31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    গুৱাহাটীৰ পৰা উমৰাংছ’লৈ ৰাওনা প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ ৩৫ জনীয়া উদ্ধাৰকাৰী দল

    আজাৰাঃ ডিমা হাছাও জিলাৰ উমৰাংছ’ৰ তিনি কিলো নামৰ ঠাইত দুদিন ধৰি কয়লা খনিত আবদ্ধ হৈ থকা শ্ৰমিক সকলক উদ্ধাৰৰ বাবে চলোৱা অভিযানৰ বাবে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাঁওস্থিত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ (এন ডি আৰ এফ) প্ৰথম বেটেলিয়ানৰ মুখ্য কাৰ্যালয়ৰ পৰা ৩৫ জনীয়া এটা উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত দল কালিয়ে ৰাওনা হৈছে।

    আনকি কালি নিশা গৈ তিনি কিলোত উপস্থিত হোৱা দলটোৱে আজি পুৱাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ অধিনায়ক এইছ পি এছ কাণ্ডাৰীৰ তত্বাবধানত আৰম্ভ হোৱা উদ্ধাৰ অভিযানত উদ্ধাৰকাৰী দলটোৱে কয়লা খনিৰ ভিতৰত আবদ্ধ হৈ থকা ১১ জন শ্ৰমিকৰ সৈতে সংযোগ ৰক্ষা কৰিবলৈ সক্ষম হৈছে। অভিযানত অসম ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ ফালৰ পৰাও সহযোগিতা আগবঢ়োৱা হৈছে। অধিনায়ক কাণ্ডাৰীয়ে উদ্ধাৰ আৰু সাহায্য অভিযানৰ নিৰন্তৰ পৰ্যবেক্ষণ কৰি আছে বুলি বাহিনীটোৰ জনসম্পৰ্কৰক্ষী বিষয়াই সদৰি কৰিছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds