রদ্ধাঞ্জলী নিবেদন কৰে।

    গীতটোৰ আঁৰৰ কথা উল্লেখ কৰি কণ্ঠশিল্পী ডলী তালুকদাৰে কয়-
    ‘পল… পল THE MOMENT’
    গীতটি মোৰ সংগীত যাত্ৰাৰ বিৰতিৰ পিছৰ নতুন যাত্রা। মোৰ প্ৰথম গীতৰ এলবাম ‘প্রথম পৰিচয়’ৰ পিছত সুৰ, কথা আৰু সংগীত পৰিচালনাৰে এইটো নতুন গীত। যিটো মোৰ সপোন, হেপাঁহ আৰু আশা মনত আছিল তাক বাস্তব কৰাৰ চেষ্টা মাথো। কবি প্রণব কুমাৰ বৰ্মনৰ কবিতা সদায়ে মোৰ প্ৰিয়। সেয়েহে তেওঁ লিখা গীত এটি গোৱাৰ মোৰ সপোন আছিল। লগতে আছিল নিজে সুৰ কৰি কণ্ঠ নিগৰোৱাৰ হেঁপাহ আছিল। মোৰ এই সংগীত যাত্রাত তিনিওটি সপোন পূৰ্ণ হোৱাৰ পথত আগবঢ়াৰ বাবে ঈশ্বৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। লগতে মোৰ স্বামী ডাঃ ৰঞ্জন কুমাৰ দাসৰ সহযোগিতা আৰু বহুতো শুভকাংক্ষীৰ শুভেচ্ছা আৰু উৎসাহৰ বাবে মোৰ এই যাত্ৰা পুনৰ আগবঢ়াত উজু হৈছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds