অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখাৰ দ্বিবাৰ্ষিক অধিবেশনখন পাঁচ জানুৱাৰীৰ দিনা মুম্বাইৰ নবি মুম্বাই শ্বাচীস্থিত অসম ভৱনত অনুষ্ঠিত হৈ যায়৷ সভাৰ পতকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰাক্তন সভাপতি ৰুমা হাজৰিকাই। বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নৱ নিৰ্বাচিত সভাপতি হিৰণ ভূঞাই। সম্পাদক দীক্ষা পাঠক খাটনিয়াৰে মুম্বাই শাখাৰ আজীৱন সদস্যৰ যিসকলৰ মৃত্যু হৈছে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পাছত বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয়। আনহাতে সভাত ৰূপলেখা বৰদলৈ, মৌচুমী দাস, প্ৰণামিকা দাস আৰু নিভা হাজৰিকাই পৰিৱেশন কৰা চিৰচেনেহী মোৰ ভাষা জননী গীতেৰে শুভাৰম্ভ হোৱা সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত আছিল অসম গৌৰৱ ৰাজ্যিক আৰু আন্তৰ্জাতিক চলচিত্ৰ বঁটা বিজয়ী দেৱজিৎ চাংমাই। চমু ভাষণত দেৱজিৎ চাংমায়ে মুম্বাই স্বৰ্ণ শাখাই মুম্বাইত বাস কৰা অসমীয়া লোকসকলক একতাৰ দোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হোৱা কথাটোৰ শলাগ লয়। সভাত শিল্পী গৰাকীৰ সহধৰ্মিনী বৰ্ণালী চাংমায়ো চমু ভাষণত স্বৰ্ণ শাখাৰ উজ্বল ভবিষ্যত কামনা কৰে। সভাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ নৱ নিৰ্বাচিত উপ সভাপতি পদুম ৰাজখোৱাই প্ৰেৰণ কৰা শুভেচ্ছা বাণী পাঠ কৰি দিয়া হয়। একেদৰে সভাত স্বৰ্ণ শাখাৰ প্ৰতিষ্ঠাপক সভাপতি সুৰাইয়া জাহান, প্ৰাক্তন ভাৰপ্ৰাপ্ত সম্পাদক তথা অসম এছোচিয়েচন মুম্বাইৰ সম্পাদক দেৱব্ৰত চক্ৰৱৰ্তী, নৱ নিৰ্বাচিত আলোচনী সম্পাদক ইলোৰা ভাগৱতীৰ শুভেচ্ছা বাণীকেইটাও পাঠ কৰে সভাপতি হিৰণ ভূঞাই। সভাত পুৰণি সমিতিখন ভংগ কৰি আগন্তুক কাৰ্যকালৰ বাবে এখন নতুন কমিটী গঠন কৰা হয়। সেই অনুসৰি আগন্তুক ২০২৫ – ২০২৭ কাৰ্যকালৰ বাবে হিৰণ ভূঞাক সভাপতি, ডঃ মাধুৰী ফুকন কলিতাক উপ সভাপতি, দীক্ষা পাঠক খাটনিয়াৰক সম্পাদক, মৌচুমী দাসক সহকাৰী সম্পাদক, উজ্বল দিপ্লু গগৈক কোষাধ্যক্ষ, কৰবী আচাৰ্যক সাংস্কৃতিক সম্পাদক, ৰূপলেখা বৰদলৈক সহকাৰী সাংস্কৃতিক সম্পাদক, গীতাঞ্জলি বৰ্মন ডেকাক প্ৰচাৰ সম্পাদক আৰু ইলোৰা ভাগৱতীক আলোচনী সম্পাদক হিচাপে লৈ অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখাৰ নতুন কাৰ্য্যকৰী কমিটীখন গঠন কৰা হয়৷ আনহাতে সভাত সদানন্দ গগৈ, অজিত হাজৰিকা, দীক্ষা পাঠক খাটনিয়াৰ আৰু কৰবী আচাৰ্যই স্ব-ৰচিত কবিতা পাঠ কৰে৷ গীত পৰিৱেশন কৰে ক্ৰমে- মৌচুমী দাস, ৰূপলেখা বৰদলৈ আৰু মৃদুল শইকীয়াই। সভাত নিভা হাজৰিকাই এটি প্ৰাৰ্থনা পৰিৱেশন কৰে। সভাত পবিত্ৰা বৰঘৰীয়াৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থখন উন্মোচন কৰে দেৱজিৎ চাংমাই। আজীৱন সদস্য তথা অসম এছোচিয়েচন মুম্বাইৰ সহকাৰী সম্পাদক বিষ্ণু প্ৰসাদ ৰাভাৰ বাঁহীৰ সুৰত জাতীয় সংগীতেৰে সামৰণি পৰা সভাখন পৰিচালনা কৰিছিল সাংস্কৃতিক সম্পাদক কৰবী আচাৰ্যই৷
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
- JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
- FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]




